বহুবছৰ অপেক্ষাৰ অন্তত পুনৰ ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব অভিনেতা কপিল বৰাক
কপিল বৰা-উৰ্মিলা মহন্তৰ যুটীৰে শীঘ্ৰে আহি আছে ‘সূৰ্য্যমুখী’ । ৰোমাণ্টিক থ্ৰীলাৰ কাহিনীৰে নিৰ্মাণ হ’বলগীয়া ছবিখনৰ পৰিচালনা অন্তৰা জি জি চৌধুৰীৰ ।

By ETV Bharat Entertainment Team
Published : October 28, 2024 at 11:48 AM IST
|Updated : October 28, 2024 at 2:02 PM IST
গুৱাহাটী : শীঘ্ৰেই আহি আছে আৰু এখন নতুন ৰোমাণ্টিক থ্ৰীলাৰ অসমীয়া ছবি ‘সূৰ্য্যমুখী’ । প্ৰয়াত গীতিকাৰ তথা গল্পকাৰ ড° বিৰিঞ্চি কুমাৰ মেধিৰ গল্প ‘‘অনুপম অনুকল্প’’ৰ আধাৰত দিব্য চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তিলোত্তমা বৰুৱাৰ আৰু পৰিচালনা কৰিব অন্তৰা জি জি চৌধুৰীয়ে । শেহতীয়াকৈ মহানগৰীৰ জ্যোতিচিত্ৰবনত ছবিখনৰ শুভ মহুৰত অনুষ্ঠান সম্পন্ন কৰা হয় ।
ইফালে সদ্যমুক্তি প্ৰাপ্ত অসমীয়া ছবি ‘চিকাৰ’ৰ পাছত পুনৰ এবাৰ ‘সূৰ্য্যমুখী’ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী উৰ্মিলা মহন্তক ৷ ইয়াৰ লগতে বহু বছৰৰ অন্তত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব অভিনেতা কপিল বৰাক ।

অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিব ক্ৰমে সাগৰ নীল, কুল কুলদীপ, তিলোত্তমা বৰুৱা, বিদ্যা ভাৰতী, প্ৰীতি খাউণ্ড, ৰিয়ান হাজৰিকা, ভাস্কৰ ৰঞ্জন, ৰফিকুল ইছলাম, অনয়ন বৰা, হৰপল শইকীয়া, অয়নজিৎ দেৱ শৰ্মা, আৰুণিক চৌধুৰী, কৃষ্ণ নাৰায়ণ দত্ত আৰু পৰিস্মিতা দত্তই । অতিথি শিল্পীৰূপে থাকিব ক্ৰমে অৰুণ নাথ, বাহাৰুল ইছলাম আৰু কাশ্মিৰী শইকীয়া ।


ছবিখনত সন্নিৱিষ্ট তিনিটা গীতৰ কথা ৰচনা কৰিছে ক্ৰমে তিলোত্তমা বৰুৱা আৰু মৈত্ৰেয়ী পাটৰে । গীত কেইটাত সুৰ দিছে ক্ৰমে জনঞ্জয় শইকীয়া, তিলোত্তমা বৰুৱা আৰু সান্নিধ্য ভূঞাই । কণ্ঠদান কৰিব জুবিন গাৰ্গ, জনঞ্জয় শইকীয়া, সান্নিধ্য ভূঞা, তিলোত্তমা বৰুৱা আৰু মিতালী দেয়ে । ‘সূৰ্য্যমুখী’ ছবিখনৰ সহকাৰী পৰিচালনা কৰিব ইন্দ্ৰ মোহন দাস আৰু ডলী দাসে, সম্পাদনা কৰিব ৰমেন বৰাই ।

সাজসজ্জাৰ দায়িত্বত আছে পূৰ্বানী গোস্বামী, ব্যৱস্থাপনাত আছে ভাস্কৰ নাথ । কলা নিৰ্দেশনাত পল্লৱ দাস আৰু সহকাৰী কিনচু বৰুৱা । ৰূপসজ্জাৰ দায়িত্বত আছে আকাশ গগৈ, কৃষ্ণ নাৰায়ণ দত্ত বৰুৱা, অনিৰুদ্ধ বৰুৱা আৰু ধীৰ কাশ্যপ । মাৰ্কেটিং প্ৰিয়ংকা বৰুৱাৰ । আহিবলগীয়া এই ছবিখনৰ বাবে আশাবাদী হৈ আছে ছবিখনৰ সমূহ কলা-কুশলী তথা পৰিচালক ।
লগতে পঢ়ক : ৰোমাণ্টিক গান ‘কবিতা কবিতা লগা গান’ৰ ভিডিঅ’ সংস্কৰণ মুকলি

