ETV Bharat / entertainment

গুৱাহাটীত প্ৰথমবাৰৰ বাবে মিউজিক থেৰাপীৰ কৰ্মশালা ‘মেল’ডিক মাইণ্ডছ’ - Melodic Minds

Melodic Minds : মিউজিক থেৰাপিষ্ট অনুভূতি কাকতি গোস্বামীয়ে প্ৰথমবাৰলৈ গুৱাহাটীত আয়োজন কৰিছে কল্যাণ কাৰ্যসূচী আৰু প্ৰমাণিকৰণ সংগীত চিকিৎসা কৰ্মশালা ‘মেল’ডিক মাইণ্ডছ’ ৷ এক অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে বাদ্যযন্ত্ৰৰ সৈতে হাতে-কামে পোনপটীয়া অভিজ্ঞতা আৰু বিশেষজ্ঞৰ সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰিব ৷

Melodic Minds
গুৱাহাটীত প্ৰথমবাৰৰ বাবে মিউজিক থেৰাপীৰ কৰ্মশালা ‘মেল’ডিক মাইণ্ডছ’
author img

By ETV Bharat Assamese Team

Published : April 7, 2024 at 3:38 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৭ এপ্ৰিল : বিশিষ্ট মিউজিক থেৰাপিষ্ট(সংগীত চিকিৎসা বিশেষজ্ঞ) আৰু জীৱনাবধি প্ৰশিক্ষক অনুভূতি কাকতি গোস্বামীয়ে গুৱাহাটীত আকৰ্ষণীয় আৰু যুগান্তকাৰী মিউজিক থেৰাপীৰ কৰ্মশালাৰ আয়োজন কৰিছে ৷ এই কৰ্মশালাত অংশগ্ৰহণ কৰাসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

অনুভূতি কাকতি গোস্বামী আৰু ইমন সেউজ গোস্বামীৰ উদ্যোগত জনপ্ৰিয় বেচৰকাৰী সংস্থা ব্যতিক্ৰম মাছডোৰ সহযোগত আয়োজন কৰা হৈছে এই প্ৰমাণিকৰণ সংগীত চিকিৎসা কৰ্মশালাৰ । অহা ২৬ আৰু ২৭ এপ্ৰিলত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত আই টি এ মাছখোৱা সাংস্কৃতিক প্ৰকল্প চৌহদত দুদিনীয়াকৈ এই কৰ্মশালাৰ অনুষ্ঠিত হ’ব ৷

কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক মিউজিক থেৰাপীৰ বিস্তৃত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীত এই আগশাৰীৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে । অনুষ্ঠানত চাউণ্ড হিলিং(শব্দ নিৰাময়), কগ্নিটিভ হিলিং থেৰাপী(জ্ঞানমূলক নিৰাময় চিকিৎসা), পেইন মেনেজমেণ্ট(বিষ উপশম ব্যৱস্থাপনা), সংগীত চিকিৎসা আৰু যোগ তথা ধ্যানৰ পদ্ধতিক একত্ৰিত কৰি সকলো দিশ সামৰি লোৱা হৈছে । অংশগ্ৰহণকাৰী ব্যক্তিসকলে কৰ্মশালাখন সফলতাৰে সম্পূৰ্ণ কৰাৰ পিচত প্ৰমাণপত্ৰ লাভ কৰিব ৷ যাৰ ফলত এইসকল লোকে পেছাদাৰীভাৱে সংগীত চিকিৎসা কৰিব পাৰিব।

মুম্বাই আৰু স্পেইনৰ সামাজিক শিক্ষণ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিভিন্ন শিক্ষণ অভিজ্ঞতা অনুভূতি গোস্বামীয়ে এই কৰ্মশালাত আগবঢ়াব বুলি জানিবলৈ দিয়ে । বলীউডৰ জনপ্ৰিয় শিল্পীসকলৰ সৈতে কাম কৰাৰ যথেষ্ট অভিজ্ঞতাসম্পন্ন অনুভূতি গোস্বামীয়ে সংগীত চিকিৎসা আৰু সামগ্ৰিক আৰোগ্যৰ ক্ষেত্ৰত নিজৰ অৱদানৰ বাবে বিশেষভাৱে জনাজাত ।

এই অনুষ্ঠানটোক লৈ উৎসাহ প্ৰকাশ কৰি অনুভূতি কাকতি গোস্বামীয়ে কয়, "বিভিন্ন সাংস্কৃতিক ঐতিহ্য আৰু বিচিত্ৰ আৰু জীৱন্ত সাংস্কৃতিক অনুভূতিৰ সমাহাৰেৰে পৰিপূৰ্ণ গুৱাহাটী মহানগৰত এই সংগীত চিকিৎসা কৰ্মশালাৰ আয়োজন কৰি মই অত্যন্ত আনন্দিত। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগ নিৰাময় বা সকলোকে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত সংগীতৰ গভীৰ প্ৰভাৱৰ বিষয়ে গুৰুত্ব আৰোপ কৰা আৰু মানুহক ব্যক্তিগত আৰু পেছাদাৰী দুয়োধৰণে সংগীত চিকিৎসাত এক পৰিপূৰ্ণ যাত্ৰাৰ বাবে সক্ষম কৰি তোলা ।"

লগতে পঢ়ক: বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam singers Bihu preparetion