ETV Bharat / entertainment

ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ, হাৰিয়ানাৰ পৰা নৱী মুম্বাই আৰক্ষীয়ে আটক কৰে এজনক

নৱী মুম্বাই আৰক্ষীয়ে সুখা নামেৰে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে যাৰ বিৰুদ্ধে ছলমান খানক হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷

Plot to Kill Salman Khan: Navi Mumbai Police Nab Man From Haryana
ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ (PTI)
author img

By ETV Bharat Entertainment Team

Published : October 17, 2024 at 1:50 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 17 অক্টোবৰ : বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ পৰিকল্পনা চলিছে ! হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱা এজন ৱাণ্টেড অভিযুক্তক নৱী মুম্বাই আৰক্ষীয়ে আটক কৰিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ।

অভিযুক্ত সুখাক হাৰিয়ানাৰ পানীপথৰ পৰা আটক কৰা হৈছে বুলি বিষয়াজনে বুধবাৰে সদৰী কৰে । নৱী মুম্বাইলৈ অনাৰ পিছত বৃহস্পতিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব, আৰক্ষীয়ে জানিবলৈ দিয়ে ।

চলিত বৰ্ষৰ জুন মাহত, আৰক্ষীয়ে নৱী মুম্বাইৰ পানভেলৰ ওচৰত থকা তেওঁৰ ফাৰ্মহাউচলৈ যাওঁতে অভিনেতাজনক দুৰ্বৃত্তই লক্ষ্য কৰি লোৱাৰ কথা জানিবলৈ দিছিল । 2024 চনৰ এপ্ৰিলত মুম্বাইস্থিত তেওঁৰ বান্দ্ৰাৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ পিছত এই তথ্য় লাভ কৰিছিল আৰক্ষীয়ে ।

খানে এই বছৰৰ আৰম্ভণিতে আৰক্ষীক কৈছিল যে লৰেন্স বিষ্ণৈ দলটোৱে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ উদ্দেশ্যৰে তেওঁৰ বাসগৃহত গুলীচালনা কৰিছিল । অভিনেতাজনৰ বিবৃতিটো ঘটনাটোৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এখন আদালতত দাখিল কৰা অভিযোগপত্ৰৰ অংশ ।

অভিনেতাজনে উল্লেখ কৰিছিল যে দুজন অচিনাক্ত ব্যক্তিয়ে 2024 চনৰ জানুৱাৰীত ভুৱা পৰিচয় ব্যৱহাৰ কৰি পানভেলৰ ওচৰত থকা তেওঁৰ ফাৰ্মহাউচত অনধিকাৰ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । 2022 চনত তেওঁৰ ভৱনৰ বিপৰীতে থকা এখন বেঞ্চত এখন ভাবুকি পত্ৰ পোৱা গৈছিল ৷ আনহাতে 2023 চনৰ মাৰ্চ মাহত তেওঁলোকে লৰেন্স বিষ্ণৈ দলৰ পৰা ইমেইলৰ ভাবুকি পাইছিল বুলি খানে আৰক্ষীক কৈছিল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, লৰেন্স বিষ্ণৈ আৰু সম্পত নেহৰা দলটোৱে তেওঁৰ বান্দ্ৰাৰ বাসগৃহ, পানভেল ফাৰ্মহাউচ আৰু চলচ্চিত্ৰ শ্বুটিঙৰ স্থানসমূহ পৰীক্ষা কৰাৰ লগতে খানৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ প্ৰায় 60 ৰ পৰা 70 জন সদস্য মোতায়েন কৰিছিল ।

খানক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত 24 এপ্ৰিলত পানভেল টাউন আৰক্ষী থানাত কেইবাজনো লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক : ছলমান খান-ডাউদ ইব্ৰাহিমৰ সহায়কাৰীক মুকলি ভাবুকি