হায়দৰাবাদ: সন্মানীয় মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীৰ জীৱন এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সলনি হ’ব । মিছ ৱৰ্ল্ড ২০২৫ খিতাপ অৰ্জনকাৰী চুৱাংশ্ৰীয়ে লাভ কৰিব ৮.৫ কোটি টকাৰ নগদ ধনৰ লগতে হীৰাখচিত এটি মুকুট ।
ইয়াৰোপৰিও তেওঁ বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু স্বীকৃতি লাভ কৰিব । পৰৱৰ্তী বছৰলৈকে বিশ্বৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰ ওঁঠত জিলিকি থাকিব মিছ ৱৰ্ল্ড ২০২৫ খিতাপ অৰ্জনকাৰী ওপাল চুচাটা চুৱাংশ্ৰীৰ নাম ৷
তদুপৰি বিখ্যাত ব্ৰেণ্ডৰ এম্বেছাদৰ, মডেল, অভিনেত্ৰী, সমাজকৰ্মী হিচাপে বহু সুযোগে চুৱাংশ্ৰীৰ দুৱাৰত টোকৰ মাৰিব । মিছ ৱৰ্ল্ড সংস্থাৰ হৈ বিউটি উইথ এ পাৰ্পজ কাৰ্যসূচীৰ অংশ হিচাপে সামাজিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰাৰো সুযোগ লাভ কৰিব বিশ্বৰ অন্যতম সুন্দৰী যুৱতীগৰাকীয়ে ।
বছৰটোৰ ভিতৰতে চুৱাংশ্ৰীয়ে বিলাসী জীৱন কটোৱাৰ উপৰিও পেছাদাৰী ডিজাইনাৰ, ষ্টাইলিষ্ট আৰু পুষ্টিবিদসকলৰ সৈতে সঘন যোগাযোগত থাকিব পাৰিব । দামী মেকআপ কিট, কাপোৰ আৰু গহণা বিনামূলীয়াকৈ উপলব্ধ হ’ব মিছ ৱৰ্ল্ডগৰাকীৰ বাবে । তেওঁ য’লৈকে যাব তাতেই থাকিব শক্তিশালী নিৰাপত্তা ব্যৱস্থা ।

পুৰস্কাৰ হিচাপে কি কি লাভ কৰিব-
৮৫ লাখ টকাৰ এটা মুকুট
থাইলেণ্ডৰ যুৱতী তথা মিছ ৱৰ্ল্ড ২০২৫ ৰ চূড়ান্ত বিজয়ী হিচাপে চুৱাংশ্ৰীয়ে লাভ কৰে বহুমূলীয়া হীৰা আৰু আন বহু বিশেষ বৈশিষ্ট্যৰে সজ্জিত এটি মুকুট । মুকুটটোৰ প্ৰতিটো উপাদানেই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ গুৰুত্ব আৰু মহিলাৰ শক্তিক প্ৰতিফলিত কৰে ।
মিছ ৱৰ্ল্ডৰ অফিচিয়েল ৱেবছাইটত পোৱা তথ্য অনুসৰি বৰ্তমান এই মুকুটটোৰ মূল্য প্ৰায় এক লাখ আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৮৫.৫৬ লাখ টকা ।
এয়া চতুৰ্থটো মুকুট
মিছ ৱৰ্ল্ডৰ মুকুটটো তৈয়াৰ কৰে ‘মিকিমোটো’ নামৰ জাপানৰ গহণা কোম্পানী এটাই । বৰ্তমানৰ মুকুটটো ২০১৭ চনত প্ৰস্তুত কৰা হৈছিল । এই প্ৰতিযোগিতাৰ ইতিহাসত কোম্পানীটোৱে প্ৰস্তুত কৰা এয়া চতুৰ্থটো মুকুট ।
১৯৫১ চনৰ পৰা ১৯৭৩ চনলৈ ব্যৱহাৰ কৰা মুকুটসমূহ সাধাৰণতে মুকুতা আৰু হীৰাৰে তৈয়াৰ কৰা হৈছিল । ১৯৭৪ চনৰ পৰা ২০০০ চনলৈকে প্ৰস্তুত কৰা দ্বিতীয়টো মুকুটত আছিল অলপ গাঢ় ৰঙা ৰঙৰ ক্ৰছ । ২০০১ চনৰ পৰা ২০১৬ চনলৈকে ব্যৱহাৰ কৰা তৃতীয়টো মুকুট ৰূপ আৰু সোণৰ আছিল আৰু ইয়াৰ মাজত আকৰ্ষণীয় ফিৰোজা আৰু ডালবোৰে সাগৰক প্ৰতিনিধিত্ব কৰিছিল ।
বৰ্তমানৰ মুকুটটোৰ চাৰিওফালে সোণৰ ডাল আছে, যিয়ে সাতখন মহাদেশক প্ৰতিনিধিত্ব কৰে । মুকুতা আৰু হীৰাৰে সজাই তোলা হৈছে এই মুকুটটো ।
বিজয়ীয়ে স্থায়ীভাৱে লাভ কৰে নেকি এই মুকুট ?
এই মুকুটতো কেতিয়াও বিজয়ীয়ে স্থায়ীভাৱে লাভ নকৰে ৷ বৰ্তমানৰ মিছ ৱৰ্ল্ডে পৰৱৰ্তী প্ৰতিযোগিতাৰ বিজয়ীক দিব লাগিব এই মুকুট । অৱশ্যে মুকুটৰ প্ৰতিৰূপ তেওঁক উপহাৰ হিচাপে দিয়া হ’ব ।
লগতে পঢ়ক: থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীৰ শিৰত উজলিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ - MISS WORLD 2025 WINNER