ETV Bharat / entertainment

ক্ৰিকেট ফিল্ডতেই নহয়; ফিল্ডৰ বাহিৰতো এতিয়া জিলিকিছে ধোনী

খেলপথাৰৰ সমানেই এতিয়া মনোৰঞ্জন জগততো দপদপাইছে মাহীয়ে । জানো আহক কিদৰে বিনোদনৰ জগতখনত খোপনি পুতিছে কেপ্টেইন কুলে ।

MS DHONI BIRTHDAY
ধোনীৰ ছবিলৈ ৰৈ আছে অনুৰাগী (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : July 7, 2025 at 5:00 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ক্ৰিকেটৰ পথাৰত কেপ্টেইন কুল বুলি ক’লেই মনলৈ আহে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কথা । তেওঁৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ২০০৭ চনত আই চি চি টি-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰে ।

এই ক্ৰিকেট তাৰকাগৰাকীৰ মনোৰঞ্জন জগতৰ সৈতেও সম্পৰ্ক আছে । আপুনি জানেনে ধোনিৰ নামেৰে এটা প্ৰডাকশ্যন কোম্পানী আছে । য'ত এখন চিনেমা, এখন তথ্যচিত্ৰ ইতিমধ্যে মুক্তি পাইছে । আন এখন চিনেমা এতিয়া মুক্তিৰ পথত । ধোনিৰ ৪৪ সংখ্যক জন্মদিনত ক্ৰিকেট তাৰকাগৰাকীৰ মনোৰঞ্জনৰ দিশটো চাওঁ আহক ।

প্ৰডাকশ্যন জগতত ধোনী (ধোনী এণ্টাৰটেইনমেণ্ট)

ক্ৰিকেটৰ দুনীয়াত ১৯ বছৰ কটোৱাৰ পিছত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে মহেন্দ্ৰ সিং ধোনীয়ে । ২০২৩ চনত ধোনীয়ে চেন্নাইত নিজাকৈ চলচ্চিত্ৰ প্ৰডাকশ্যন কোম্পানী ‘ধোনী এণ্টাৰটেইনমেণ্ট’ আৰম্ভ কৰে । তেওঁৰ শাহুৱেক শীলা সিং আৰু পত্নী সাক্ষী ধোনী এণ্টাৰটেইনমেণ্টৰ যুটীয়া চিইঅ’ । কন্যা সাক্ষীৰ সৈতে ৮০০ কোটি টকাৰ এই মনোৰঞ্জনৰ ব্যৱসায় পৰিচালনা কৰি আছে শীলা সিঙে ।

প্ৰথম নিৰ্মিত চিনেমা (ধোনী এণ্টাৰটেইনমেণ্টৰ চিনেমাৰ তালিকা)

ধোনিৰ প্ৰডাকশ্যন কোম্পানীয়ে মুক্তি দিয়া প্ৰথমখন ছবি মুক্তি পাইছিল তামিল ভাষাত । ‘এল জি এম’ অৰ্থাৎ ‘লেটছ গেট মেৰেড’ ২০২৩ চনত মুক্তি লাভ কৰে । দক্ষিণৰ পৰিচালক ৰমেশ থামিল মণিৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে নাদিয়া, যোগী বাবু আৰু মিৰ্চি বিজয়ে । তামিলৰ উপৰিও ছবিখন তেলুগু ভাষাতো মুক্তি লাভ কৰে ।

ইয়াৰ লগতে ৰ’আৰ অফ দ্য লায়ন নামেৰে এখন স্পৰ্টছ ড্ৰামা ডকুমেণ্টৰিয়ে মুক্তি লাভ কৰে । মাহী আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ত চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়ক আছিল । এই দলটোৱে বেটিং চক্ৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । তাৰ পিছত এই দলটো একেৰাহে দুবছৰ ধৰি আই পি এল খেলাৰ পৰা বিৰত থাকিল । সেই ঘটনা ধোনিৰ এই তথ্যচিত্ৰত বন্দী হৈছে, যিটো প্ৰযোজনা কৰিছিল ধোনী এণ্টাৰটেইনমেণ্টে ।

মুক্তিৰ অপেক্ষাত দ্য হিডেন হিন্দু ( বিজ্ঞান-কল্পকাহিনী ৱেব ছিৰিজ)

ধোনী এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল পেজত প্ৰকাশ পোৱা তথ্য অনুসৰি পৰিচালক অক্ষত গুপ্তাই লৈ আহিছে এখন পৌৰাণিক থ্ৰিলাৰ । একবিংশ শতিকাৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছে ছবিখনৰ চিত্ৰনাট্য । ধোনীৰ কোম্পানীয়ে ইয়াক প্ৰস্তুত কৰি আছে ।

এক সাক্ষাৎকাৰত ধোনীৰ পত্নী সাক্ষীয়ে কয় যে ৰহস্যময় আঘোৰী চৰিত্ৰটোক মনত ৰাখি এই নতুন কাহিনীটো সৃষ্টি কৰা হৈছে । জনা যায় যে এই ছবিখন ৱেব ছিৰিজ হিচাপে মুক্তি পাব । এতিয়ালৈকে আৰু একো জনা হোৱা নাই । কোনে অভিনয় কৰিছে, শ্বুটিং সম্পৰ্কে একো তথ্য জানিব পৰা হোৱা নাই । অনুৰাগীসকলে এই বিজ্ঞান-কল্পকাহিনীৰ বাবে অপেক্ষা কৰি আছে । লগতে মহেন্দ্ৰ সিং ধোনী এই প্ৰডাকশ্যন কোম্পানীত কেইবাটাও বিজ্ঞাপনৰ চেহেৰা হৈ আহিছে ।

লগতে পঢ়ক : হলীউড ৱাক অফ ফেমেৰে সন্মানিত প্ৰথমগৰাকী ভাৰতীয় দীপিকা পাডুকন