ETV Bharat / entertainment

ধনী হোৱাৰ স্বপ্ন বুকুত বান্ধি আহি আছে "Malamal Boyyyz" - NEW ASSAMESE FILM MALAMAL BOYYYZ

এদল যুৱপ্ৰজন্মৰ কাহিনী সামৰি মুক্তিৰ বাবে সাজু হৈছে আন এখন অসমীয়া ছবি "Malamal Boyyyz" ৷ আগন্তুক মাহৰ ১১ তাৰিখে মুক্তিলাভ কৰিব ছবিখনে ।

Mrinal Deka directorial new assamese film malamal boyyyz to be releases on 11th july
নতুন অসমীয়া চিনেমা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 9, 2025 at 12:05 PM IST

2 Min Read

গুৱাহাটী : এদল যুৱকৰ তিতা-মিঠা অভিজ্ঞতাৰে ১১ জুলাইত ছবিগৃহলৈ আহি আছে "Malamal Boyyyz" ৷ অনিমা লহকৰ প্ৰযোজনা আৰু মাটংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মৃণাল ডেকাৰ । এদল যুৱপ্ৰজন্মৰ ধনী হোৱাৰ পৰিকল্পনা । ধনী হোৱাৰ এই যাত্ৰাটোত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ছবিখন ।

মূলতঃ ৪ জন যুৱকে ধনী হোৱাৰ স্বপ্নত বিলীন হৈ সেই স্বপ্নক সাৰ্থক কৰিবলৈ যোৱাৰ সময়ত তেওঁলোক যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই সকলোখিনি সামৰি নিৰ্মাণ কৰা হৈছে "Malamal Boyyyz" ছবিখন । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিন বৰা, জিণ্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ, উজ্জ্বল ৰাজখোৱা আৰু জুনু নাথ ডেকাই । আনহাতে অন্যান্য চৰিত্ৰসমূহত আছে অসমী শৰ্মা, অতুল পাঁচনি, সিদ্ধাৰ্থ মুখাৰ্জী, অমূল্য কুমাৰ, দীপক ৰয়, নম্ৰতা দাস, প্ৰণামী ভাৰতী, ৰাজীৱ গোস্বামী, ৰাজু ৰয়, নৱ নাথ, অতনু মহন্ত, দ্বীপজ্যোতি আদিকে ধৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

Malamal Boyyyz
মৃণাল ডেকাৰ চিনেমা (Photo : ETV Bharat Assam)

ইফালে ছবিখনৰ গীত তিনিটাৰ এটা গীতত আচুৰ্য বৰপাত্ৰ, এটা গীতত জয় বৰুৱা আৰু আনটো গীতত বহ্ণিমানে কণ্ঠদান কৰিছে । সংগীত কৰিছে ত্ৰিনয়ন মহন্তই । ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে মৃণাল ডেকা, জিণ্টু কাশ্যপ আৰু নিশিৰঞ্জন কে মল্লিকাৰ । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰে । শব্দ-সংমিশ্ৰণ কিংশুক মৰাণৰ । সম্পাদনাত আছে হাৰ্দিক কাশ্যপ ।

Malamal BoyyyzMrinal Deka directorial new assamese film malamal boyyyz to be releases on 11th july
১১ জুলাইত ছবিগৃহত (Photo : ETV Bharat Assam)

আনহাতে মুক্তিৰ পূৰ্বে অৰ্থাৎ ১০ জুন তাৰিখে এটা ডাঙৰ খবৰ জনাবলৈ সাজু হৈ আছে নিৰ্মিতাগোষ্ঠী । যি খবৰে উৎফুল্লিত কৰিব আপোনাসৱক । উল্লেখ্য যে, মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মাণ কৰা চুটি ছবি আৰু ৱেব ছিৰিজসমূহে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ পৰিচালনাৰে নিৰ্মিত "জুনুকা" ধাৰাবাহিকখনে ইতিমধ্যে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আহিবলগীয়া ছবিখনৰ বাবে এতিয়া আশাবাদী পৰিচালক তথা কলা-কুশলীসকল ৷

লগতে পঢ়ক : ধনী হোৱাৰ সপোনে যেতিয়া হাতবাউল দি মাতে, পাহৰি নাযাব প্ৰত্যাহ্বানৰ কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.