সাহসী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে আহি আছে ৱাইড এংগল
New Assamese film: ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত, এগৰাকী সাহসী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে ২২ মাৰ্চত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'ৱাইড এংগল'।

Published : March 12, 2024 at 7:26 PM IST
গুৱাহাটী, ১২ মাৰ্চ: অসমীয়া ছবিজগতলৈ যেন পুনৰ ভাল দিন উভতি আহিছে ৷ কাৰণ ইখনৰ পিচত সিখনকৈ ন ন ছবি ছবিগৃহত মুক্তি পাইছে ৷ কেৱল মুক্তি পোৱাই নহয়, বহুকেইখন ছবি উপাৰ্জনৰ দিশতো সফল হৈছে ৷ এতিয়া শীঘ্ৰেই ছবিগৃহলৈ আহি আছে আন এখন নতুন ছবি ৷ ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ নাম ‘ৱাইড এংগল’।
‘ৱাইড এংগল’ৰ কাহিনী কি ?
ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত এগৰাকী সাহসী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন ৷ অহা ২২ মাৰ্চত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ‘ৱাইড এংগল’ ।
চলচ্চিত্ৰখনৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান । সাংবাদিকতাক পটভূমি হিচাপে লৈ নিৰ্মিত এই চিনেমাখনৰ লগত সংগতি ৰাখি ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ তথা 'ৱাইড এংগল'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ একাংশ প্ৰবীণ সাংবাদিক আৰু ফটো সাংবাদিকক সম্বর্ধনা জনোৱা হয় । সম্বর্ধনা জনোৱা হয় প্ৰবীণ সাংবাদিক কনকসেন ডেকা, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন, প্ৰবীণ সাংবাদিক ৰূপম বৰুৱা, তপন দাস, ধনীৰাম কলিতা আৰু ৰাজীৱ ভট্টাচার্যক ।
ইফালে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে । আনহাতে ছবিখনৰ এটি গুৰুত্বপূর্ণ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে । লগতে ছবিখনত অভিনয় কৰিছে জগন্নাথ অগ্নি বৰা, পুষ্পাঞ্জলি শইকীয়া, চবিনা ইয়াছমিন, তৰুণ পৰীক্ষিত বৰুৱা, মানস বৰঠাকুৰ, দিগন্ত হাজৰিকা, আচিকুৰ ৰহমান, লক্ষ্যজিৎ শইকীয়া, অংকুৰ গগৈ, মনদীপ বৰা, দেৱাংগ প্রিয়ম দত্ত, ঋতুৰাজ গগৈ, ৰীতামণি শইকীয়া, অপূর্ব দত্ত, বুধিন শইকীয়া, প্ৰীতমজ্যোতি শইকীয়া, জিতু নেওগ, প্ৰিয়া বৰা, পূজাৰাণী দাস, প্রাচুর্য ঠাকুৰীয়াকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে দেৱজ্যোতি বৰাই ৷ আনহাতে ড৹ নগেন শইকীয়াৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জয়ন্ত নাথে । ছবিখনত কণ্ঠদান কৰিছে জুবিন গার্গ, জয়ন্ত নাথ, গায়ত্ৰী হাজৰিকাই ।

