মিছ ৱৰ্ল্ড ২০২৫ সুচাতাই অংশগ্ৰহণ কৰিব তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপনত
তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ আজি ৰাজভৱনলৈ যাব মিছ ৱৰ্ল্ড ২০২৫ অপল সুচাতা । তেওঁৰ সৈতে উপস্থিত থাকিব তিনিগৰাকী ৰানাৰ্ছ আপ ।

By ETV Bharat Entertainment Team
Published : June 2, 2025 at 1:46 PM IST
হায়দৰাবাদ: আজি ২ জুনত তেলেংগানা ৰাজ্যই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । সেই উপলক্ষে আজি ৰাজভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে সোমবাৰে ৰাজভৱনত আয়োজিত এক চাহমেলত অংশগ্ৰহণ কৰিব মিছ ৱৰ্ল্ড ২০২৫ ওপাল সুচাতাই ।
আজি তেলেংগানাৰ জনসাধাৰণে নিজৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । এই বিশেষ দিন উপলক্ষে ৰাজভৱনত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত মিছ ৱৰ্ল্ড ২০২৫ হোৱা ওপাল সুচাতাই অংশগ্ৰহণ কৰিব । এই কাৰ্যসূচীৰ সময়ত তেওঁ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাক সাক্ষাৎ কৰিব, য’ত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী আৰু ৰাজ্যখনৰ কেবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব ।
ৰাজভৱনত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মিছ ৱৰ্ল্ড ২০২৫ সুচাতাৰ সৈতে থাকিব ইথিওপিয়াৰ প্ৰথম ৰানাৰ্ছ আপ হাছেট ডেৰেজে, পোলেণ্ডৰ দ্বিতীয় ৰানাৰ্ছ আপ মাজা ক্লাজডা আৰু মাৰ্টিনিকৰ তৃতীয় ৰানাৰ্ছ আপ অৰেলিয়ে জোৱাচিম । তেলেংগানা প্ৰতিষ্ঠা দিৱসৰ সমান্তৰালকৈ তেওঁলোকে শনিবাৰে নিশা হায়দৰাবাদত সফলতাৰে সমাপ্ত হোৱা মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাৰ সামৰণিও উদযাপন কৰিব ।
ভাৰতৰ বহু মন্দিৰ পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে সুচাতাই
থাইলেণ্ডৰ ওপাল সুচাতাই কয় যে তেওঁ অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি ভাৰতৰ বহু মন্দিৰ পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে । সুচাতাই নিজৰ বিজয়ৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ভাৰত আৰু থাইলেণ্ডৰ সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে কয় ।
তেওঁ কয়, "ভাৰতৰ বহু মন্দিৰ ভ্ৰমণ কৰাৰ ইচ্ছা আছে । মই ভাবো ই বহু ভাল লগা কথা হ’ব । মই কোৱাৰ দৰে ভাৰত আৰু থাইলেণ্ডৰ মাজত আমি বহুত সংস্কৃতি আৰু পৰম্পৰা ভাগ-বাটোৱাৰা কৰোঁ । গতিকে সেই ঠাইবোৰলৈ গৈ চিনাকি হ’লে বৰ ভাল হ’ব ৷"
ভাৰত আৰু থাইলেণ্ডৰ সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ইতিহাস বহু পুৰণি । থাইলেণ্ডত ‘ৰামায়ণ’ক ‘ৰামকিয়েন’ বুলি জনা যায় । ভাৰতীয় মহাকাব্যই থাই সাহিত্য, কলা আৰু ৰাজপৰম্পৰাক গভীৰভাৱে প্ৰভাৱিত কৰিছে । মূল ভাৰতীয় ৰামায়ণৰ আধাৰত নিৰ্মিত এই কাহিনীটো নিজস্ব ব্যাখ্যা আৰু সাংস্কৃতিক সূক্ষ্মতাৰে এক অনন্য থাই সংস্কৰণলৈ ৰূপান্তৰিত কৰা হৈছে । থাই সংস্কৰণত ভগৱান হনুমানক অধিক বিশিষ্ট ভূমিকা দিয়া হৈছে আৰু কেতিয়াবা অধিক চঞ্চল চৰিত্ৰৰে চিত্ৰিত কৰা হৈছে ।
মহিলাৰ বাবে সুচাতাৰ বাৰ্তা
সুচাতাই তেলেংগানাৰ মহিলাসকলৰ বাবেও এক বিশেষ বাৰ্তা শ্বেয়াৰ কৰে । তেওঁ কয়, "মই ক’ব বিচাৰো যে ভাৰতৰ তেলেংগানাৰ সকলো মহিলাক প্ৰথমবাৰৰ বাবে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা আছিল । আপোনালোক সকলোৱে আপোনালোকৰ সম্পূৰ্ণ শক্তি আৰু আভ্যন্তৰীণ সৌন্দৰ্যৰে মোক এই যাত্ৰাত অনুপ্ৰাণিত কৰিছে ।"
তেওঁ লগতে আৰু কয়, "ভাৰতৰ সকলো মহিলাৰ পৰা মই যি সমৰ্থন আৰু যত্ন লাভ কৰিছো সেয়াও অতি প্ৰশংসনীয় । আৰু মই ভাবো তেওঁলোক অতি শক্তিশালী আৰু জীৱনত যি কৰিব বিচাৰে তাকেই কৰিবলৈ অতি সক্ষম ৷"
শনিবাৰে তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা তাৰকাৰে ভৰা গ্ৰেণ্ড ফিনালেত ২০২৫ চনৰ মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিবলৈ সক্ষম হয় থাইলেণ্ডৰ ওপাল সুচাতা চুৱাংশ্ৰীয়ে ।
লগতে পঢ়ক : ‘মিছ ৱৰ্ল্ড’ৰ মুকুটে শোভা পাইছে সৰ্বাধিক ভাৰতীয় সুন্দৰীৰ শিৰতেই

