ETV Bharat / entertainment

অসমীয়া ছবিৰ সোণোৱালী গাথা লৈ ছবিগৃহত ‘ভাইমন দা’

মুক্তিলাভ কৰিলে অসমীয়া ছবি ‘ভাইমন দা’ই ৷ ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে চলি থকাৰ সমান্তৰালকৈ বহিঃৰাজ্যতো কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে ৷

new assamese film Bhaimon da released in assam  as well as other states
মুক্তি লাভ কৰিলে অসমীয়া ছবি ‘ভাইমন দা’ই (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : May 24, 2025 at 2:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অপেক্ষাৰ অন্ত পেলাই 23 মে’ত মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি ‘ভাইমন দা’ই । অসমীয়া ছবিজগতৰ মহীৰূহ পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘ভাইমন দা’ শীৰ্ষক নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন ।

ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে ছবিখনে মুক্তিলাভ কৰাৰ সমান্তৰালকৈ দিল্লী, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আদিকে ধৰি বহিঃৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে ।

দৰ্শকৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ছবিখন উপভোগ কৰা দৰ্শকৰ মুখত কেৱল শুনিবলৈ পোৱা গৈছে ‘খুব সুন্দৰ ছবি’ শব্দকেইটা । মুনিন বৰুৱাদেৱৰ বাস্তৱ জীৱনৰ কথাখিনি দৰ্শকে চাই ভাল পাইছে বুলি জানিবলৈ দিছে ৷ ছবিখন চোৱাৰ পিছত বহু অনুৰাগীয়ে তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে বুলিও উল্লেখ কৰিছে ৷

আজি তেওঁ জীয়াই থকা হ’লে অসমীয়া ছবি উদ্যোগ নিশ্চয় আৰু বহুত আগুৱাই গ’লহেঁতেন ৷ উল্লেখ্য যে, জীল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ মুনিন বৰুৱাৰ সংগীতশিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰলৈ তেওঁৰ অৱদান- এই সকলোবোৰ ছবিখনত উপস্থাপন কৰা হৈছে ।

পিতা-পুত্ৰ, পাহাৰীকন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ 14 খন চিনেমা নিৰ্মাণ কৰিছিল মুনিন বৰুৱাই ৷ অসমীয়া ছবিজগতলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে তেওঁ ।

শ্যামন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । অন্যান্য চৰিত্ৰসমূহত আছে য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় 360 ৰো অধিক শিল্পী ৷

লগতে পঢ়ক : গোলাঘাটত ‘‘ভাইমন দা’’ই মন মুহিলে ৰাইজৰ