হাঁহিৰ খোৰাক লৈ মিচিং বোলছবি “হিনেমাং” আহি আছে
বোকাখাত সমষ্টিৰ মহুৰামুখৰ অফলাত মিচিং বোলছবিৰ মহুৰত। প্ৰথমবাৰৰ বাবে অতি ভিতৰুৱা অঞ্চলত আৰম্ভ হৈছে মিচিং বোলছবিৰ দৃশ্যগ্ৰহণৰ কাম ।

By ETV Bharat Entertainment Team
Published : July 11, 2025 at 2:57 PM IST
বোকাখাত : অনুষ্ঠিত হ'ল এখন মিচিং ভাষাৰ চিনেমাৰ মহুৰত। টেলেণ্ট ষ্টুডিঅ'ৰ প্ৰযোজনাত দ্বিতীয়খন মিচিং বোলছবি “হিনেমাং” (A Mirror Of Life)ৰ শুভ মহুৰত উপলক্ষে ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয় । মিচিং জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে বোলছবি নিৰ্মাণৰ জৰিয়তে । বিগ বাজেটৰ মিচিং চিনেমাখনক লৈ যথেষ্ট আশাবাদী প্ৰযোজক-পৰিচালক তথা কলা-কুশলীসকল । আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হয় শুভ মহুৰত । অসমৰ বিভিন্ন প্ৰান্তৰ মিচিং শিল্পীসকলৰ আগমন ঘটিছে অফলা গাঁৱলৈ । মিচিং চিনেমাখনৰ দৃশ্যগ্ৰহণ হোৱাক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ।
এই সম্পৰ্কে চিনেমাখনৰ প্ৰযোজক মহেশ দলেই কয়, "এইখন এখন হাস্যৰসৰ ছবি আৰু “হিনেমাং” নামটো এটা উপ-শব্দৰূপে ৰখা হৈছে । আমাৰ দ্বিতীয়খন ছবি, প্ৰথম ছবিখনৰ প্ৰতি ৰাইজে বিপুল সঁহাৰি জনোৱাৰ পাছত এই বৰ্ষত “হিনেমাং” নামৰ এখন চিনেমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ । ৰাইজে আমাক সঁহাৰি জনালে প্ৰতিবছৰে এখন নতুন ছবি প্ৰস্তুত কৰি মিচিং সংস্কৃতিৰ ভড়াল চহকী কৰিবলৈ চেষ্টা কৰিম ।"
আনহাতে এই চিনেমাখন সম্পৰ্কে পৰিচালক ডেনি দলেই কয়, "টেলেণ্ট ষ্টুডিঅ'ৰ এইখন দ্বিতীয় ছবি । চিনেমাখনৰ নাম ৰাখিছোঁ "হিনেমাং", উপ শব্দ ব্যৱহাৰ কৰিছোঁ । এই ছবিখনৰ জৰিয়তে মিচিং সমাজত এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ । চিনেমা নিৰ্মাণ কৰিবলৈ শিক্ষাগত অৰ্হতা নাথাকিলেও নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কেনেকৈ ভাল চিনেমা এখন ৰাইজক উপহাৰ দিব পাৰি, তাৰে চেষ্টা । এই ছবিখনৰ প্ৰায় সকলো দৃশ্য গ্ৰামাঞ্চলৰ হ'ব । আমাৰ প্ৰায় সকলো ছবি ধেমাজি-লখিমপুৰ ফালে নিৰ্মাণ কৰা হয় আৰু এইবাৰ ভাবিলো ইয়াত দৰ্শক বহুত আছে আৰু আমাৰ প্ৰথম ছবিখনত এই অঞ্চলৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছিলো ৷ গতিকে আমি চিন্তা কৰিলোঁ যে এইবাৰ ছবিখন গোলাঘাটত নিৰ্মাণ কৰিম ।"
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰা ৰবি শৰ্মা-আদিল হুছেইনৰ যুটিয়ে লগাইছে খলকনি, ৰুদ্ৰৰ প্ৰশংসনীয় উপাৰ্জন

