ETV Bharat / entertainment

সুস্থ হৈয়ে বোৱাৰী-পুত্ৰৰ সৈতে ছুটীলৈ গ’ল মিথুন চক্ৰৱৰ্তী - Mithun Chakraborty Hospitalised

Mithun Chakraborty Holiday: মদালছা শৰ্মাই শ্বেয়াৰ কৰিছে এখন ফটো, য’ত তেওঁক শহুৰেক মিথুন চক্ৰৱৰ্তীৰ সৈতে প"জ দিয়া দেখা গৈছে । ফটোখন শ্বেয়াৰ কৰি মদালছাই লিখিছে - পৰিয়ালৰ প্ৰেম।

Mithun Chakraborty goes on holiday with Mimoh-Madalsa After Being Hospitalised
বোৱাৰী-পুত্ৰৰ সৈতে ছুটীলৈ গ’ল মিথুন চক্ৰৱৰ্তী
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 6:30 PM IST

2 Min Read

চিটাৰা ডেস্ক, ৬ মাৰ্চ: যোৱা ১০ ফেব্ৰুৱাৰীত ষ্ট্ৰোকৰ বাবে প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পিচত কিছু সুস্থ হৈ উঠাত তেওঁক ১২ ফেব্ৰুৱাৰীত হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হৈছিল । এতিয়া অভিনেতাজন সম্পূৰ্ণ সুস্থ হৈ উঠাত ভ্ৰমণলৈ গৈছে । পুত্ৰ মিমোহ আৰু বোৱাৰী মদালছাৰ সৈতে ছুটী উপভোগ কৰিবলৈ গৈছে মিথুন চক্ৰৱৰ্তী ।

বোৱাৰী-পুত্ৰৰ সৈতে দেখা গৈছে মিথুনক

ইয়াৰ এখন ফটো শ্বেয়াৰ কৰিছে মিথুনৰ বোৱাৰী তথা অভিনেত্ৰী মদালছা শৰ্মাই । অভিনেত্ৰীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰিছে । এই ফটোখনত মিমোহ-মিথুন আৰু মদালছাক বিমানত বহি থকা দেখা গৈছে । ফটোখনত মিথুনে ক’লা চশমা আৰু মাস্ক পৰিধান কৰি হাতত ফোন লৈ থকা দেখা গৈছে । মূৰত টুপীৰ সৈতে চাদৰ পৰিধান কৰা দেখা গৈছে । ফটোখনৰ কেপচনত মদালছাই লিখিছে- পৰিয়ালৰ প্ৰেম । লগতে ফ্লাইটৰ ইমোজিও শ্বেয়াৰ কৰিছে ।

ইফালে মিথুনৰ ফটোখন শ্বেয়াৰ কৰাৰ পিচতে অনুৰাগীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে সুধিছে । অনুৰাগীয়ে তেওঁক নিজৰ যত্ন ল’বলৈও আহ্বান জনাইছে ।

উল্লেখ্য যে, মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্য এতিয়া ঠিকেই আছে । মিথুনক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ সময়ত অভিনেতাজনে কৈছিল, ‘‘মই একেবাৰে ভালেই আছো । কোনো সমস্যা নাই । মই মোৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সোনকালে কামো আৰম্ভ কৰিব পাৰিম ।’’ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে মিথুন চক্ৰৱৰ্তীক ফোন কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল ৷

মিথুনৰ বোৱাৰী মদালছাৰ কথা ক’বলৈ গ’লে বৰ্তমান তেওঁক দেখা গৈছে জনপ্ৰিয় টিভি শ্ব’ অনুপমাত । এই শ্ব’ত কাব্যৰ চৰিত্ৰত অভিনয় কৰিছে মদালছাই । আগতে শ্ব’টোত অভিনেত্ৰীগৰাকীক নেগিটিভ চৰিত্ৰত দেখা গৈছিল যদিও এতিয়া ইতিবাচক চৰিত্ৰত দেখা গৈছে । কাব্যৰ চৰিত্ৰত অনুৰাগীয়ে মদালছাক খুব ভাল পায় ।

লগতে পঢ়ক: অজয়-মাধৱনৰ চয়তানে মুক্তিৰ পিচতে ভংগ কৰিব পাৰে বহু অভিলেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.