ETV Bharat / entertainment

চিকিৎসালয়ৰ পৰা মুকলি হ’ল মিঠুন চক্ৰৱৰ্তী, ডায়েবেটিছ ৰোগীক দিলে পৰামৰ্শ

Mithun Chakraborty discharged : কলকাতা চিকিৎসালয়ত ভৰ্তি হৈ থকা মিঠুন চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ অৱস্থা এতিয়া উন্নত হোৱাৰ পিচতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ।

mithun chakraborty released from hospital
চিকিৎসালয়ৰ পৰা মুকলি হ’ল মিঠুন চক্ৰৱৰ্তী
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 6:56 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: সোমবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ল প্ৰবীণ চলচ্চিত্ৰ অভিনেতা মিঠুন চক্ৰৱৰ্তীক । হাস্পতালৰ পৰা ওলাই আহি অভিনেতাগৰাকীয়ে ডায়েবেটিছ ৰোগীক দিলে পৰামৰ্শ ৷ সংবাদ মাধ্যমৰ সন্মুখত ডায়েবেটিছ ৰোগীক পৰামৰ্শ দি মিঠুনে কয়, ‘‘যিসকলৰ এই সমস্যা আছে তেওঁলোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে । যিসকল লোকৰ চুগাৰ আছে সেইসকল মানুহে এইটো ভাবিব নালাগে যে মিঠাই নাখালে একো নহ’ব । খাব লাগে কিন্তু কম পৰিমাণে ৷ মোৰো সেই একে সমস্যা আছিল তথাপিও মই মিঠাই খাইছিলো, কিন্তু এতিয়া মই সম্পূৰ্ণ সুস্থ ।"

শ্বুটিঙৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটিছিল অভিনেতাগৰাকীৰ

উল্লেখ্য যে, শনিবাৰে এখন ছবিৰ শ্বুটিঙৰ সময়ত অভিনেতাগৰাকী হঠাৎ অসুস্থ হৈ পৰিছিল । তাৰ পাচত ততাতৈয়াকৈ তেওঁক কলকাতাৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ এই খবৰ বিয়পি পৰা পিচতে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছিল আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল ৷

ইয়াৰ পিচত শনিবাৰে এপ’ল’ হাস্পতালে এক বিবৃতি প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা মিথুন চক্ৰৱৰ্তীক পুৱা ৯.৪০ বজাত কলকাতাৰ এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হৈছিল । মগজুৰ তলৰ অংশৰ এম আৰ আইকে ধৰি প্ৰয়োজনীয় পৰীক্ষাগাৰ আৰু ৰেডিঅ’লজী কৰা হৈছিল । এই পৰীক্ষাসমূহৰ পৰা গম পোৱা গৈছে যে তেওঁ মগজুৰ Ischemic Cerebrovascular Accident (Stroke) ৰোগ ধৰা পৰিছে ৷ যাৰ বাবে তেওঁক স্নায়ু-চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ আৰু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টকে ধৰি চিকিৎসকৰ এটা দলে নিৰীক্ষণত ৰাখিছে ।

অৱশ্যে এতিয়া তেওঁ সুস্থ হৈ উঠিছে, সেয়েহে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ অৱশ্যে তেওঁক জিৰণি ল’বলৈও পৰামৰ্শ দিছে চিকিৎসকে ।

লগতে পঢ়ক: হাস্পতালৰ পৰা ভাইৰেল মিঠুন চক্ৰৱৰ্তীৰ ভিডিঅ’