মিছ ৱৰ্ল্ড ২০২৫: বিউটি উইথ এ পাৰ্পজ- কোৱাৰ্টাৰ ফাইনেলত প’ৰ্টে ৰিকো, উগাণ্ডা, ৱেলছ আৰু ইণ্ডোনেছিয়াৰ সুন্দৰী
মিছ ৱৰ্ল্ড ২০২৫ বিউটি উইথ এ পাৰ্পজ বিজয়ী প’ৰ্টে ৰিকো, উগাণ্ডা, ৱেলছ আৰু ইণ্ডোনেছিয়াই তেওঁলোকৰ শক্তিশালী সামাজিক প্ৰকল্পৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

By ETV Bharat Entertainment Team
Published : May 27, 2025 at 5:42 PM IST
হায়দৰাবাদ : মিছ ৱৰ্ল্ড ২০২৫ৰ বিখ্যাত বিউটি উইথ এ পাৰ্পজ (BWAP) ছেগমেণ্ট সোমবাৰে নিশা হায়দৰাবাদত সমাপ্ত হয় ৷ প’ৰ্ট’ ৰিকো, উগাণ্ডা, ৱেলছ আৰু ইণ্ডোনেছিয়াৰ চাৰিগৰাকী প্ৰতিযোগীয়ে সৌন্দৰ্য প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰে । তেওঁলোকৰ সফলতাই প্ৰতিযোগিতাখনৰ এক উল্লেখনীয় মুহূৰ্তক প্ৰতিনিধিত্ব কৰে ৷ প্ৰত্যেকেই নিজৰ সামাজিক প্ৰকল্পৰ জৰিয়তে অৱদান আগবঢ়াই আহিছে ।
এই অনুষ্ঠানৰ আয়োজক আছিল মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ লিমিটেডৰ দানবীৰ তথা পৰিচালক সুধা ৰেড্ডী, য’ত বিদেশৰ পৰা অহা গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল ।
অতিথিসকলৰ ভিতৰত মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ জুলিয়া মৰ্লি, জয়শ ৰঞ্জনৰ দৰে ৰাজ্যিক বিষয়া, বৰোদাৰ মহাৰাণী ৰাধিকৰাজে গাইকোৱাড়, যোধপুৰৰ ৰাজকুমাৰী কৃষ্ণ কুমাৰী, জম্মু-কাশ্মীৰৰ কুঁৱৰাণী ঋতু অজাতশত্ৰু সিঙকে ধৰি ৰাজকীয় ব্যক্তিও আছিল ।
বিশ্বৰ দেশসমূহক প্ৰতিনিধিত্ব কৰা ১০৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত চাৰিগৰাকীয়ে বি ডব্লিউ এ পি ছেগমেণ্টৰ মহাদেশীয় বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে, যিটো মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ এক অবিচ্ছেদ্য অংগ ৷ ই প্ৰতিগৰাকী প্ৰতিযোগীৰ অৰ্থপূৰ্ণ, দীৰ্ঘম্যাদী সামাজিক প্ৰকল্পৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰি তোলে ।
মিছ প’ৰ্ট’ ৰিকো ভেলেৰিয়া পেৰেজে তেওঁৰ প্ৰজেক্ট ‘কমিউনিকেটিং উইদাউট লিমিটছ’ৰ জৰিয়তে আমেৰিকা আৰু কেৰিবিয়ানৰ বাবে BWAP বিজয়ী হিচাপে আত্মপ্ৰকাশ ঘটায় ।
ব্যক্তিগত অভিজ্ঞতাৰে পুষ্ট হৈ তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে ৷ বধিৰ, ডাউন চিণ্ড্ৰম ৰোগী আৰু কৰ্কট ৰোগত আক্ৰান্ত পৰিয়ালৰ বাবে তেওঁ সহযোগিতা আগবঢ়ায় ৷ তেওঁৰ এই কাৰ্যসূচীয়ে মৰ্যাদা, দৃশ্যমানতা আৰু সকলোৰে বাবে সমান সুযোগৰ এক স্থান সৃষ্টি কৰিছে ।
আফ্ৰিকাত মিছ উগাণ্ডা নতাশা নয়োজীক দ্য নয়োনয়োজি ইনিচিয়েটিভৰ জৰিয়তে বিজয়ী হিচাপে ঘোষণা কৰা হয়, যিটো পদক্ষেপৰ লক্ষ্য হৈছে অটিজিমৰ বিষয়ে মানুহক জ্ঞান দিয়া । মূলতঃ তেওঁৰ অটিষ্টিক ভাতৃৰ দ্বাৰা প্ৰেৰিত নতাশাৰ পেছন প্ৰজেক্টে উগাণ্ডাৰ স্নায়ু বৈচিত্ৰ্যক কেন্দ্ৰ কৰি ৰোমাঞ্চকৰ বাৰ্তা দিছে ।
বৰ্তমানৰ মিছ ৱেলছ মিলি মে এডামছ হৈছে নতুন ইউৰোপীয় চেম্পিয়ন ৷ তেওঁৰ অভিযান ‘‘ফাৰ্ষ্ট এইড এগেইনষ্ট নাইফ ক্ৰাইম’’-এ যুৱক-যুৱতীসকলক হিংসা হ্ৰাস কৰিব পৰাকৈ জীৱন ৰক্ষাকাৰী শৈক্ষিক সম্পদ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে ।
এছিয়া-পেচিফিক, মিছ ইণ্ডোনেছিয়াৰ পৰা অহা মনিকা কেজিয়া ছেম্বেৰিঙে তেওঁৰ প্ৰকল্প ‘‘পাইপলাইন ফৰ লাইফলাইন’’ৰ বাবে জয়লাভ কৰে, যিয়ে পানীৰ অভাৱত ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহক বিশুদ্ধ আৰু নিৰাপদ খোৱাপানী যোগান ধৰে ।
বিডব্লিউএপিৰ ৰানাৰ্ছ আপৰ ভিতৰত আছিল পাৰাগুৱে, ছিয়েৰা লিয়ন, স্পেইন আৰু ভিয়েটনামৰ প্ৰতিনিধি, যিসকলে প্ৰভাৱশালী কাম আৰু পদক্ষেপ আগবঢ়াইছিল, পৰিৱৰ্তনৰ বাবে শক্তিশালী ড্ৰাইভ আগবঢ়াইছিল । বিউটি উইথ এ পাৰ্পজ অনুষ্ঠান কেৱল প্ৰতিযোগিতা নহয়, ই প্ৰতিযোগিতাতকৈ বহু ওপৰত - সেৱা, ঐক্য আৰু উদাৰ উদ্দেশ্যৰ আন্তৰিক উদযাপন ।
জুলিয়া মৰ্লিয়ে সন্ধিয়াটোৰ সাৰাংশ এইদৰে কয়, "এইটো এটা নিশা, যিটো আমি কেতিয়াও পাহৰিব নোৱাৰো । মই ইয়াৰ প্ৰতিগৰাকী যুৱতীৰ বাবে ইমানেই গৌৰৱান্বিত - তেওঁলোকে যি কৰে তাৰ বাবে নহয়, তেওঁলোক প্ৰকৃততে কোন সেই বাবে ।"
লগতে পঢ়ক : মিছ ৱৰ্ল্ড বিতৰ্ক: বহু সুন্দৰীৰ পৰা কাঢ়ি লোৱা হৈছিল মুকুট, এগৰাকীক কৰা হৈছিল হত্যা

