ETV Bharat / entertainment

হঠাৎ কিয় বৃদ্ধ ৰূপ ল’লে অভিনেতা নয়ন নীলিমে ?

Nayan Nilim New Poem: কিয় সঘনাই ৰূপ সলনি হৈ থাকে অভিনেতা নয়ন নীলিমৰ ? বিতৰ্ক ভাল পায় নেকি অভিনেতাগৰাকীয়ে ৷ ই টিভি ভাৰত অসমৰ বিশেষ সাখ্যাৎকাৰত নিজৰ জীৱনসংগী তথা বিবাহ সন্দৰ্ভত মন্তব্য কৰি কি ক’লে অভিনেতাগৰাকীয়ে ৷

Nayan nilim interview
হঠাৎ কিয় বৃদ্ধ ৰূপ ল’লে অভিনেতা নয়ন নীলিমে ?
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 9:31 PM IST

2 Min Read
Choose ETV Bharat
অভিনেতা নয়ন নীলিমৰ সৈতে বিশেষ সাখ্যাৎকাৰ

গুৱাহাটী, 6 মাৰ্চ: "প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা, নৌকাই বিচাৰি লয় নিজৰ বাট, মানুহে বিচাৰি মৰে সুখৰ বাট, কিমান আকুল এই হৃদয় তোমাৰ বাবে...."

আপুনি মই হয়তো এই কবিতা তথা আবৃত্তিকাৰগৰাকীৰ সৈতে নিশ্চয় পৰিচিত ৷ যাৰ মায়াসনা কন্ঠই প্ৰেমত পৰিবলৈ বাধ্য কৰাইছিল সকলোকে ৷ এই ব্যক্তিগৰাকী আন কোনো নহয় তেওঁ হৈছে অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় অভিনেতা নয়ন নীলিম ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভিন্ন সময়ত ভিন্ন ৰূপত দেখা যায় এই অভিনেতাগৰাকীক ৷ কেতিয়াবা যদি অভিনেতা ৰূপে, কেতিয়াবা আকৌ এগৰাকী গায়ক, গীতিকাৰ, বা কবিৰূপে দেখা যায় নয়ন নীলিমক ৷ ইয়াৰ পূৰ্বে খুবেই জনপ্ৰিয়তা লাভ কৰা অসমীয়া কথাছবি কোঁৱৰপুৰৰ কোঁৱৰত তেওঁক এক নতুন ৰূপত দেখিছিল দৰ্শকে যাৰ পিচতে তেওঁৰ সেই ৰূপান্তৰ দেখি আচৰিত হৈ পৰিছিল ৷

ঠিক একেদৰেই বৰ্তমান পুনৰবাৰ চর্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেতাগৰাকী ৷ কাৰণ পুনৰবাৰ আন এক নতুন ৰূপত দৰ্শকৰ মাজলৈ ঘূৰি আহিছে অভিনেতাগৰাকী ৷ দৰাচলতে শেহতীয়াকৈ মুক্তি লাভ কৰা নতুন কবিতা 'ভাল লাগে'ত তেওঁক এটি নতুন অৱতাৰত দেখিবলৈ পোৱা গ’ল । বিগত ৪ মাৰ্চত মুক্তিলাভ কৰিছে এই কবিতাটো ।

'ভাল লাগে' সন্দৰ্ভত মন্তব্য কৰি নয়ন নীলিমে মন্তব্য কৰি কয়,' "ভাল লাগে আমাৰ সকলোৰে বাবে এটা পজিটিভ শব্দ । সদায় পজিটিভ থাকি, পজিটিভ চিন্তা কৰি ভালপাওঁ । সেই ভাল লগাবোৰক কবিতাৰ আকাৰেৰে দৰ্শক- শ্ৰোতালৈ আগবঢ়াই দিছো । কবিতাটোত জীৱনৰ শৈশৱ, কৈশোৰ আৰু বৃদ্ধকাল উপস্থাপন কৰা হৈছে ।" বিহুৰ ইফালে, পিচত কবিতাটোৰ ভিডি'অ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে ।

ইফালে, জীৱনসংগী বা বিয়াৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা কয় যে,'শদিয়াৰ পৰা ধুবুৰীলৈ অসমবাসী ৰাইজে আচলতে মোৰ জীৱনসংগী । জন্ম হ’লে এদিন মৃত্যু হ'বই । কেৱল আমাৰ যি সৃষ্টি ফচল সেইবোৰক দৰ্শকে আঁকোৱালি ল'লেই হ'ল আৰু সেয়াই সংগী ।

যেতিয়া অভিনেতাগৰাকীৰ ছবি, গীত বা কবিতা মুক্তিলাভ কৰে তাৰ পূৰ্বে ভিন্ন ৰূপত দেখা যায় অভিনেতা গৰাকীক । এই সন্দৰ্ভত মন্তব্য কৰি নয়ন-নীলিমে কয়,' পৰিবৰ্তন বা সলনি আচলতে গ্ৰহণযোগ্য, সলনি প্ৰয়োজন । কিন্তু এইটো সলনি হ'ব নালাগে যিটো ক্ষতিকাৰক আৰু এইটো সলনি আচলতে "ভাল লগা"ৰ কাৰণে ।

লগতে পঢ়ক: মুক্তি পালে কণ্ঠশিল্পী ময়ুৰী দত্তৰ বাখৰ ২০২৪