ETV Bharat / entertainment

ঘুণে ধৰা ব্যৱস্থাবোৰ উদঙাবলৈ আহি আছে 'ঘুণ'

সমাজৰ প্ৰতিটো স্তৰতে কেৱল দুৰ্নীতি ।

NEW ASSAMESE WEB SERIES
নতুন ৱেব ছিৰিজ 'ঘুণ' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 8:58 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: নৱ প্ৰজন্মৰ দুগৰাকী পৰিচালকৰ যুটীয়া পৰিচালনাত শীঘ্ৰেই মুকলি হ'ব এখন নতুন অসমীয়া ৱেব ছিৰিজ । 'ঘুণ' নামৰ এই নতুন অসমীয়া ৱেব ছিৰিজখনত ৮ টা খণ্ড সন্নিবিষ্ট কৰা হৈছে । ৱেব ছিৰিজখন প্ৰযোজনা কৰিছে কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই ।

মৃন্ময় শইকীয়া আৰু অজিত গিৰিয়ে পৰিচালনা কৰা এই ৱেব ছিৰিজখনত বৰ্তমান সময়ত মাটি-বাৰীৰ পৰা আৰম্ভ কৰি কোটিটকীয়া ফ্লেট, পৰীক্ষা, চাকৰি আদিকে ধৰি সকলোতে সংঘটিত হৈ থকা দুৰ্নীতিৰ বিষয়সমূহ প্ৰদৰ্শন কৰা হ'ব । দুৰ্নীতিৰ কিছুমান অজান কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ৱেব ছিৰিজখন ।

NEW ASSAMESE WEB SERIES
নতুন ৱেব ছিৰিজ 'ঘুণ' (ETV Bharat Assam)

ৱেব ছিৰিজখন সন্দৰ্ভত পৰিচালক মৃণ্ময় শইকীয়াই কয়, "ৱেব ছিৰিজখন আচলতে আমি দুৰ্নীতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিছো । বিগত দুই-তিনিবছৰে অসমত বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা দেখা হৈছে । সেয়া লাগিলে চৰকাৰী কাৰ্যালয়তেই হওক অথবা চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াতে নহওক কিয় আমি নিতৌ এনেধৰণৰ দুৰ্নীতিৰ বাতৰি পায়ে থাকো । সমাজত ঘটি থকা এনে কিছু দুৰ্নীতিৰ ঘটনাৰ আধাৰতে ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । এই ছিৰিজখন এখন ডাৰ্ক-কমেডিযুক্ত ছিৰিজ । যদিও ছিৰিজখনৰ বিষয়বস্তু বহু গধুৰ কিন্তু ইয়াক এক ব্যংগাত্মক ধৰণে উপস্থাপন কৰা হৈছে ।"

NEW ASSAMESE WEB SERIES
নতুন ৱেব ছিৰিজ 'ঘুণ' (ETV Bharat Assam)

আনহাতে, ছিৰিজখনৰ নামটো 'ঘুণ' ৰখাৰ প্ৰসংগত পৰিচালকগৰাকীয়ে কয়, "মানুহৰ ঘৰত বা ঘৰৰ মাৰলি বা বৰঘৰত যেতিয়া ঘুণে ধৰে তেতিয়া সেইসমূহ পচিবলৈ আৰম্ভ কৰে । ঠিক তেনেদৰে এতিয়া আমাৰ চৰকাৰৰ যিসমূহ ব্যৱস্থাপনা আছে, সেইসমূহত ঘূণে ধৰিছে আৰু সেইসমূহে সমগ্র ব্যৱস্থাটো পচাই আনিছে । তেনে এক প্ৰসংগতে নামটো ঘুণ ৰখা হৈছে ।"

NEW ASSAMESE WEB SERIES
নতুন ৱেব ছিৰিজ 'ঘুণ' (ETV Bharat Assam)

উল্লেখ্য় যে এই ছিৰিজখনত অভিনয় কৰিছে অতুল পাচনি, হিমাংশু প্ৰসাদ দাস, জেনেট বে', সুদৰ্শন নাথ, বনদ্বীপ শৰ্মা, দীক্ষা খাউণ্ড, সপ্তৰ্ষি গগৈ আৰু কিংশু বৰুৱাই । ছিৰিজখনত সহকাৰী পৰিচালকৰ দায়িত্বত আছে মৃদুপৱন পৰাশৰ আৰু ভাস্কৰজ্যোতি দত্ত । ছিৰিজখনৰ দৃশ্যগ্ৰহণ কৰিছে আকাশদ্বীপে । শীঘ্ৰে ছিৰিজখন মুক্তি লাভ কৰিব ৰীলড্ৰামাত ।

লগতে পঢ়ক:অতীতৰ স্মৃতি ৰোমন্থন কৰিব পৰাকৈ দৰ্শকৰ মাজলৈ ৱেব ছিৰিজ জানমণি ২০২৫ - VCD JAANMONI IN WEB SERIES FORM

‘দ্য ক্লিনিক’: ঔষধ বা থেৰাপীয়ে দূৰ কৰিব পাৰে জানো মানসিক সমস্যা ? - NEW ASSAMESE WEB SERIES THE CLINIC