নৱবৰ্ষৰ আৰম্ভণিতে আহি আছে 'গোলাই চোৰ' - New Assamese film Golai Chor
New Assamese film: ১৭ জানুৱাৰীত আহি আছে নতুন অসমীয়া ছবি 'গোলাই চোৰ' । Zeng Entertainment ৰ আৰু অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।

Published : September 29, 2024 at 6:59 PM IST
গুৱাহাটী,২৯ ছেপ্টেম্বৰ: ২০২৫ বৰ্ষৰ আৰম্ভণিতে আহি আছে এখন নতুন ছবি 'গোলাই চোৰ' । Zeng Entertainment ৰ আৰু অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ । ছবিখনৰ সন্দৰ্ভত ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে পৰিচালক ৰক্তিম কমল বৰুৱাৰ হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ সন্দৰ্ভত জনায় বহু কথা ।
'গোলাই চোৰ'ৰ সন্দৰ্ভত পৰিচালকৰ মন্তব্য
এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, "গোলাই চোৰ ছবিখনৰ আচলতে আমি ২০২২ চনতে শ্বুটিং আৰম্ভ কৰিছিলোঁ কিন্তু কিছু কাৰণত আমাৰ ছবিখন দীঘলীয়া হৈ গ'ল । ২০২৩ চনত আমাৰ লগত অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম জড়িত হ'ল । ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম শেষ হৈছে আৰু অহা বছৰ শিল্পী দিৱসৰ দিনা আমি ছবিখন মুক্তি দিয়াৰ সিদ্ধান্ত লৈছো ।"

ছবিখনৰ কাহিনীৰ আধাৰ কি?
এই সন্দৰ্ভত তেওঁ কয়, "গোলাই চোৰখন আচলতে এখন পিৰিয়ডিক হাস্যমধুৰ ছবি । সাধুকথাৰ নিচিনাকৈ যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ ইয়াৰ কাহিনী নিৰ্মাণ কৰা হৈছে । আনহাতে বাকী কিছু অংশ কাল্পনিক । ১৯৪৫ চন কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাকলৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে তাত উপস্থাপন কৰা হৈছে ।"

উল্লেখযোগ্য যে, এই ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।

