ETV Bharat / entertainment

ঘৰলৈ আহিল এ আৰ ৰহমান, পুত্ৰ আমিন আৰু মুখ্যমন্ত্ৰী ষ্টেলিনে দিলে ৰহমানৰ স্বাস্থ্যৰ খবৰ - AR RAHMAN HOSPITALISED

অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানক বুকুৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ সম্প্ৰতি তেওঁ সুস্থিৰ আৰু চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

AR RAHMAN HOSPITALISED
এ আৰ ৰহমান (ANI)
author img

By ETV Bharat Assamese Team

Published : March 17, 2025 at 8:43 AM IST

2 Min Read

চেন্নাই: অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমান ডিহাইড্ৰেচন আৰু ডিঙিৰ বিষৰ বাবে দেওবাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ কেইঘন্টামানৰ পাছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় । তেওঁৰ পৰিয়াল আৰু বিষয়াসকলে এই কথা নিশ্চিত কৰিছে । চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৫৮ বছৰীয়া সংগীত শিল্পীগৰাকী পানীলগা আৰু গেষ্ট্ৰিক সমস্যাৰ বাবে অসুস্থ অনুভৱ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে তেওঁক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় য’ত চিকিৎসকে কেইবাটাও পৰীক্ষা কৰি ৰহমানৰ স্বাস্থ্য এতিয়া সুস্থিৰ হোৱা বুলি নিশ্চিত কৰে ।

স্বাস্থ্যৰ আপডেট দিলে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰহমানৰ প্ৰতি থকা সমৰ্থন শ্বেয়াৰ কৰি টুইটৰ জৰিয়তে জনসাধাৰণক আশ্বস্ত কৰে যে সংগীতজ্ঞজন ভালেই আছে । এটা টুইটত ষ্টেলিনে লিখিছে, "এ আৰ ৰহমানক চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে বুজ লৈছিলোঁ । এতিয়া তেওঁ ভালেই আছে আৰু সোনকালে ঘৰলৈ উভতি আহিব ।"

এ আৰ ৰহমানৰ পুত্ৰৰ পোষ্ট

ৰহমানৰ পুত্ৰ এ আৰ আমিনেও ছ’চিয়েল মিডিয়াতো এটা এই বিষয়ে উল্লেখ কৰে । সংগীতজ্ঞগৰাকীৰ বাবে প্ৰাৰ্থনা কৰা অনুৰাগীসকলক ধন্যবাদ জনাই তেওঁ লিখিছে, "আমাৰ সকলো প্ৰিয় অনুৰাগী, পৰিয়াল আৰু শুভাকাংক্ষীলৈ, আপোনালোকৰ মৰম, প্ৰাৰ্থনা আৰু সমৰ্থনৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো । ডিহাইড্ৰেচনৰ বাবে দেউতাই অলপ দুৰ্বল অনুভৱ কৰি আছিল । কিন্তু মই আপোনালোকক ক’বলৈ পাই সুখী যে তেওঁৰ অৱস্থা এতিয়া ঠিকেই আছে । আপোনাৰ মৰমলগা কথা আৰু আশীৰ্বাদ আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ ।"

AR RAHMAN HOSPITALISED
এ আৰ ৰহমানৰ পুত্ৰই দিলে স্বাস্থ্যৰ আপডেট (Instagram)

ৰহমানৰ মেনেজাৰ সেনথিল ভেলানেও তেওঁৰ ডিচচাৰ্জৰ খবৰ নিশ্চিত কৰি কয়, "ডিহাইড্ৰেচন আৰু গেষ্ট্ৰিক সমস্যাৰ বাবে তেওঁক আজি পুৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । চিকিৎসকে পৰীক্ষা কৰিলে, এতিয়া সকলো ঠিকেই আছে । এতিয়া ঘৰলৈ উভতি আহিছে আৰু ভালেই আছে ।"

শেহতীয়াকৈ এড শ্বীৰানৰ চেন্নাই ভ্ৰমণৰ সময়ত এ আৰ ৰহমানে তেওঁৰ লগত এটি স্মৰণীয় অনুষ্ঠানত পৰিবেশন কৰে আৰু তাৰ পিছতে তেওঁ চিকিৎসালয়ত ভৰ্তি হয় । বৰ্তমান ৰহমানে বহুকেইটা প্ৰকল্পত কাম কৰি আছে । য’ত আছে আটাইতকৈ প্ৰত্যাশিত তেৰে ইছক মেইন, লাহোৰ ১৯৪৭ আৰু গান্ধী টকছ ।

লগতে পঢ়ক: সংগীত সুৰকাৰ এ আৰ ৰহমান এপ’ল’ হাস্পতালত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.