ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱত নলবাৰীৰ অধ্যাপিকা ৰুণুমী ভাগৱতীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা - International Short Film Festival

Professor Runumi Bhagwati : নলবাৰীৰ চামতাৰ অধ্যাপিকা ড৹ ৰুণুমী ভাগৱতীলৈ শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটা । কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱত প্ৰদৰ্শিত হোৱা ‘সেউজীয়া সপোন: এক শুদ্ধ পথ’ত কৰা অভিনয়ৰ বাবে এই সন্মান অধ্যাপিকাগৰাকীলৈ ।

Nalbari Professor Runumi Bhagwati won the Best Actress award at the International Short Film Festival held in kolkata
ৰুণুমী ভাগৱতীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 16, 2024 at 7:54 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী, ১৬ জুলাই : নলবাৰী জিলাৰ চামতাৰ হাটীৰপিঠি চুবুৰীৰ বাসিন্দা তথা জালাহৰ বি বি কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ ৰুণুমী ভাগৱতীয়ে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটা । উল্লেখ্য যে ‘সেউজীয়া সপোন: এটি শুদ্ধ পথ’ চুটি ছবিখনত অভিনয় কৰিছিল অধ্যাপিকাগৰাকীয়ে । এই বঁটা প্ৰদান কৰিছে কলকাতাৰ আমাদেৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱ ২০২৪ সমিতিয়ে ।

অধ্যাপিকা ৰুণুমী ভাগৱতীৰ ভাষ্য (ETV Bharat Assam)

মন কৰিবলগীয়া যে, সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহ থকা ৰুণুমী ভাগৱতীয়ে প্ৰথমবাৰৰ বাবে চুটি ছবিখনত এগৰাকী বিধৱা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল । প্ৰায় ১ ঘন্টা ২০ মিনিটৰ চুটি ছবিখনত অভিনয় কৰা ৰুণুমী ভাগৱতীয়ে লাভ কৰিছে এই বঁটা । বঁটাটি লাভ কৰাত এতিয়া সমগ্ৰ নলবাৰী জিলাতে এক আনন্দৰ জোৱাৰ উঠিছে । পেছাত এগৰাকী অধ্যাপিকা তথা প্ৰবক্তা অমল শৰ্মাৰ পত্নী ড৹ ৰুণুমী ভাগৱতীয়ে এই চুটি ছবিখনত এগৰাকী বিধৱা মাতৃৰ চৰিত্ৰত নিখুঁত অভিনয় কৰিছিল । ছবিখনৰ মুখ্য শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁৰ পুত্ৰ প্ৰাচুৰ্য ভৰদ্বাজে ।

Nalbari Professor Runumi Bhagwati won the Best Actress award at the International Short Film Festival held in kolkata
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা (ETV Bharat Assam)

তেওঁ জানিবলৈ দিয়া অনুসৰি তেওঁৰ এই চৰিত্ৰটোৰ সৈতে সংলগ্ন আছিল তিনিটি শিশুৰ ভাল লগা দুষ্টামী । ছবিখনত এইটো দেখুওৱা হৈছে যে শিশু কেইটাৰ চিন্তা কৰাৰ ক্ষমতা আছিল আৰু তেওঁলোকে একত্ৰিত হৈ এটা ডাঙৰ কাম কৰি দেখুৱাইছিল । এই বঁটাটো লাভ কৰাৰ পিচত ভাগৱতীয়ে কয় যে তেওঁ এই চুটি ছবিখনত এগৰাকী বিধৱা হৈ বেলেগৰ ঘৰত কাম-বন কৰা এগৰাকী মগনীয়া হিচাপে অভিনয় কৰিছিল । ইয়াৰ বাবে তেওঁ তিনিমাহ পূৰ্বৰ পৰাই এই চৰিত্ৰৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি চলাইছিল ৷

উল্লেখ্য যে, সমন্বয় ফিল্মছৰ নিবেদন আৰু গগন কুমাৰ শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে প্ৰযোজক বাণী কলিতাই অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে ‘সেউজীয়া সপোন: এক শুদ্ধ পথ’ নামৰ এই চুটি ছবিখন । সম্পূৰ্ণ গাঁৱলীয়া পটভূমি আৰু থলুৱা ভাষাত নিৰ্মিত এই চুটি ছবিখন কলকাতাৰ আমাদেৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱত নিৰ্বাচিত হৈ প্ৰদৰ্শিত হোৱাৰ পিচতে ড৹ ৰুণুমী ভাগৱতীয়ে শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ সন্মান লাভ কৰে ৷

লগতে পঢ়ক : আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা কলাক্ষেত্ৰত সাংস্কৃতিক সমাৰোহ 2024 - Cultural Events 2024