মুম্বাই: ছলমান খানৰ বিপদ যেন শেষেই নহ’ব ! অলপ সময়ৰ মূৰে মূৰে ঘটিয়েই আছে ইটোৰ পিছত সিটো ঘটনা ৷ কেইমাহমানৰ আগতে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনা হৈছিল, যাৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণৈ গেঙে । এই দুৰ্ঘটনাৰ পাছত ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হয় । এতিয়া শেহতীয়াকৈ তেওঁৰ ঘৰত এগৰাকী অচিনাকি মহিলাই প্ৰৱেশ কৰিছে, যিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
ছলমানৰ ঘৰত প্ৰৱেশ এগৰাকী মহিলাৰ
Mumbai | A woman attempting to trespass into Actor Salman Khan's residence at Galaxy apartments arrested by the Police. The Police are questioning the woman: Mumbai Police
— ANI (@ANI) May 22, 2025
২০২৫ চনৰ ২২ মে’ত বলীউডৰ ভাইজান ছলমান খানৰ গেলেক্সী এপাৰ্টমেণ্টত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে । মহিলাগৰাকীয়ে অবৈধভাৱে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ হস্তক্ষেপ কৰি তেওঁক থিতাতে জিম্মাত লৈ যায় ।
আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
সম্প্ৰতি মুম্বাই আৰক্ষীয়ে এই প্ৰচেষ্টাৰ আঁৰত কি উদ্দেশ্য আছিল সেই বিষয়ে জানিবলৈ মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে । মহিলাগৰাকীৰ পৰিচয় বা হঠাৎ ঘৰত প্ৰৱেশৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই ।
২০২৪ চনৰ এপ্ৰিল মাহত মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ গেলেক্সী এপাৰ্টমেণ্টত খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা হৈছিল । এই গুলীচালনাৰ ঘটনা লৰেন্স বিষ্ণৈ গেঙে সংঘটিত কৰে বুলি জানিব পৰা যায় । গেংষ্টাৰৰ ভাতৃ অনমোল বিষ্ণৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে ইয়াৰ দায়িত্ব লয় । এই ঘটনাৰ পিছতে ছলমান খানৰ নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি কৰা হয় ।
মটৰ চাইকেলত অহা দুজন লোকে গুলীচালনা কৰিছিল ছলমানৰ ঘৰলৈ বুলি । ছলমানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পূৰ্বে অহা ভাবুকিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্তও কৰিছিল ৷ ছিকন্দৰৰ প্ৰচাৰৰ সময়তো ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল, যাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমক জনাইছিল ।
লগতে পঢ়ক : ‘ছিকন্দৰ’ৰ মুক্তিৰ পূৰ্বে লৰেন্স বিষ্ণৈ দলৰ পৰা পোৱা ভাবুকি সন্দৰ্ভত ভাইজানে ক’লে, ‘ভগৱান, আল্লাহ...