সংযুক্তা দত্তৰ ডিজাইনাৰ পোচাক পৰিধান কৰি ৰেড কাৰ্পেটত মিছ ইটালী মিৰ্কা হোৱাৰ্ড
বৃহস্পতিবাৰে ৮২ সংখ্যক ভেনিচ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তৰ ডিজাইনাৰ পোচাক পৰিধান কৰি খোজ দিলে মিছ ইটালী মিৰ্কা হোৱাৰ্ডে ।

By ETV Bharat Entertainment Team
Published : August 29, 2025 at 5:10 PM IST
গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজকে প্ৰতিষ্ঠা কৰি সুনাম অৰ্জন কৰা ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তৰ পোচাক পুনৰ এবাৰ উজলিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত । বৃহস্পতিবাৰে ৮২ সংখ্যক ভেনিচ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অসমীয়া বস্ত্ৰ পৰম্পৰাক নিজা শৈলীৰে আধুনিক ৰূপত উপস্থাপন কৰি সমাদৰ লাভ কৰা বিশিষ্ট ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা ক’লা আৰু নীলা বৰণৰ এযোৰ আকৰ্ষণীয় পোচাক পৰিধান কৰি মিছ ইটালী গ্ল’ব ছুপাৰমডেল মিৰ্কা হোৱাৰ্ডে খোজ দিয়ে ৰেড কাৰ্পেটত ।
নতুন শৈলীৰে নিৰ্মাণ কৰা পোচাকযোৰত এক গাঢ় কাৰুকাৰ্যৰ সৈতে অভিনৱ শৈলীৰ এক অপূৰ্ব সংমিশ্ৰণ দেখিবলৈ পোৱা গৈছে । এই পোচাক পৰিধান কৰি ৰেম্পত খোজ দি ফেশ্বনপ্ৰেমীসকলক আকৰ্ষিত কৰি তুলিবলৈ সক্ষম হয় মিৰ্কা হোৱাৰ্ডেই ।

বিশ্বৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা এই পোচাকযোৰত উজলি আছে এম্ব্ৰয়ডাৰী ৷ পোচাকৰ ভিতৰৰ অংশত গভীৰ নেকলাইনৰ সংযোজনে ৰেড কাৰ্পেটৰ পোহৰত অপূৰ্ব ৰূপ ধাৰণ কৰিছিল ।

সাধাৰণতে চেলিব্ৰেটী বা আন বিশেষ লোকে নিৰ্দিষ্টকৈ নিজৰ বাবে বিশেষ ফেশ্বন ডিজাইনাৰৰ পোচাক নিৰ্বাচন কৰি পিন্ধে ৷ এই বিশেষ পোচাকেৰে ভেনিচৰ ৰেড কাৰ্পেটত সমাদৰ লাভ কৰি সংযুক্তা দত্তই নিজৰ ফেশ্বন কেৰিয়াৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

হাতেৰে বোৱা পাট ৰেচমৰ গভীৰ নীলা আৰু ক’লা ৰঙৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰি উলিওৱা হৈছে গাউনটো । অসমৰ ঐতিহ্যৰ প্ৰতীক এই বস্ত্ৰযোৰত তুলি ধৰিবলৈ চেষ্টা কৰিছে ডিজাইনাৰ সংযুক্তা দত্তই ।

এগৰাকী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ মডেল মিৰ্কাই সংযুক্তা দত্তৰ সাজযোৰত সোণত সুৱগা চৰাবলৈ অপেৰাত পিন্ধাৰ দৰে ক’লা গ্ল’ভছ পৰিধান কৰি ৰেম্পত খোজ দিয়ে । ইয়াৰ উপৰিও মিৰ্কাই ডিঙিত পৰিধান কৰা এডাল হীৰাৰ হাৰে এই পোচাকযোৰক যেন সম্পূৰ্ণতা প্ৰদান কৰে ।

পোচাকযোৰৰ এই প্ৰদৰ্শন প্ৰসংগত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই কয়, “এনে এক বিশ্বমঞ্চত মিৰ্কাৰ দৰে ছুপাৰ মডেলৰ দেহত নিজৰ সৃষ্টি জীৱন্ত হৈ উঠা দেখা পোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয় । এই গাউনটোৰে অসমৰ হাতেৰে বোঁৱা কাপোৰৰ সমৃদ্ধিৰ সৈতে সমসাময়িক 'কাউচাৰ'ৰ মিশ্ৰণৰে মোৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে, যাতে আমাৰ অসমৰ বস্ত্ৰ ঐতিহ্যই সৌন্দৰ্য আৰু স্থায়িত্বৰ এক সাৰ্বজনীন ভাষা উপস্থাপন কৰিব পাৰে ।”

ভেনিচৰ ৰেড কাৰ্পেটত মিৰ্কা হোৱাৰ্ডৰ সৌন্দৰ্য আৰু সংযুক্তা দত্তৰ পোচাকৰ সমাহাৰেৰে ফেশ্বনৰ ব্যতিক্ৰমী পৰিভাষা প্ৰদৰ্শন নিশ্চিতভাৱে অসমৰ বাবে এক গৌৰৱৰ বিষয় ৷

লগতে পঢ়ক : সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ আইমী বৰুৱাৰ

