আচল নগেনক বিচাৰি এখন গাঁৱত লাগিছে হাহাকাৰ !
নগেনক আপুনিও বিচাৰি আছে নেকি ! তেন্তে অপেক্ষা কৰক । অহা ৯ মে' ত ছবিগৃহলৈ আহি আছে ‘কেচটো নগেন’।

By ETV Bharat Entertainment Team
Published : March 17, 2025 at 5:15 PM IST
গুৱাহাটী: কচুবাৰী গাঁৱত এতিয়া নগেনক বিচাৰি হাহাকাৰ লাগিছে । প্ৰকৃত নগেনক বিচাৰি এতিয়া সকলোৱে হাবাথুৰি খাইছে গাঁওখনত । এজন দুজন নহয় গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজন মানুহৰে নাম নগেন । তাৰ মাজতে প্ৰকৃত নগেন কোন সেয়া যদি আপুনিও জানিব বিচাৰিছে তেনে অহা ৯ মে'ত আপুনি যাব লাগিব আপোনাৰ ঘৰৰ ওচৰৰ ছবিগৃহলৈ ।
শেহতীয়াকৈ মুক্তিলাভ কৰিছে আহিবলগীয়া নতুন অসমীয়া ছবি কেচটো নগেনৰ টিজাৰ । সামাজিক মাধ্যমযোগে মুক্তি লাভ কৰা টিজাৰটোৱে ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । পজিটিভ ৰিভিউৰ লগতে কিছু কিছু নিগেটিভ ৰিভিউৱো পিছে দেখিবলৈ পোৱা গৈছে ৷ ‘কেচটো নগেন’ ছবিখন চলিত ২০২৫ বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ৷
ট্ৰেডিঙৰ জৰিয়তে বিত্তীয় কেলেংকাৰীৰ ঘটনা আমি প্ৰায় শুনিয়ে থাকো । এনেকুৱা এটা বিত্তীয় কেলেংকাৰীৰ কাহিনীৰ ওপৰতে ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ পৰিচালকে জনোৱা অনুসৰি ৰাজ্যত ট্ৰেডিঙক লৈ বিত্তীয় কেলেংকাৰী আৰম্ভ নৌহওতেই এই ছবিখনৰ শ্বুটিং কৰা হৈছিল ।
সমাজত চলি থকা কেলেংকাৰীৰ কথা ছবিৰ মাধ্যমেৰে দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছে পৰিচালকে ৷ ই নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ ৷ জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা একাংশৰ কাহিনীৰে নির্মাণ কৰা হৈছে এই ছবিখন । ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ ।
চানডুবিৰ জৰাংখুৰিয়া গাঁৱত কৰা হৈছে ছবিখনৰ দৃশগ্ৰহণ । আনহাতে RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পুৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।
লগতে পঢ়ক : পিছুৱাই দিয়া হৈছে কেচটো নগেনৰ মুক্তিৰ তাৰিখ

