ETV Bharat / entertainment

"ককাদেউতা নাতি আৰু হাতী ২" ৰ পোষ্টাৰ মুকলি

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, এক নতুন ৰূপ । ২১ নৱেম্বৰত ছবিগৃহত "ককাদেউতা নাতি আৰু হাতী ২"। পোষ্টাৰ মুকলি ।

kokadeuta nati aru hati 2
"ককাদেউতা নাতি আৰু হাতী ২" ৰ পোষ্টাৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 5, 2025 at 6:02 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সুদীৰ্ঘ ৪২ টা বছৰৰ পাছত পুনৰ এবাৰ অসমীয়া চলচ্চিত্ৰপ্ৰেমী দর্শকে ৰূপালী পৰ্দাত উপভোগ কৰিব পাৰিব এসময়ৰ কালজয়ী ছবি "ককাদেউতা নাতি আৰু হাতী"ৰ ছিকুৱেল । অহা ২১ নৱেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব "ককাদেউতা নাতি আৰু হাতী ২"।

আজি (শুক্ৰবাৰ) পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত মুক্তি দিয়া হয় ছবিখনৰ পোষ্টাৰ । পোষ্টাৰ মুকলি অনুষ্ঠান উপস্থিত থাকে সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ প্ৰযোজনা ৰিণিকি ভূঞা শৰ্মাৰ । আনহাতে পৰিচালনা কৰিছে বিশ্বজিত বৰাই ।

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি... কোনে কি ক'লে (ETV Bharat Assam)

উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰিণিকি ভূঞা শৰ্মা কয়, “এই ছবিখন বহুত আশা আৰু উৎসাহেৰে বনাইছোঁ । বলীউডৰ লগত ফেৰ মাৰিব পৰাকৈ এই ছবিখন আমি নিৰ্মাণ কৰিছোঁ । ছবিখন ইতিমধ্যে এখন ইতিহাস ৰচা ছবি । সকলোখিনি কাম কৰোতে আমাৰ দুটা বছৰ লাগিল । বহুত কষ্টও হ'ল কাৰণ, প্ৰথমে আমি যিখন চিত্ৰনাট্য লিখিলোঁ সেইখন কাটি পেলাবলগীয়া হ'ল । শেষত আমি পুনৰ নতুনকৈ চিত্ৰনাট্য লিখিবলগীয়া হৈছিল ।”

kokadeuta nati aru hati 2
ককাদেউতা নাতি আৰু হাতী ২ ৰ পোষ্টাৰ (Photo : ETV Bharat Assam)

তেওঁ লগতে জানিবলৈ দিয়ে যে পূৰ্বৰ পৰিচালগৰাকীক আঁতৰাই নতুনকৈ বৰ্তমানৰ গৰাকীৰ সৈতে আলোচনা কৰিছিল তেওঁলোকে ৷ “পৰিচালকগৰাকী আঁতৰোৱাৰ পাছত যেতিয়া আমাৰ গোটেই কলা-কুশলীসকল শ্বুটিঙলৈ গৈছিল, তেতিয়া ৪ ঘণ্টাৰ বাবে আমাৰ কোনো পৰিচালক নাছিল । লগে লগে বিশ্বজিৎ বৰাৰ লগত যোগাযোগ কৰা হ’ল । ছবিখনৰ প্ৰথম অংশ তেখেতে কৰিছে আৰু দ্বিতীয় অংশ তেখেতৰ পত্নীয়ে কৰিছে, তেনেদৰে আমি ছবিখন কৰিছোঁ । মাঁহতে সদায় কৈ আহিছে যে, যিটো কামত বাধা আহে, সেইটো সদায় ভাল হয় । সেই আশা লৈয়ে আমি ছবিখন 21 নৱেম্বৰত মুক্তি দিম । আশা কৰো অসমৰ সকলো ৰাইজে ছবিখন ছবিখন চাব ৷” প্ৰযোজক ৰিণিকি ভূঞা শৰ্মাৰ ভাষ্য ৷

kokadeuta nati aru hati 2
ককাদেউতা নাতি আৰু হাতী ২ টীম (Photo : ETV Bharat Assam)

পৰিচালক বিশ্বজিৎ বৰাই কয়, “আজি ছবিখনৰ পোষ্টাৰ মুকলি হৈছে তাৰ পাছত ট্রেইলাৰ, টিজাৰ আহিব । ছবিখনৰ কাম এতিয়া মুম্বাই আৰু চেন্নাইত হৈ আছে । পৰিচালক হিচাপে আশা কৰিছোঁ অসমৰ ৰাইজে এখন ভাল উন্নত মানৰ ছবি পাব । শ্বেতা ভেংকটে ছবিখনৰ সম্পাদনাৰ কাম কৰি আছে । ছবিখনৰ এটা দৃশ্যৰ দৃশ্যগ্ৰহণ শীঘ্ৰে মুম্বাইত কৰা হ'ব ।”

আহিবলগীয়া এই নতুন ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে মুম্বাইৰ অৰুণ বিশ্বকৰ্মা । আনহাতে সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী, আকাশ ভৰদ্বাজ, দেৱাশীষ কলিতা আৰু নিলোৎপল ৰাজবংশী ।

যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পংকজ মহন্ত, প্ৰীতি কংকণা, প্ৰস্তুতি পৰাশৰ, তপন দাস, উৎপল দাস, আদিল হুছেইন আদিকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে ।

kokadeuta nati aru hati 2
পোষ্টাৰ মুকলি (Photo : ETV Bharat Assam)

উল্লেখ্য যে, ৮০ৰ দশকৰ এখন বিখ্যাত ছবি আছিল ককাদেউতা নাতি আৰু হাতী । এন চি দত্তই প্ৰযোজনা কৰা ছবিখনে মুক্তি লাভ কৰিছিল ১৯৮৩ চনৰ ১৮ নৱেম্বৰত । এই ছবিখন চাবলৈ অসমৰ গাঁও-ভূইৰ পৰা হিলদল ভাগি ওলাই আহিছিল দৰ্শক । ককাদেউতা নাতি আৰু হাতী পৰিচালনা কৰিছিল বিশিষ্ট পৰিচালক নিপ বৰুৱাই ।

আনহাতে ছবিখনত অভিনয় কৰিছিল অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট শিল্পীয়ে । ছবিখনত শিশু চৰিত্ৰত অভিনয় কৰিছিল আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । “ৰামধেনু" আৰু "পৰিচয়" ছবিৰ পিছত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ এয়া তৃতীয় নিবেদন । আগৰ দুখন ছবিৰ দৰে এইখন ছবিকো দর্শকে আদৰি ল’ব বুলি আশাবাদী নিৰ্মাতাগোষ্ঠী ।

লগতে পঢ়ক : এখন ছবিৰ লগত বিশেষ সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ! জানেনে আপোনালোকে ?