ETV Bharat / entertainment

‘কেচটো নগেন’ উপভোগ কৰিব পৰা নাই নেকি ? তেন্তে অপেক্ষা কৰক শুকুৰবাৰলৈ - ASSAMESE FILM CASE TU NAGEN

মুক্তিৰ দিন পিছুৱাবলগীয়া হোৱাৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ কথা সামৰি সংবাদমেল সম্বোধন কেচটো নগেন টীমৰ ।

Case tu nagen
সংবাদমেল সম্বোধন কেচটো নগেন টীমৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : May 14, 2025 at 5:29 PM IST

2 Min Read

গুৱাহাটী: যুদ্ধসদৃশ পৰিৱেশৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়া হৈছিল অসমীয়া ছবি 'কেচটো নগেন'ৰ । কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ লগে লগে দেওবাৰে মুক্তি দিয়া হয় ছবিখন ৷ পিছে নিৰ্ধাৰিত তাৰিখতকৈ পলমকৈ মুক্তি দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে বহু ছবিগৃহত চলিত সপ্তাহত প্ৰদৰ্শনী লাভ নকৰে ছবিখনে । যাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছে ছবিখনৰ নিৰ্মাতাগোষ্ঠী ।

ইফালে যিসমূহ ছবিগৃহত ছবিখনে মুক্তি লাভ কৰিছে সেই সকলোতে যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ছবিখনে দৰ্শকৰ পৰা । মন কৰিবলগীয়া কথাটো হ’ল যে মুক্তিৰ দিন পিছুৱাবলগীয়া হোৱাৰ বাবে বহু দৰ্শকে ছবিখনৰ মুক্তিৰ সন্দৰ্ভত বিশেষ একো খবৰ পোৱা নাই । এই সকলোবোৰ বিষয় সন্দৰ্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘কেচটো নগেন’ পৰিয়ালে সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদমেলত উপস্থিত থাকে ছবিখনৰ পৰিচালক ধনজিত দাস, অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি সহিতে ছবিখনৰ সমূহ কলা-কুশলী ।

সংবাদমেল সম্বোধন কেচটো নগেন টীমৰ (ETV Bharat Assam)

পৰিচালক ধনজিৎ দাসৰ মন্তব্য

"আৰম্ভণিৰে পৰা দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ছবিখনে । যোৱা ১১ মে'ৰ পৰা ছবিখন ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে উপলব্ধ নহ’লেও অধিকাংশ ছবিগৃহতে উপলব্ধ হৈছে । ইতিমধ্যে বহুকেইখন ঠাইত ৰাইজৰ সঁহাৰি যথেষ্ট ভাল লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে । যাৰ বাবে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো । যিসমূহ ঠাইত ছবিখন চলি আছে বা যিসকল দৰ্শকে ছবিখন উপভোগ কৰিছে তেওঁলোকৰ পৰা খুব ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ । মুক্তিৰ দিনৰ পৰা বহুকেইটা ছবিগৃহ হাউছফুল হোৱা দেখা গৈছে । সেয়েহে আমি যথেষ্ট আশাবাদী ।”

লগতে দাসে কয়, “যিসমূহ ঠাইত সময়ৰ অকণমান খেলিমেলি হৈ আছে, সেইসমূহ সমস্যা অহা শুকুৰবাৰৰ পৰা নোহোৱা হ'ব । শুকুৰবাৰৰ পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন ।”

উল্লেখ্য যে, এক বাস্তৱধর্মী কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, প্ৰণৱ কলিতা, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা, অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।

লগতে পঢ়ক : নগেনৰ কেচটো কি হ’ল ! তাকে জানিবলৈ এতিয়া সৰ্বত্ৰে দেখা গৈছে ৰাইজৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.