হায়দৰাবাদ : বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে আজি ৫১ বছৰ সম্পূৰ্ণ কৰিছে ৷ মনোৰঞ্জন জগতত তেওঁৰ অভিনয়ৰ ছাপ অদ্বিতীয় । কোটি কোটি লোকে নৱাজুদ্দিনৰ কাম ভাল পাই আৰু তেওঁৰ অভিনয়ৰ শলাগ লয় । তেওঁ এই সফলতা আৰু খ্যাতি সহজতে লাভ কৰা নহয় কিন্তু !
নৱাজৰ বলীউডৰ অভিনেতা হোৱাৰ যাত্ৰা সহজ নাছিল । এটা সময়ত নৱাজুদ্দিনে মুম্বাইত চকীদাৰ হিচাপে কাম কৰিছিল আৰু আজিৰ দিনত তেওঁৰ এটা সপোনৰ বাংলো মুম্বাইত আছে । তেওঁৰ বিশেষ দিনটোত তেওঁৰ সফলতাৰ আঁৰত লুকাই থকা সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ বিষয়ে জানো আহক ।
পাইছিল বহুত প্ৰত্যাখ্যান
মুম্বাইত নৱাজুদ্দিন ছিদ্দিকীৰ বহুত অসুবিধা হৈছিল । বহুবাৰ অডিশ্যন দিছিল যদিও নাকচ হৈছিল । প্ৰাৰম্ভিক দিনবোৰত সৰু সৰু চৰিত্ৰ পাইছিল যদিও সেইবোৰ বিশেষ নাছিল । টকাৰ অভাৱত নৱাজুদ্দিন আগতে বন্ধুৰ ৰূমতে থাকিছিল । ভ্ৰাম্যমাণ জগতত যোগদান অভিনয়ৰ যাত্ৰা আৰম্ভ কৰে । সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত অনুৰাগ কাশ্যপে নিৰ্মাণ কৰা গেংছ অফ ৱাছেইপুৰৰ জৰিয়তে নৱাজুদ্দিনৰ ভাগ্যৰ দুৱাৰ মুকলি হয় ।
ভাগ্য কেনেকৈ সলনি হ’ল
অনুৰাগ কাশ্যপৰ গেংছ অফ ৱাছেইপুৰত ফৈজল খানৰ চৰিত্ৰত অভিনয় কৰি নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰে নৱাজুদ্দিন ছিদ্দিকী । ২০১২ চনত মুক্তি পাইছিল এই ছবিখন । ইয়াৰ পিছত তেওঁ তলাছ, ৰমন ৰাঘৱ ২.০ আদি ছবিত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিলে । নৱাজুদ্দিনৰ আজি কোটি কোটি অনুৰাগী আছে আৰু দৰ্শকৰ লগতে সমালোচকেও তেওঁৰ কামৰ শলাগ লয় ।
মুম্বাইত নিৰ্মাণ কৰিলে সপোনৰ বাংলো
সংগ্ৰামেৰে ভৰা কেৰিয়াৰৰ অন্তত নৱাজুদ্দিনে অপৰিসীম সফলতা লাভ কৰে । মানুহৰ হৃদয়ত স্থান দখল কৰাৰ সমান্তৰালকৈ নৱাজে খ্যাতিও অৰ্জন কৰে । আজি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬০ কোটি টকা । কেৱল এয়াই নহয়, মুম্বাইত তেওঁ এটা সপোনৰ বাংলো আছে ৷ ১২.৮ কোটি টকাৰ ব্যয়েৰে এই বাংলোটো নিৰ্মাণ কৰে তেওঁ ৷
নাছিল কোনো প্লেন ‘বি’
নিজৰ কেৰিয়াৰৰ কথা কওঁতে নৱাজুদ্দিনে কয় যে তেওঁ কেতিয়াও প্লেন বিৰ কথা চিন্তা কৰা নাছিল ৷ তেওঁ কেৱল অভিনেতা হ’ব বিচাৰিছিল আৰু সেইবাবেই তেওঁ আন কোনো কেৰিয়াৰ বিকল্পৰ কথা ভবা নাছিল । তেওঁ কৈছিল, “৫০ বছৰ লাগিলেও মই ইয়াৰ বাবে বহুত কষ্ট কৰিলোহেঁতেন । বিশেষ সফলতা নাপালেও অভিনয় কৰি যাম ।”
নৱাজুদ্দিন ছিদ্দিকী অভিনীত কেইখনমান বিশেষ চিনেমা হ’ল - গেংছ অফ ৱাছেইপুৰ ২, মুন্না মাইকেল, টিকু ৱেডছ শ্বেৰু, ব্লেক ফ্ৰাইডে, কিক, মাঁঝী- দ্য মাউণ্টেন মেন, তলাছ, হড্ডী, বজৰংগী ভাইজান ইত্যাদি ৷
লগতে পঢ়ক : অভিনেতা হিচাপে ফ্লপ হোৱা এজনৰ বাবে ভাগ্য জিলিকি উঠিল মাধুৰী দীক্ষিতৰ