গুৱাহাটী : মাজত মাত্ৰ আৰু কেইটামান দিন । ২১ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহি আছে চলিত মাহৰ প্ৰথমখন অসমীয়া ছবি ‘‘দ্য মিৰাজ, অবাস্তৱ সংগ্ৰামৰ সাৰাংশ ।’’ শেহতীয়াকৈ সমাজিক মাধ্যমযোগে মুক্তিলাভ কৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ট্ৰেইলাৰ ।
ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি, ছবিখনৰ কাহিনীভাগ সত্য ঘটনাৰ ওপৰত আধাৰত প্ৰস্তুত কৰা হৈছে । ছবিখনৰ জৰিয়তে নিৰ্মাতাগোষ্ঠীয়ে যুৱপ্ৰজন্মৰ একাংশৰ মনত উদয় হোৱা স্বাধীনতাৰ স্বপ্নৰ সংজ্ঞা উপস্থাপন কৰিছে ।
নিজৰ অসমী আইক লৈ থকা অপাৰ শ্ৰদ্ধাৰ ফলত যেতিয়া একাংশ যুৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে কিছুমান নল'বলগীয়া পথেৰে খোজ দিয়ে তেতিয়া কি পৰিস্থিতিৰ সন্মুখীন হোৱা যায়, তাৰে আধাৰত নিৰ্মাণ কৰা হৈছে "দ্য মিৰাজ" । ছবিখনৰ পৰিচালনা বিকাশ মোছাহাৰীৰ ।
ডিমা হাচাওৰ কেপিল' গাঁও, গড়ভাঙা ৰিজাৰ্ভ চেণ্টাৰকে আদি কৰি গুৱাহাটীৰ আন বিভিন্ন ভিতৰুৱা অঞ্চলত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ইন্দ্ৰধনু ক্ৰিয়েচনৰ বেনাৰত অনামিকা বৰুৱাৰ প্ৰযোজনাৰে নিৰ্মিত "দ্য মিৰাজ"ৰ চিত্ৰনাট্য বিকাশ আৰু ৰাজকিশোৰৰ ।
ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, নৱজিৎ কোঁৱৰ, অভিজিৎ চুতীয়া, প্ৰশান্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, জলী লস্কৰ, প্ৰিয়ংকা পঞ্চী দাস, ইষান হাজৰিকা, জিণ্টু কুমাৰ কাশ্যপ, অংকিতা বৰুৱা, জিণ্টু কলিতা, ৰবীন হালৈ, জ' মাচ', অনন্ত বৰা, ৰিপম ভৰদ্বাজ, ধ্ৰুৱ পল দত্ত আৰু হিমাংশু শৰ্মা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ছবিখনৰ আৱহ সংগীত কৰিছে মনদ্বীপ মহন্তই । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ বাবে এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।