প্ৰস্তাৱনা The Preamble : ঘোষণা হ'ল আৰু এখন নতুন ছবিৰ নাম - Assamese film The Preamble
Assamese film The Preamble : আহি আছে নতুন অসমীয়া ছবি "প্ৰস্তাৱনা The Preamble" ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত ঘোষণা কৰা হয় আহিবলগীয়া এই নতুন ছবিখনৰ নাম ।

Published : July 4, 2024 at 4:04 PM IST
গুৱাহাটী, 4 জুলাই : জে ডি এণ্ড কে পি প্ৰডাকচনৰ বেনাৰত শীঘ্ৰেই আহি আছে নতুন অসমীয়া চিনেমা 'প্ৰস্তাৱনা The Preamble' । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত ঘোষণা কৰা হয় আহিবলগীয়া এই নতুন ছবিখনৰ নাম । প্ৰথিতযশা ঔপ্যনাসিক, গল্পকাৰ, নিবন্ধকাৰ আৰু স্তম্ভলেখক দিলীপ বৰাৰ বহুপঠিত জনপ্ৰিয় উপন্যাস 'যাত্ৰা'ৰ আধাৰত নিৰ্মাণ কৰিবলৈ লোৱা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা দিলীপ বৰাৰ ৷ লগতে আন এগৰাকী পৰিচালক হিচাপে থাকিব অসমৰ নাট্য জগতৰ এটি চিৰ পৰিচিত নাম সুদক্ষ পৰিচালক মানিক ৰয় ।
ভাৰতৰ সাম্প্ৰতিক সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে ছাত্ৰসমাজকো কিদৰে ৰাজনীতিৰ চক্ৰবেহুত বন্দী কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে তাৰেই এখন ছবি চলচ্চিত্ৰখনত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে বুলি সংবাদমেলত ঘোষণা কৰে চিনেমাখনৰ নিৰ্মাতা, পৰিচালক দিলীপ বৰা আৰু মানিক ৰয়ে ৷
আনহাতে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে দিলীপ বৰাই । ছবিখনৰ সহকাৰী পৰিচালক হিচাপে থাকিব অনমোল ৰাজ শইকীয়া আৰু ভাস্কৰ দত্ত । দৃশ্যগ্ৰহণকাৰী হিচাপে থাকিব বিতুল বৰা । চিনেমাখন সম্পাদনা কৰিব এ.শ্ৰীকৰ প্ৰসাদে । শব্দ অৰ্ণৱ বৰাৰ । কলা গোলক সাহাৰ । সাজসজ্জাত আছে সুমন ফুকন । প্ৰযোজনা নিয়ন্ত্ৰণ উত্তম কুমাৰ ডেকাৰ ।
ছবিখনত ব্যৱহাৰ হ’বলগীয়া দুটি গীত ইতিমধ্যে সাজু কৰি তুলিছে সত্যৰঞ্জন ভূঞা আৰু হিতেশ্বৰ ৰয়ে । দুয়োগৰাকী সংগীতকৰ্মীয়ে গীত দুটি নিজে ৰচনা কৰাৰ লগতে সুৰো কৰিছে । মন কৰিবলগীয়া যে ছবিখনত অভিনয় কৰিব অসমৰ অভিনয় জগতৰ প্ৰসিদ্ধ তাৰকা তপন দাসে । তদুপৰি আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ণ কৰিব ক্ৰমে পাৰ্ভি বৰুৱা, হিল্লোল কুমাৰ পাঠক, অশ্বিনী ভূঞা, অবতোষ ভূঞা, কৌশিক নাথ, আৰকে, সীমান্ত ৰাজ শৰ্মা কন্দলী, অন্তৰা চৌধুৰী, কল্পনা বৰুৱা, ৰশ্মিৰেখা শৰ্মা, সুৰজ কলিতা, মুকুত নাথ, ৰীণা চৌধুৰী, সমৰ বৰা, নিলোৎপল দাস, চিত্ৰা ভৌমিক, সিদ্ধাৰ্থ ৰয়কে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে ।
লগতে পঢ়ক : উৎকণ্ঠাৰ অন্ত পেলাই মুক্তি পালে বিদুৰভাই-২ ৰ ট্ৰেইলাৰ - Bidurbhai 2 Trailer released

