ETV Bharat / entertainment

‘লাপাতা লেডীজ’ৰ নাম ‘লষ্ট লেডীজ’ কেনেকৈ হ’ল ? - LAAPATAA LADIES BECOME LOST LADIES

অস্কাৰৰ বাবে সলনি হ’ল ‘লাপাতা লেডীজ’ৰ নাম ! আমিৰ খান-কিৰণ ৰাওৱে দিলে নতুন নাম, খং উঠিল নেটিজেনৰ ৷ সবিশেষ আগলৈ-

netizens get upset as aamir khan and kiran rao change laapataa ladies name as lost ladies for oscar campaign
সলনি হ’ল নাম (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : November 14, 2024 at 11:02 AM IST

3 Min Read

মুম্বাই : আমিৰ খান আৰু কিৰণ ৰাওৱে অস্কাৰৰ বাবে তেওঁলোকৰ ছবি ‘লাপাতা লেডীজ’ক লৈ অস্কাৰ অভিযানৰ পৰিকল্পনা কৰিছে । এই বছৰৰ আৰম্ভণিতে মুক্তিপ্ৰাপ্ত এই ছবিখন হৈছে ২০২৫ চনত অস্কাৰৰ বাবে ভাৰতৰ পৰা আনুষ্ঠানিক প্ৰৱেশ । অস্কাৰ অভিযানৰ আগতে, আমিৰ আৰু কিৰণে উন্নত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে ছবিখনৰ শিৰোনাম সলনি কৰাৰ সিদ্ধান্ত লৈছে ।

‘লাপাতা লেডীজ’ৰ নাম সলনি কৰা হৈছে

আমিৰৰ প্ৰডাকশ্যন হাউছৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই যুটিয়ে ঘোষণা কৰে যে তেওঁলোকে ছবিখনৰ বিশ্বজুৰি প্ৰচাৰৰ বাবে ‘লাপাতা লেডীজ’ৰ নাম সলনি কৰি ‘লষ্ট লেডীজ’ কৰিছে । শ্বেয়াৰ কৰা পোষ্টাৰৰ কেপশ্যনত আছে, “অপেক্ষা শেষ, এয়া লষ্ট লেডীজৰ অফিচিয়েল পোষ্টাৰ, ফুল আৰু জয়াৰ হৃদয়স্পৰ্শী যাত্ৰাৰ আভাস !”

ক্ষুব্ধ অনুৰাগীয়ে ক’লে এয়া হিন্দীৰ প্ৰতি অসন্মান !

কিৰণ ৰাও আৰু আমিৰ খানৰ সিদ্ধান্তক লৈ নেটিজেনসকলৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে । যদিও কিছুমান অনুৰাগী সুখী আছিল, আন কিছুমান বিচলিত হৈছিল । কিছুমানে বিশ্বাস কৰে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত হিন্দীক প্ৰতিনিধিত্ব কৰা উচিত । কেৱল কোনোবাই ইয়াৰ অৰ্থ বুজি নাপাব পাৰে বুলিয়ে নামটো সলনি কৰাটো উচিত নহয় । এজনে মন্তব্য কৰিছে, “লষ্টৰ অৰ্থ হৈছে হেৰুওৱা যিটো পুনৰ বিচাৰি পোৱা নাযায় । আনহাতে নিৰুদ্দেশ হোৱাৰ অৰ্থ হৈছে কিবা বা কাৰোবাক পুনৰ বিচাৰি পোৱাৰ সম্ভাৱনা থাকে । নামটোৱেই ভুল ভাৱে লিখা হৈছে ।”

নিউয়ৰ্কত চেফ বিকাশ খান্নাই চিনেমাখনৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰে । মঙলবাৰে তেওঁ ছ’চিয়েল মিডিয়াত ইয়াৰ বিশেষ আভাস দেখুৱাই কেপশ্যন লিখে, “যেতিয়া প্ৰাৰ্থনা হৃদয়ৰ পৰা আহে, ‘পৃথিৱী জয় কৰক’। কালি বাংলোত আমি লষ্ট লেডীজ (লাপাতা লেডীজ)ৰ অস্কাৰ প্ৰচাৰ অভিযান আয়োজন কৰি থাকোঁতে মোৰ ঠিক এনেকুৱাই অনুভৱ হৈছিল । কিৰণ, আপুনি এনেকুৱা চমৎকাৰ ছবি নিৰ্মাণ কৰা এজন প্ৰকৃত শিল্পী ।”

'লাপাতা লেডীজ' বোলছবিখন আমিৰ খান আৰু জ্যোতি দেশপাণ্ডেই প্ৰযোজনা কৰিছে । খবৰ অনুসৰি ছবিখনৰ বাজেট আছিল মাত্ৰ ৫ কোটি টকা । 'লাপাতা লেডীজ' জিঅ’ ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল । 'লাপাতা লেডীজ'ৰ কাহিনীৰ বিষয়ে ক’বলৈ গ'লে, এয়া হৈছে দুগৰাকী কইনাৰ কাহিনী যি ৰেল যাত্ৰাত তেওঁলোকৰ নিজ নিজ স্বামীৰ পৰা পৃথক হৈ পৰে, যাৰ ফলত কিছু হাস্যকৰ পৰিঘটনাৰ উদ্ভৱ হয় । ইয়াত প্ৰতিভা ৰত্ন, নিতাংশী গোৱেল, স্পৰ্শ শ্ৰীবাস্তৱ আৰু ৰবি কিষাণে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ কিৰণ ৰাওৱে ছবিখন পৰিচালনা কৰিছে ।

লগতে পঢ়ক : জাপানী দৰ্শকে চাই ভাল পাইছে লাপাতা লেডীজ - Laapataa Ladies in Japan

এইখন মোৰ প্ৰথম পান ইণ্ডিয়া ছবি : ৰবি কিষাণ - Laapataa Ladies Ravi Kishan paan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.