ETV Bharat / entertainment

শীঘ্ৰে মিচিং অধ্যুষিত অঞ্চলত নিৰ্মাণ হ'ব মিনি চিনেমা হল

ৰাজ্য়ৰ মিচিং অধ্যুষিত অঞ্চলৰ চিনেমাপ্ৰেমী দৰ্শকৰ বাবে সু-খবৰ ।

Plan for Mini cinema hall
এক্সন পৰিচালক বিনোদ কুম্বাং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 2:27 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: মিচিং বোলছবি নিৰ্মাতাসকলৰ লগতে অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকলে দীৰ্ঘদিন ধৰি মিনি চিনেমা হলৰ সমস্য়াৰ সন্মুখীন হৈ আহিছে । এই ভাষাত ছবি নিৰ্মাণ হ'লেও প্ৰদৰ্শনত সমস্য়াৰ সৃষ্টি হয় । ৰাজ্য়ৰ মিচিং অধ্যুষিত অঞ্চলত মিনি চিনেমা হল নিৰ্মাণৰ বাবে দাবী উত্থাপন হৈ আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাই ।

ইয়াৰ মাজতেই মিচিং বোলছবি জগতৰ বাবে সু-খবৰ । শীঘ্ৰে মিচিং অধ্যুষিত অঞ্চলত মিনি চিনেমা হল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । জনতা চিনেমাৰ প্ৰকল্পৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চল সমূহত মিনি চিনেমা হল নিৰ্মাণ কৰিবলৈ পৰিকল্পনা হাতত লোৱা হৈছে ।

মিনি চিনেমা হল (ETV Bharat Assam)

শুকুৰবাৰে জোনাইত উপস্থিত হৈ এই সুখবৰটো জনালে বলিউড তথা মিচিং বোলছবি জগতৰ এক্সন পৰিচালক বিনোদ কুম্বাঙে । ইতিমধ্যে জনতা চিনেমাৰ এই প্ৰকল্পক লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ লগতে কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ লগত আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিয়ে এক্সন পৰিচালক বিনোদ কুম্বাঙে ।

উল্লেখ্য় যে বিগত সময়ত মিচিং অধ্যুষিত অঞ্চলত চিনেমা হলৰ অভাৱত মিচিং বোলছবি জগতখনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । এক্সন পৰিচালক বিনোদ কুম্বাঙে এই সন্দৰ্ভত কয় যে বোলছবি পৰিচালকসকলৰ লগতে কলা-কুশলীসকলে ঠায়ে ঠায়ে গৈ নিজে টিকট বিক্ৰী কৰা, বিজ্ঞাপন দিয়া আদি সমস্যাৰো সন্মুখীন হৈ আহিছে । এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জনতা চিনেমাৰ প্ৰকল্পৰ অধীনত অতি শীঘ্ৰে মিচিং অধ্যুষিত অঞ্চলসমূহত মিনি চিনেমা হল নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এক্সন ডিৰেক্টৰ বিনোদ কুম্বাঙে ।

লগতে পঢ়ক:‘দ্য লাষ্ট অ'নাৰ’ এ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰক দিলে বিশেষ সন্মান

360 ৰো অধিক তাৰকাৰে বিশেষ ‘ভাইমন দা-এ ট্ৰিবিউট টু আছািজ চিনেমা’