হায়দৰাবাদ : হিন্দী চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা তথা পদ্মভূষণ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী মিথুন চক্ৰৱৰ্তীয়ে আজি ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিছে । ১৯৭৬ চনৰ পৰাই ছবিজগতত ৰাজত্ব কৰি আছে তেওঁ ৷ তেওঁৰ অনুৰাগী দেশৰ প্ৰতিটো কোণতে বিয়পি আছে । জন্ম দিনটোত অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে তেওঁক ।
মিথুন চক্ৰৱৰ্তী এতিয়াও চলচ্চিত্ৰ জগতত সক্ৰিয় আৰু ডাঙৰ বাজেটৰ ছবিত তেওঁক দেখা যায় । অভিনেতাগৰাকীৰ ৭৫ সংখ্যক জন্মদিনত আমি এনে এটা কাহিনী শ্বেয়াৰ কৰিম, যিটো জনাৰ পাছত যিকোনো ব্যক্তিয়েই মিথুনৰ অনুৰাগী হৈ পৰিব ।
চক্ৰৱৰ্তীয়ে বচ্চনৰ বাবে প্ৰাৰ্থনা কৰিছিল কোনেও নকৰা ধৰণে
এই কথা প্ৰকাশ কৰিছিল খোদ অমিতাভ বচ্চনে এটা টিভি ৰিয়েলিটী শ্ব’ত । বিগ বিয়ে কৈছিল যে ১৯৮২ চনত তেওঁ কুলি ছবিখনৰ শ্বুটিং কৰি আছিল আৰু ছবিখনৰ এটা যুঁজৰ দৃশ্যত পুনীত ইছাৰে ভুলবশতঃ তেওঁৰ পেটত ঘোচা মাৰিছিল, যাৰ বাবে তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল ।
বিগ বিয়ে এতিয়াও মাজে মাজে এই বিষ অনুভৱ কৰে । এই দুৰ্ঘটনাৰ পিছত সেই সময়ৰ সকলো অভিনেতাই তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল । মিথুনে এই কথা গম পাই কালী মাৰ সন্মুখত বুকুখন ফালি নিজৰ তেজ আগবঢ়াই বিগ বিৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল ৷
মিথুন-অমিতাভৰ চিনেমা
মন কৰিবলগীয়া যে এজন সাধাৰণ মানুহৰ হৃদপিণ্ডই এক মিনিটত ৭২ বাৰ স্পন্দন কৰে যদিও সেই দুৰ্ঘটনাৰ সময়ত বিগ বিৰ হৃদপিণ্ডই এক মিনিটত ১৮০ বাৰ স্পন্দন কৰিছিল । বিগ বিক ছেটৰ পৰা পোনে পোনে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । মিথুনকে ধৰি বহু তাৰকা তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিবলৈ আহিছিল ।
মিথুনে অমিতাভৰ সৈতে বহু ছবিত কাম কৰিছে, গংগা যমুনা সৰস্বতী, অগ্নিপথ আৰু দো অঞ্জানেৰ দৰে ছুপাৰহিট ছবিৰ কথা উল্লেখ কৰিব পাৰি । ২০২৫ চনৰ ৫ ছেপ্টেম্বৰত মুক্তি পাব বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য বেংগল ফাইলছ ।
ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক শ্ৰীমান বনাম শ্ৰীমতী ছবিখনত দেখা গৈছিল ।
লগতে পঢ়ক : হিন্দী পঢ়াৰ লগতে বুজাবও জানে এইসকল তাৰকাই