ETV Bharat / entertainment

জীৱনৰ বাটত ঈশ্বৰৰ মহত্ব বুজালে নাতাশাই: বিচ্ছেদৰ বাতৰিত ইন্ধন - Natasa Hardik Pandya Divorce

Natasa Hardik Pandya Divorce: ৱৰ্ল্ড কাপ জিকি অহাৰ পিচতো স্বামীৰ বাবে নাই এটা শুভেচ্ছা বাৰ্তা ৷ য’ত নেকি গোটেই দেশে পাণ্ডিয়াৰ শক্তিশালী প্ৰত্যাৱৰ্তনক প্ৰশংসা কৰিছে ৷ শেহতীয়াকৈ নাতাশা ষ্টেনকভিচে পুনৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ উৰাবাতৰিত ইন্ধন যোগাইছে ৷

Natasa Stankovic fuels divorce rumours with Hardik Pandya again WATCH
বিচ্ছেদৰ বাতৰিত ইন্ধন ((IANS))
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 1:28 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 4 জুলাই : নাতাশা ষ্টেনকভিচে পুনৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ উৰাবাতৰিত ইন্ধন যোগাইছে । শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে । ভিডিঅ'টো চাওক…

অভিনেত্ৰী-মডেল নাতাশা ষ্টানকভিচ আৰু ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সম্পৰ্কই এইকেইদিন শিৰোনাম দখল কৰি আছে । শেহতীয়াকৈ নাতাশাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, যিয়ে ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিত ইন্ধন যোগাইছে । ভিডিঅ’টোত নাতাশাই নিশ্চিত কৰিছে যে তেওঁ এটা নিৰ্দিষ্ট পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈ আছে। টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপ জয় কৰাৰ পিচত হাৰ্দিকৰ বাবে কোনো অভিনন্দন পোষ্ট শ্বেয়াৰ নকৰাৰ বাবে ছ’চিয়েল মিডিয়াত নাতাশা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক : সামাজিক মাধ্যমত নাতাশাৰ ষ্ট’ৰী: বিবাহ বিচ্ছেদৰ সংকেত নেকি ? - Natasa Hardik Pandya Divorce

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটো শ্বেয়াৰ নাতাশাৰ - Natasa Hardik Pandya Divorce

যোৱা বুধবাৰে মাজনিশা নাতাশা ষ্টেনকভিচে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ক্লিপ শ্বেয়াৰ কৰে । ৰঙা হৃদয়ৰ ইম’জী যোগ দিয়ে ক্লিপটোত । ক্লিপটোত তেওঁ হেৰাই যোৱাৰ কথা কৈছে ।

'যেতিয়াই আমি কোনো বিশেষ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যাওঁ...

ক্লিপটো শ্বেয়াৰ কৰি নাতাশাই কয়, ‘আজি মই কিবা এটা পঢ়িবলৈ উৎসাহিত হৈছো, মোৰ বাবে এই কথা শুনাটো বৰ জৰুৰী । সেয়ে মই বাইবেলখন গাড়ীত লগত লৈ আহিলোঁ কাৰণ মই আপোনালোককো এই বিষয়ে সকলো ক’ব বিচাৰিছো । তাত লিখা আছে – এইজন সেইজনেই ভগৱান যি আপোনাৰ আগে আগে গৈ থাকে । সদায় আপোনাৰ লগত থাকে । তেওঁ আপোনাক কেতিয়াও এৰি নাযায় । ভয় নাখাব বা নিৰুৎসাহিত নহ’ব । যেতিয়াই আমি কোনো বিশেষ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যাওঁ তেতিয়াই আমি নিৰুৎসাহিত, হতাশ, দুখী আৰু প্ৰায়ে হেৰাই যাওঁ, (কিন্তু) ভগৱান আপোনাৰ লগত থাকে । আপুনি এতিয়া যিখিনিৰ মাজেৰে পাৰ হৈ গৈ আছে তাত তেওঁ আচৰিত নহয় কাৰণ তেওঁৰ হাতত ইতিমধ্যে এটা পৰিকল্পনা আছে ।’

টীম ইণ্ডিয়াৰ জয়ৰ পিচত হাৰ্দিকক লৈ একো পোষ্ট নকৰাৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল নাতাশা । কিছুদিনৰ পৰা নাতাশা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলি আছে । এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই তেওঁলোকে ।

লগতে পঢ়ক : জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya divorce