শীঘ্ৰেই ছবিগৃহলৈ আহি আছে 'চিলনী চোৰ' - Assamese movie Chiloni Chor
Movie Chiloni Chor: কমেডি, একশ্যন আৰু কিছু বাস্তৱধৰ্মী কথাৰে শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'চিলনী চোৰ। চলিত মাহৰ 30 তাৰিখে মুক্তিৰ বাবে সাজু হৈছে ছবিখন ।

By ETV Bharat Entertainment Team
Published : August 5, 2024 at 5:12 PM IST
গুৱাহাটী, 5 আগষ্ট : চলিত মাহৰ শেষৰ ভাগত মুক্তি পাব এখন নতুন অসমীয়া বোলছবিয়ে ৷ প্ৰায় প্ৰতিটো সপ্তাহতে নতুবা প্ৰতিটো মাহতে মুক্তি পাবলৈ লৈছে একোখনকৈ নতুন অসমীয়া ছবিয়ে ৷ উদ্যোগটোৰ বাবে ই নিশ্চয়কৈ এটা ভাল খবৰ ৷
শেহতীয়াকৈ আন এখন অসমীয়া ছবিৰ মুক্তিৰ খবৰ আমাৰ হাতত আহি পৰিছে । চলিত মাহৰ 30 তাৰিখে মুক্তিৰ বাবে সাজু হৈ উঠিছে ছবিখন ৷ অসমীয়া বোলছবিখনৰ নাম ‘চিলনী চোৰ’। কিছুমান বাস্তৱধৰ্মী কথাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰণৱ জ্যোতি ভৰালীৰ ৷ ছবিখনৰ প্ৰযোজনা পৰেশ বৰাৰ । বুকুত হাজাৰ সপোন লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা গুৱাহাটীলৈ মহানগৰীলৈ আহে একাংশ যুৱক-যুৱতী । নিজৰ সপোন সাৰ্থক কৰিবলৈ আহি মহানগৰৰ বাসিন্দা হোৱাৰ নিৰন্তৰ প্ৰয়াস কৰে যদিও বহুসময়ত তেওঁলোক সন্মুখীন হ'বলগীয়া হয় বিভিন্ন ধৰণৰ সমস্যাৰ । তাৰে ভিতৰত এটা প্ৰধান সমস্যা হৈছে আৰ্থিক নাটনি । এনে কিছুমান বাস্তৱধৰ্মী কথাৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে আগন্তুক ছবি 'চিলনী চোৰ'।
কমেডি আৰু একশ্যনৰ সমাহাৰেৰে নিৰ্মিত এই নতুন অসমীয়া ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ ডাঃ নয়নজ্যাতি তালুকদাৰৰ । আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰফুল্ল ৰাভাই আৰু সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহিৰ ভৈৰৱে । ছবিখনৰ মুখ্য-সহকাৰী পৰিচালনাৰ দায়িত্বত আছে ভৱেশ নাথ আৰু সহকাৰী পৰিচালক হিচাবে আছে পুলক শিৱম । একশ্যন পৰিচালনা কৰিছে প্ৰণৱ মেধিয়ে ।
ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া, জুলেন ভূঞা, নীলাক্ষী দেৱী, চাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকন দে, জ্যোতিষ্মান শৰ্মা, মিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ ভূঞা, অনুপম শইকীয়া আদিকে ধৰি ন-পুৰণি বহু অভিনেতা-অভিনেত্ৰীয়ে । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালকৰ লগতে কলা-কুশলীসকল ।
লগতে পঢ়ক : কান্ধত গদা লৈ শীঘ্ৰে আহি আছে হনুমেন - Jay Hanumen

