সোণ-ৰূপৰ লগতে এক লাখ টকা... ৫০ টা দম্পতীলৈ আম্বানী পৰিয়ালৰ উপহাৰ - Anant Radhika Wedding
Ambani Family Gift To 50 Couples At Mass Wedding: ৫০ টাতকৈও অধিক দম্পতীৰ বাবে ‘গণ বিবাহৰ’ আয়োজন আম্বানী পৰিয়ালৰ ৷ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানৰ এনেদৰে শুভাৰম্ভণি কৰিলে মুকেশ আৰু নীতা আম্বানীয়ে ।

Published : July 3, 2024 at 2:21 PM IST
নেশ্যনেল ডেস্ক, 3 জুলাই: উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ এই জুলাই মাহতে অনুষ্ঠিত হ’বলৈ গৈ আছে । আম্বানী পৰিয়ালো সাজু হৈছে অনন্ত-ৰাধিকাৰ বিবাহ উৎসৱৰ বাবে । তাৰ মাজতে মঙলবাৰে মুকেশ-নীতা আম্বানীয়ে ৫০ টা দম্পতীৰ গণ বিবাহৰ আয়োজন কৰিছিল । পৰিয়ালৰ লোকৰ সৈতে আম্বানীয়ে দম্পতীকেইটালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে ।
গণ বিবাহত ৮০০ গৰাকী লোকে কৰিলে অংশগ্ৰহণ
ৰিলায়েন্স কৰ্পৰেট পাৰ্কত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দম্পতীবোৰৰ পৰিয়ালৰ প্ৰায় ৮০০ গৰাকী লোকে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানৰ পৰা আৰম্ভ কৰি পৰিয়ালটোৱে আগন্তুক বিয়াৰ বতৰত সমগ্ৰ দেশতে এনে শ শ বিবাহক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আম্বানী পৰিয়ালে ‘মানৱ সেৱা হী মাধৱ সেৱা’ অৰ্থাৎ ‘মানৱতাৰ সেৱাই ঈশ্বৰৰ সেৱা’ এই উক্তি অনুসৰণ কৰে ।
দম্পতীক দিয়া সোণৰ অলংকাৰ আৰু ঘৰুৱা সামগ্ৰী
প্ৰতিগৰাকী দম্পতীলৈ আম্বানী পৰিয়ালে বিবাহৰ বাবে মংগলসূত্ৰ, বিবাহৰ আঙঠি আৰু নাকফুলিকে আদি কৰি সোণৰ গহনা আদি উপহাৰ হিচাপে প্ৰদান কৰে । লগতে ৰূপৰ গহনা যেনে : ভৰিৰ আঙঠি, পায়েল আদিও প্ৰদান কৰে । ইয়াৰ উপৰিও প্ৰতিগৰাকী কইনাক ‘স্ত্ৰীধন’ হিচাপে ১.০১ লাখ টকাৰ চেক প্ৰদান কৰা হয় ।
ইয়াৰ লগতে প্ৰতিটো দম্পতীক এবছৰৰ বাবে উপহাৰ হিচাপে পৰ্যাপ্ত পৰিমাণৰ গেলামাল আৰু ঘৰুৱা সামগ্ৰীও দিয়া হৈছিল । য’ত আছিল বাচন-বৰ্তন, গেছ ষ্টোভ, মিক্সাৰ আৰু ফেনৰ দৰে প্ৰয়োজনীয় সামগ্ৰী । বিবাহ অনুষ্ঠানত দৰা-কইনাৰ পৰিয়ালৰ সদস্য, সমাজকৰ্মী আৰু অন্যান্য লোক উপস্থিত থাকে । মুকেশ আম্বানী, অনন্ত আম্বানীকে ধৰি আম্বানী পৰিয়ালৰ অন্যান্য সদস্যৰ লগতে ৰাধিকা মাৰ্চেণ্টে প্ৰায় ৫১ হাজাৰ গাঁৱবাসীৰ মাজত পৰম্পৰাগত গুজৰাটী খাদ্য পৰিবেশন কৰে ।
এই দিনতে হ’ব অনন্ত-ৰাধিকাৰ বিবাহ
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টে ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে ।

