আহিবলগীয়া চিনেমা সুন্দৰপুৰ কেঅ'ছৰ গীত মুকলি অনুষ্ঠান - JHULAN KRISHNA MAHANTA MOVIES
Assamese film Sundarpur Chaos : মুক্তি পালে আহিবলগীয়া নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেঅ'ছ’ ৰ তিনিটা গীত । গীত কেইটাৰ এটি গীতত কন্ঠদান কৰিছে বলীউডৰ কণ্ঠশিল্পী শ্বানে ৷ আনহাতে আন দুটি গীতত কন্ঠদান কৰিছে গায়ত্ৰী হাজৰিকা আৰু অংগৰাগ পাপন মহন্তই । সুন্দৰপুৰ কেঅ'ছৰ সম্পূৰ্ণ টীমলৈ বলীউড কণ্ঠশিল্পী শ্বানৰ আন্তৰিক শুভেচ্ছা ৷

By ETV Bharat Entertainment Team
Published : July 29, 2024 at 11:13 AM IST
|Updated : July 29, 2024 at 11:30 AM IST
গুৱাহাটী, 29 জুলাই : এটি হৃদয়স্পৰ্শী কাহিনীৰে শীঘ্ৰেই ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেঅ’ছ’ । দেওবাৰে মহানগৰীৰ আইদেউ ছবিগৃহত মুক্তি দিয়া হয় ছবিখনৰ তিনিটাকৈ গীত । মুক্তি পোৱা গীতকেইটাৰ প্ৰথম গীতটি ‘অচিনাকি চহৰ’ । এই গীতটিৰ কথা মঞ্জুলা হাজৰিকাৰ য’ত কণ্ঠদান কৰিছ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে ।
আনহাতে আন দুটি গীতৰ এটি গীত ‘কিয় জানো আজি’ত কণ্ঠদান কৰিছে ছবিখনৰ অন্যতম প্ৰযোজক গায়ত্ৰী হাজৰিকাই । ছবিখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ মৰ্দনৰ অন্তৰ্ভুক্ত দুটি ঘোষা আৰু কেইটিমান পদেৰে সৃষ্টি কৰা এটি প্ৰসংগ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ।
আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে প্ৰযোজনাত আছে গায়ত্ৰী হাজৰিকা, ৰমেন্দ্ৰ কুমাৰ চমুৱা আৰু দিগন্ত ঠকুৰীয়া ।
লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়িব খোজা এখন সুন্দৰ অসমৰ প্ৰতিচ্ছবিৰ পটভূমিত নিৰ্মাণ কৰা হৈছে সুন্দৰপুৰ কেঅ'ছ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্যনেল স্কুল অফ ড্ৰামা, দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থ প্ৰতীম হাজৰিকাই । তেওঁৰ লগতে অভিনয়ত আছে অৰুণ নাথ, জলি লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু আন বহুকেইগৰাকী শিল্পী । ছবিখনৰ কাহিনী-সম্পাদনা-পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে চিত্রগ্রহণ চন্দ্ৰ কুমাৰ দাসৰ ৷
ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিত দাসৰ ৷ সাজসজ্জা কৰিছে ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গে ৷ শব্দ সংমিশ্রণ ৰাষ্ট্রীয় বঁটাপ্রাপক শব্দযন্ত্রী দেৱজিত গায়নৰ । সংগীত মুকলি অনুষ্ঠানত উপস্থিত থাকে দক্ষিণপাত সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামী, কণ্ঠশিল্পী শান্তা উজিৰ, মনীষা হাজৰিকা, অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট সাংবাদিক গৌতম শর্মা, চিকিৎসক হিতেশ বৰুৱাকে প্ৰমুখ্য কৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহু গণ্য-মান্য ব্যক্তি ।
লগতে পঢ়ক : নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

