ETV Bharat / entertainment

সংগীত সুৰকাৰ এ আৰ ৰহমান এপ’ল’ হাস্পতালত চিকিৎসাধীন

অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানক বুকুৰ বিষৰ বাবে চেন্নাইৰ থাউজেণ্ড-লাইট এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

AR RAHMAN HOSPITALISED
সংগীত সুৰকাৰ এ আৰ ৰহমানক এপ’ল’ হাস্পতালত ভৰ্তি (ANI)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 11:40 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সংগীত সুৰকাৰ এ আৰ ৰহমানক দেওবাৰে পুৱা চেন্নাইৰ থাউজেণ্ড-লাইট এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় । পুৱা প্ৰায় ৭:৩০ বজাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে ইচিজি আৰু ইকোকাৰ্ডিঅ’গ্ৰামকে ধৰি কেইবাটাও পৰীক্ষা কৰে । খবৰ অনুসৰি তেওঁৰ এঞ্জিঅ’গ্ৰাম হ’ব পাৰে । চিকিৎসকৰ এটা বিশেষজ্ঞৰ এটা দলে তেওঁক চিকিৎসা কৰি আছে ।

এপ’ল’ হাস্পতালৰ কৰ্তৃপক্ষই কয় যে, এ আৰ ৰহমান চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে । তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছিল যেতিয়া এ আৰ ৰহমানক চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ আহিছিল আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যে ভগৱান আমাৰ অস্কাৰ নায়কক সোনকালে সুস্থ কৰক আৰু তেওঁ ঘৰলৈ উভতি আহক ।

বুকুৰ বিষত আক্ৰান্ত শিল্পীগৰাকী

খবৰ অনুসৰি বিদেশৰ পৰা ঘৰলৈ আহি ৰহমানে প্ৰথমে ডিঙিত আৰু তাৰ পিছত বুকুত বিষ অনুভৱ কৰে । অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীক লগে লগে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় য’ত বিশেষজ্ঞৰ এটা দলে তেওঁক চিকিৎসা কৰি আছে । আশাকৰোঁ সোনকালে চিকিৎসালয়ৰ পৰা তেওঁ ঘৰলৈ উভতি আহিব ।

ৰহমানৰ প্ৰাক্তন পত্নীও অসুস্থ

ৰহমানৰ সৈতে এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে তেওঁৰ প্ৰাক্তন পত্নী ছাইৰা বানুকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । মাত্ৰ কেইদিনমানৰ আগতে চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে ছাইৰাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । আইনী উপদেষ্টা বন্দনা শ্বাহে বিবৃতি জাৰি কৰি তেওঁ স্বাস্থ্যৰ সবিশেষ প্ৰকাশ কৰে ।

পত্নীৰে বিবাহ বিচ্ছেদ এ আৰ ৰহমানৰ

১৯৯৫ চনত এ আৰ ৰহমান আৰু ছাইৰা বানুৰ বিবাহ হয় । তেওঁলোকৰ তিনি সন্তান – খাটিজা, ৰহিমা আৰু আমিন ৰহমান । কিন্তু বিবাহৰ ২৯ বছৰৰ পাছত ২০২৪ চনৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি দম্পতিটোৱে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ হ’লে এ আৰ ৰহমানে এইবাৰ তামিল ছবি কাধলিকা নেৰমিল্লাই আৰু চাভাত সংগীত দিছে । সংগীতজ্ঞগৰাকীৰ একাধিক ভাষাৰ প্ৰজেক্ট লাইনত আছে । মণি ৰত্নমৰ পৰিচালনা আৰু কমল হাছানৰ অভিনীত থাগ লাইফ ছবিখন মুক্তিৰ বাবে সাজু হৈছে । ১০ জুনত মুক্তি পাব পাৰে ছবিখন । লাহোৰ ১৯৪৭, তেৰে ইছক মেইন, ৰামায়ণ ধাৰাবাহিক, ৰাম চৰণৰ আৰ চি ১৬ আৰু গান্ধী টকছতো এ আৰ ৰহমানৰ সংগীত থাকিব ।

লগতে পঢ়ক: অভিনেতা ছৈফ আলী খানক ছবাৰকৈ চোকা অস্ত্ৰৰে হানিলে চোৰে

কৰীণা আৰু মই শোৱনি কোঠাত আছিলো, জেহে কান্দি আছিল, নেনীয়ে চিঞৰি আছিল... : ছৈফ আলী খানৰ প্ৰথম মন্তব্য