মুক্তি পালে অসীমা চিনে প্ৰডাকশ্যনৰ অসমীয়া চুটি ছবি "মায়াজাল-দ্যা ইল্যুছন''
গুৱাহাটী প্ৰেছ ক্লাবত অসীমা চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত অসমীয়া চুটি ছবি 'মায়াজাল-দ্য ইল্যুছন'' ৰ শুভ মুক্তি অনুষ্ঠান ৷

By ETV Bharat Entertainment Team
Published : June 30, 2025 at 3:00 PM IST
গুৱাহাটী: মুক্তি লাভ কৰিলে অসীমা চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত অসমীয়া চুটি ছবি 'মায়াজাল-দ্যা ইল্যুছন'' এ । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত মুক্তি দিয়া হয় এই চুটি ছবিখন ।
ড্ৰাগছৰ বিৰুদ্ধে সজাগতা তথা বৰ্তমান যুৱ সমাজখন যি ধৰণৰে স্খলিত হ’বলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সামাজিক দায়বদ্ধতাক সামৰি বাস্তৱমুখী চিন্তাধাৰাৰে নিৰ্মাণ কৰা হৈছে “মায়াজাল-The illusion” শীৰ্ষক এখনি চুটি ছবিখন ৷
প্ৰযোজক কুশান চৌধুৰীৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা এই চুটি ছবিখনৰ মুখ্য পৃষ্ঠপোষক হিচাপে আছে ৰেণু চৌধুৰী ৷ চুটি ছবিখনৰ পৰিচালনা সোনাল হাজৰিকাৰ ৷ ছবিখন সন্দৰ্ভত প্ৰযোজক কুশান চৌধুৰীয়ে কয়, “মায়াজাল-The illusion ছবিখনে ইতিমধ্যে কেইবাটাও সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সামাজিক ব্যাধি ড্ৰাগছৰ পৰা যুৱ-প্ৰজন্মক কেনেদৰে আঁতৰাব পাৰি, তথা অভিভাৱক সকলেও সন্তানক কেৱল পঢ়িবলৈ পঠিয়ালে নহ'ব, সন্তানৰ ওপৰত সদায় দৃষ্টি ৰাখিব লাগিব এনে কিছু ঘটনাৰ আলমত ছবিখন নিৰ্মাণ কৰা হৈছে ।”
উল্লেখ্য যে, চুটি ছবিখনৰ কাহিনী আৰু সহযোগী পৰিচালনা ধ্ৰুৱজ্যোতি কাশ্যপৰ ৷ আৱহ সংগীত অহিৰ ভৈৰৱৰ ৷ ছবিখনৰ লাইন প্ৰযোজক আৰু মুখ্য কাৰ্যবাহী পৰিচালক হিচাপে আছে ইন্দ্ৰ প্ৰসাদ বৰা ৷
মায়াজালত অভিনয় কৰিছে সৌৰভ জ্যোতি বৰা, ৰাগিনী শৰ্মা, জিতুল ভৰালী, নয়নমণি বৰা, ৰাজদ্বীপ বৰা, ত্ৰিদীপ দাস, আকাশ, গীতাৰ্থ দাস, জ্যোতিৰ্ময় শৰ্মাই । দৃশ্যগ্ৰহণ পৃথ্বীৰাজ দত্তৰ ৷ কালাৰ গ্ৰেডিং বিৰিঞ্চি কুমাৰ গগৈৰ ৷ সম্পাদনা কৰিছে জিতেন বৰাই ৷ ৰূপসজ্জা লভিতা কলিতা আৰু মিলনৰ ৷
উক্ত অনুষ্ঠানতে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় আন এখন পূৰ্ণাংগ অসমীয়া ছবি "অন্তিম নিৰ্ণয়"। অসীমা চিনে প্ৰডাকশ্যনৰ বেনাৰতে নিৰ্মিত কৰা হৈছে উক্ত ছবিখনো । melodyvoice7914 চেনেলযোগে শুভ মুক্তি দিয়া হৈছে ছবিখন ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমীয়া চলচ্চিত্ৰ, তথ্যচিত্ৰ, সংগীত ভিডিঅ’ আৰু দূৰদৰ্শনৰ অনুষ্ঠান নিৰ্মাতা অসীমা চিনে প্ৰডাকশ্যনে বিগত চাৰিবছৰ ধৰি অসমৰ সাংস্কৃতিক জগতত বহু কাম কৰি আহিছে ৷ অসীমা চিনে প্ৰডাকশ্যনৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে আছে অসীমা চৌধুৰী ৷
আনহাতে চুটি ছবিখনে 'বাৰ্লিন মোশ্যন পিকচাৰ বঁটা', 'ষ্টাৰলিং আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা', 'ৱৰ্ল্ড ফিল্ম কাৰ্নিভেল ছিংগাপুৰ বঁটা', 'জয়সালমাৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা', 'পশ্চিমবংগ চুটি ছবি মহোৎসৱ বঁটা', 'টেগ’ৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা', 'সত্যজিৎ ৰায় ইণ্ডিপেণ্ডেণ্ট চলচ্চিত্ৰ বঁটা' আৰু 'আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ বঁটাকে আদিকে ধৰি বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : থিয়েটাৰ ভাগ্যদেৱীয়ে একেবাৰেই সামৰিলে 'পেণ্ডেল'... ভ্ৰাম্যমাণ জগতখনৰ বাবে এটা বেদনাদায়ক খবৰ

