ছ’চিয়েল মিডিয়াত স্বামীক আনফ'ল' কৰিলে নয়নতৰাই, শ্বেয়াৰ কৰিলে পোষ্ট
Nayanthara unfollows her Husband: নয়নতৰাক লৈ এক আচৰিত খবৰ ওলাইছে, ছ’চিয়েল মিডিয়াত আনফ’ল’ কৰিছে স্বামী প্ৰযোজক বিগনেশ শিৱনক ।


Published : March 2, 2024 at 4:10 PM IST
চিটাৰা ডেস্ক, ২ মাৰ্চ: দক্ষিণৰ লেডী ছুপাৰষ্টাৰ নয়নতৰাক লৈ এটা ডাঙৰ খবৰ আহিছে । অভিনেত্ৰীগৰাকীৰ বিবাহিত জীৱনত হয়তো সকলো ঠিকে চলি থকা নাই । এই কথা নয়নতৰাৰ শেহতীয়া পোষ্টৰ পৰা অনুমান কৰিছে অনুৰাগীয়ে ।

নয়নতৰাৰ বিবাহিত জীৱনত অসুবিধাৰ সৃষ্টি হৈছে নেকি ?
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত লিখা আছে যে “চকুলো টুকিলেও মই সদায় কও ‘মই এইটো পাইছো ”। এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিচত অতি কম সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ যাৰ বাবে এতিয়া অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে নয়নতৰাৰ বিবাহিত জীৱনত কিবা এটা ঠিক চলি থকা নাই ৷
স্বামীক আনফ’ল’ কৰিলে নয়নতৰাই
কেৱল এয়াই নহয়, ইনষ্টাগ্ৰামত স্বামী চলচ্চিত্ৰ প্ৰযোজক বিগনেশ শিৱনক ‘আনফ’ল’ কৰিছে নয়নতৰাই । ইয়াৰ পিচতে অনুৰাগীয়ে দুয়োৰে বিচ্ছেদৰ কথা অনুমান কৰিছে ৷ অৱশ্যে দুয়োগৰাকীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ মন কৰিবলগীয়া কথা যে নয়নতৰাই স্বামীৰ সৈতে ইনষ্টাগ্ৰামত থকা ফটোও এই পৰ্যন্ত ডিলিট কৰা নাই ৷ এতিয়া কিয় নয়নতৰাই স্বামী বিগনেশক আনফ’ল কৰিছে সেয়া কেৱল ৷ কিন্তু দুয়োজনকে দক্ষিণৰ প্ৰিয় দম্পতী হিচাপে জনা যায় ।
উল্লেখ্য যে, দুয়োৰে বিয়া হোৱা বহুদিন হোৱা নাই । ২০২১ চনত দুয়োৰে বাগদান হয় আৰু ২০২২ চনত বিবাহপাশত আবদ্ধ হয় । দুয়োগৰাকী প্ৰথমবাৰৰ বাবে ২০১৫ চনত ‘নানুম ৰাউডী’ৰ চেটত লগ পাইছিল । ছবিখনৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । প্ৰায় ৬ বছৰ ইগৰাকীয়ে সিগৰাকীক ডেট কৰাৰ পিচত অৱশেষত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় ৷ উল্লেখ্য যে, বিগনেশ আছিল এই ছবিখনৰ পৰিচালক ।
ছাৰ’গেচিৰ সহায়ত জন্ম হৈছিল সন্তান
বিয়াৰ মাত্ৰ চাৰি মাহৰ পিচতেই এই দম্পতীয়ে চেৰ’গেচিৰ সহায়ত যমজ সন্তান পিতৃ-মাতৃ হয় । দুয়োগৰাকীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ সন্তানৰ সৈতে ছবি শ্বেয়াৰ কৰে ।
লগতে পঢ়ক: প্ৰিয়ংকাই ঘোষণা কৰিলে নতুন ছবি দ্য ব্লাফ, এইগৰাকী হলীউড অভিনেতাৰ সৈতে দেখা যাব

