২০ বছৰ সৰু এগৰাকী অভিনেত্ৰীৰ সৈতে ‘ধুৰন্ধৰ’ত ৰোমান্স কৰিব ৰণবীৰে: জানেনে কোন এই সুন্দৰী ?
ৰণবীৰ সিঙতকৈ ২০ বছৰ সৰু অভিনেত্ৰীক কাষ্ট কৰাৰ বাবে নেটিজেনে ‘ধুৰন্ধৰ’ৰ নিৰ্মাতাসকলক ট্ৰ’ল কৰিছে ।

By ETV Bharat Entertainment Team
Published : July 7, 2025 at 2:50 PM IST
হায়দৰাবাদ : বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ ৪০ সংখ্যক জন্মদিনত তেওঁৰ অনুৰাগীসকলে লাভ কৰিছে আগন্তুক চিনেমা 'ধুৰন্ধৰ'ৰ প্ৰথম লুক । আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ধুৰন্ধৰৰ প্ৰথম লুকটো দৰ্শকে ভাল পাইছে । ৰণবীৰৰ লগতে ছবিখনৰ নিৰ্মাতাসকলে প্ৰথম লুকত ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰৰ আভাসো দিছে ৷
সঞ্জয় দত্ত, আৰ মাধৱন, অক্ষয় খান্না, অৰ্জুন ৰামপালৰ দৰে দক্ষ অভিনেতাৰ সৈতে নিৰ্মাণ হৈ থকা ধুৰন্ধৰ ছবিখন ২০২৫ চনৰ অন্যতম প্ৰত্যাশিত ছবি হিচাপে পৰিগণিত হৈছে । কিন্তু ইয়াৰ এটা কথাই নেটিজেনসকলক আমনি কৰিছে, যাৰ বাবে ছ’চিয়েল মিডিয়াত সমালোচনা আৰম্ভ হৈছে ।
Sara Arjun will turn 20 this year. Ranveer turns 40 today. It also means when it was being filmed she just turned 18. 😳🤢
— Raymond. (@rayfilm) July 6, 2025
How did Singh even agree to do this? You couldn’t ask to hire an older actress? Bhanshali literally showed Alia as minor in Gangu. Same goes with Priscilla. pic.twitter.com/VFCwFnRxYT
ছ’চিয়েল মিডিয়াত সমালোচনা
আচলতে নেটিজেনে ‘ধুৰন্ধৰ’ৰ প্ৰথম লুকত ৰণবীৰৰ বিপৰীতে ছাৰা অৰ্জুনৰ কাষ্টিঙক লৈ ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে । ৰণবীৰ সিঙে এইবাৰ ৪০ বছৰ সম্পূৰ্ণ কৰাৰ বিপৰীতে ছাৰাৰ বয়স মাত্ৰ ২০ বছৰ । বয়সৰ পাৰ্থক্যক লৈ নেটিজেনসকল উগ্ৰ হৈ পৰে আৰু এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হয় । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "‘ধুৰন্ধৰ' ছবিখনৰ সময়ত ছাৰাৰ বয়স নিশ্চয় ১৮ বছৰ আছিল ।"
18 years old Sara Arjun with 40 years old Ranveer Singh 🤮 https://t.co/6JIGV2LnV9 pic.twitter.com/8d7QolwSw8
— Isha (@tooti__footi) July 6, 2025
এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ৰণবীৰ সিঙৰ দৰে ৪০ বছৰীয়া অভিনেতাই ছাৰা অৰ্জুনৰ দৰে ২০ বছৰীয়া অভিনেত্ৰীৰ সৈতে ধুৰন্ধৰত ৰোমান্স কৰাৰ কথা কল্পনা কৰিব পাৰিনে ? এইটো কেৱল বলীউডতহে হয় ।” আন এজনে মন্তব্য কৰে, “ছাৰা অৰ্জুন ছলমান খানৰ ছবি জয় হো (২০১৪)ত শিশুশিল্পী আছিল আৰু এতিয়া তেওঁ ৰণবীৰ সিঙৰ সৈতে ৰোমাঞ্চ কৰিছে ।”
ছাৰা অৰ্জুন কোন ?
দক্ষিণৰ এগৰাকী বিখ্যাত শিশুশিল্পী ছাৰা অৰ্জুনে হিন্দী ছবিতো কাম কৰি আহিছে । তামিল চিনেমাত শিশুশিল্পী হিচাপে কেইখনমান ছবিত অভিনয় কৰিছে তেওঁ ৷ শেহতীয়াকৈ মণিৰত্নমৰ ‘পন্নিয়িন ছেলভান’ত ঐশ্বৰ্য ৰায়ৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছে ছাৰাই ।
When Cutie Turns Hottie #SaraArjun
— IndianActress (@INDACTRESSPIC) July 7, 2025
Child Artist Turns Bollywood Star Shinning Along with #RanveerSingh in #DhurandharTeaser pic.twitter.com/Oy7qWDb7tW
অভিনেতা ৰাজ অৰ্জুনৰ কন্যা ছাৰা অৰ্জুনে ছয় বছৰ বয়সৰ পৰাই বহু বিজ্ঞাপনত অভিনয় কৰিছে । ২০১০ চনত এ এল বিজয়ৰ তামিল নাটক ছবি দেয়ভা থিৰুমাগালত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তেওঁ । ছবিখনক সমালোচক আৰু দৰ্শকে অতিশয় প্ৰশংসা কৰে ।
ইয়াৰ পিছত ছাৰাক কান্নান আয়াৰৰ হিন্দী ছবি এক থী ডায়ন (২০১৩)তো দেখা গৈছিল, যিখন ছবিৰ প্ৰযোজক আছিল একতা কাপুৰ । পৰিচালক বিজয়ৰ পাৰিবাৰিক নাটক ছবি শৈৱমতো অভিনয় কৰিছিল ছাৰাই ।
কেনেকুৱা হৈছে 'ধুৰন্ধৰ'ৰ প্ৰথম লুক
আদিত্য ধৰৰ ধুৰন্ধৰৰ প্ৰথম লুকে সকলোকে আপ্লুত কৰিছে । উৎকৃষ্ট কাষ্টিং, ৰণবীৰৰ লুক, সংগীতে ইতিমধ্যে দৰ্শকৰ উত্তেজনা বৃদ্ধি কৰিছে । এতিয়া দৰ্শকে ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছে । উল্লেখ্য যে ‘ধুৰন্ধৰ’ এটা সঁচা কাহিনীৰ আধাৰত নিৰ্মিত, অজিত ডোভাল (ভাৰতীয় ছুপাৰ স্পাই আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা)ক লৈ অনুপ্ৰাণিত, যিয়ে শত্ৰুৰ ভূখণ্ডত আণ্ডাৰকাভাৰ হৈ গৈ এটা বৃহৎ সংকট ৰোধ কৰে ।
ആൻമരിയയിലെ ആ കൊച്ചു ആണ് ഇത് എന്നു പറഞ്ഞാൽ വിശ്വസിക്കുമോ? 🙈❤️
— . (@apis_ceranaa) July 6, 2025
“Sara Arjun“ Heroine of #Dhurandhar. 🔥 pic.twitter.com/El7LMD3daw
আদিত্য ধৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰণবীৰ সিং, ছাৰা অৰ্জুন, সঞ্জয় দত্ত, আৰ মাধৱন, অক্ষয় খান্না, অৰ্জুন ৰামপালে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ প্ৰযোজক জ্যোতি দেশপাণ্ডে আৰু লোকেশ ধৰ । পৰিচালনা কৰিছে আদিত্য ধৰে । চলিত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰভাস আৰু মাৰুতিৰ ‘দ্য ৰাজা চাব’ৰ সৈতে মুখামুখি হ’ব ছবিখন । ২০২৫ চনৰ ৫ ডিচেম্বৰত ছবিখন মুক্তি পোৱাৰ কথা ।
লগতে পঢ়ক : ৰণবীৰৰ পৰা বিকী কৌশললৈকে... এই তাৰকাসকলৰ প্ৰেম প্ৰস্তাৱ সাধুকথাৰ দৰে

