ETV Bharat / entertainment

দেশৰ চাৰিসীমা পাৰ হৈ "ভাইমন দা" ওলাইছে বিদেশলৈ - NEW ASSAMESE MOVIE BHAIMON DA

তৃতীয় সপ্তাহৰ বাবে ছবিগৃহত সগৌৰৱেৰে চলিছে "ভাইমন দা" ৷ শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মুক্তিদিয়া হ'ব ছবিখন ।

new assamese movie bhaimon da enters successfully in its third week makers plan to release internationally
ভাইমন দাৰ ৰূপত বনদীপ শৰ্মা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 7, 2025 at 11:31 AM IST

3 Min Read

গুৱাহাটী: অসমীয়া ছবি জগতৰ এক সম্ভ্ৰান্ত নাম মুনিন বৰুৱা ৷ বহুজনৰ বাবে তেখেত "ভাইমন দা" ৷ অসমীয়া ছবিৰ দুৰ্দিনৰ সময়ত "অসমত অসমীয়া চিনেমাই চলাই দেখুৱাম" বুলি একপ্ৰকাৰ হুংকাৰ দিয়া মুনিন বৰুৱাই তেতিয়াৰ দিনত যেনেদৰে আকৰ্ষণ কৰিছিল দৰ্শকক, সেইদিন যেন পুনৰ উভতাই আনিছে অসমীয়া ছবি "ভাইমন দা" ই !

সেই সময়ৰ মহীৰূহগৰাকীৰ আৱেগৰ টান এতিয়াও ব্ৰতী হৈ আছে অসমীয়া দৰ্শকৰ মাজত ৷ তাৰে প্ৰমাণ “ভাইমন দা”। সংগীত শিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনত খোজ দিয়া ভাইমন দাই পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণেৰে অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।

বিগত ২৩ মে’ ত মুক্তিলাভ কৰা অসমীয়া ছবি “ভাইমন দা” ই এতিয়া ভৰি দিলে তৃতীয় সপ্তাহত । ছবিখন মুক্তিৰ দিনৰ পৰা এই পৰ্যন্ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে চলি আছে ৷ সমান্তৰালকৈ বহিঃৰাজ্যতো দর্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।

“ভাইমন দা” উপভোগ কৰিবলৈ ছবিগৃহত ভিৰ কৰিছেহি দর্শকে । মুক্তিৰ দিন ধৰি এই পৰ্যন্ত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে হাউছফুল হৈছে প্ৰতিটো দৰ্শনী । এককথাত ক’বলৈ গ'লে তাহানিৰ দিনত মুনিন বৰুৱাই ঘূৰাই অনা অসমীয়া ছবি জগতৰ সোণালী ক্ষণক পুনৰ ২৫ বছৰ পিছত ঘূৰাই আনিছে "ভাইমন দা" ছবিখনে ।

ইফালে ছবিখনৰ নিৰ্মিতাগোষ্ঠীয়ে জনোৱা অনুসৰি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মুক্তি দিয়া হ'ব ছবিখন । সম্ভৱত অহা ২১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি দিয়া হ'ব ছবিখন । উল্লেখ্য যে, জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে শ্যামন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । লগতে অন্যান্য চৰিত্ৰসমূহত আছে য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম ,অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম হাজৰিকা, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩৬o ৰো অধিক শিল্পী ৷

উল্লেখ্য যে, ভাইমন দাৰ সফলতাক সন্মান জনাই পিছুৱাই দিয়া হৈছে ৬ জুনত মুক্তি পাবলগীয়া ৰবি শৰ্মাৰ নতুন অসমীয়া ছবি “ৰুদ্ৰ”ৰ মুক্তিৰ তাৰিখ । ভাইমন দা ছবিখন আৰু কিছুদিনৰ বাবে ছবিগৃহত বেছি প্ৰদৰ্শনীৰে চলক-তাৰেই কামনাৰে ২৭ জুনলৈ পিছুৱাই দিয়া হৈছে “ৰুদ্ৰ” ৰ মুক্তিৰ দিন ।

লগতে পঢ়ক : ইয়াকেই কয় যোগাত্মক প্ৰতিযোগিতা ! ৬ জুনত 'ৰুদ্ৰ' নাহে আপোনাৰ কাষলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.