ETV Bharat / entertainment

জনপ্ৰিয় মিজো পপ তাৰকা ফেলি ফানাইৰ শেষ নিশ্বাস

বুধবাৰে পুৱতি নিশা 2.15 বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় পপ তাৰকা ফেলি ফানাইয়ে ৷ মৃত্যুৰ সময়ত তেওঁ দুটি পুত্ৰ সন্তানক এৰি থৈ গৈছে ৷

mizo pop artist feli fanai dies at the age of 33
মিজো পপ তাৰকা ফেলি ফানাই (Photo : Feli Fanai Instagram handle)
author img

By ETV Bharat Entertainment Team

Published : February 12, 2025 at 2:26 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : জনপ্ৰিয় মিজো পপ তাৰকা ফেলি ফানাইৰ মৃত্যু ৷ বিগতে বৰ্ষতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ 33 বছৰ ৷ তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সংগীতজগতৰ লগতে তেওঁৰ অনুৰাগীসকল ৷ জানিব পৰা মতে, 2024 বৰ্ষৰ 20 ডিচেম্বৰত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ভাগৰুৱা হৈ পৰাৰ লগতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল ৷ পিছে ভৰ্তি কৰোৱাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিহে ঘটে ৷ লগে লগে তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হয় যদিও নিয়তিৰ ওচৰত তাৰকাগৰাকীয়ে হাৰ মানে ৷ বুধবাৰে পুৱা আইজলৰ এবেনেজাৰ হাস্পতালত ফানাইক মৃত ঘোষণা কৰা হয় ৷

"অতি গধুৰ হৃদয়েৰে, দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ফেলি ফানাইৰ দুখজনক মৃত্যুৰ বিষয়ে আপোনাসৱক অৱগত কৰি আমি দুখিত", পৰিয়ালৰ এজন সদস্যই সামাজিক মাধ্যমৰ এটা পোষ্টত এইদৰে কয় । ফানাইৰ অন্তিম সংস্কাৰ বৃহস্পতিবাৰে চম্ফাইত অনুষ্ঠিত হ'ব, য'ত তেওঁ জন্ম আৰু ডাঙৰ দীঘল হৈছিল ।

দুই পুত্ৰ, পিতৃ-মাতৃ, দুই ভাতৃ আৰু এগৰাকী ভগ্নীক এই সংসাৰত এৰি থৈ গৈছে ফেলি ফানায়ে ৷ ইমান কম বয়সতে মৃত্যু ঘটা ফেলিৰ অনুৰাগীসকল হতাশ হৈ পৰিছে ৷ সংগীতত জগতত এক পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰিলে ফেলিৰ মৃত্যুৱে ৷

1991 চনৰ 8 ছেপ্টেম্বৰত জন্মলাভ কৰা ফেলি ফানাই কেৱল তেওঁৰ সুৰীয়া কণ্ঠৰ বাবেই নহয় মঞ্চত তেওঁৰ শক্তিশালী উপস্থানৰ বাবেও জনপ্ৰিয় আছিল ৷ 2013 চনত তেওঁৰ প্ৰথম মিউজিক ভিডিঅ‘ মুকলিয়ে তেওঁক সকলোৰে মাজত জনাজাত কৰি তুলিছিল ৷

দশকজোৰা কেৰিয়াৰত তেওঁ অসংখ্য প্ৰশংসা লাভ কৰে, যেনে মিজোৰাম এণ্টাৰটেইনমেণ্ট এৱাৰ্ড - আইকনিক আৰ্টিষ্ট অফ দ্য ইয়েৰ ২০২০, প্ৰডাকশ্যন হাউচ - পিপলছ চয়ছ এৱাৰ্ড ২০২০ আৰু লেলটে এৱাৰ্ড - বেষ্ট ছিংগাৰ অফ দ্য ইয়েৰ ২০১৮ আদি বহুতো ।

লগতে পঢ়ক : লোহিত গগৈৰ পাছত এইবাৰ গুৰুতৰভাৱে অসুস্থ বিপিন চাউদাং