যুৱ মূকাভিনেতা মিনাংক ডেকাসহ মুঠ ১৯ গৰাকী অসমীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ
সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই । ২০২২-২৩ বৰ্ষৰ বাবে এই ফেল’শ্বিপ লাভ কৰিছে ডেকাই ।

By ETV Bharat Entertainment Team
Published : January 23, 2025 at 12:14 PM IST
গুৱাহাটী : অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক ভাল খবৰ । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই । মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল’শ্বিপ লাভ কৰিছে দেশৰ দুগৰাকী শিল্পীয়ে ।
ফেল’শ্বিপ লাভ কৰা দুগৰাকী শিল্পীৰ ভিতৰত এগৰাকী অসমৰ মিনাংক ডেকা আৰু আনগৰাকী মধ্যপ্ৰদেশৰ । গৱেষণাৰ বিষয় হৈছে - ‘‘মূকাভিনয় শিল্পক পুনৰুদ্ধাৰ : সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মূকাভিনয়ৰ গুৰুত্বক অন্বেষণ ৷’’
ফেল’শ্বিপ লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ বাখ্যা কৰি ডেকাই কয়, ‘‘খবৰটো পাই যথেষ্ট ভাল লাগিছে । চিচিআৰটিৰ পৰা মোৰ লগতে মধ্যপ্ৰদেশৰ এগৰাকী শিল্পীক জুনিয়ৰ ফেল’শ্বিপ প্ৰদান কৰা হৈছে । মূকাভিনয় ক্ষেত্ৰখনত বিভিন্ন ধৰণে কাম কৰিবলৈ চেষ্টা কৰি আছো । মূকাভিনয় প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য বিভিন্ন পদক্ষেপ আমি ‘নিৰ্বাক’ গোষ্ঠীৰ তৰফৰ পৰা গ্ৰহণো কৰিছো । এই খবৰটো মোৰ বাবে এক ভাল লগা খবৰ ।”
সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকৰ তত্বাৱধানত মিনাংক ডেকাই মূকাভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছে । মিনাংক ডেকা গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিবাসী গোপী ডেকা আৰু বুলু ডেকাৰ একমাত্ৰ পুত্ৰ । শৈশৱৰ পৰাই মূকাভিনয় শিল্পৰ সৈতে জড়িত মিনাংক ডেকাই মূকাভিনয়ৰে সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে ।
মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি থকা মিনাংক ডেকাই নিজেই উদ্যোগ লৈ অসম তথা ভাৰতৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা ‘নিৰ্বাক’ প্ৰকাশ কৰি আহিছে । পথ সুৰক্ষা, স্বচ্ছতা, ড্ৰাগছৰ ভয়াবহতা, বাল্য বিবাহ, জলাশয় সংৰক্ষণ, এইডছ, কেন্সাৰ সজাগতা ইত্যাদি বহু বিষয় লৈ মিনাংক ডেকাই শিল্প সাধনা কৰি আছে ।
উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ মিনাংকৰ লগতে অন্যান্য শিতানসমূহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৯ গৰাকী শিল্পীয়ে লাভ কৰিছে । ইয়াৰে ভিতৰত গন্ধিয়া নৃত্যত কাছাৰৰ সত্যজিৎ ব'ছ, সত্ৰীয়া নৃত্যত গুৱাহাটী মহানগৰীৰ গায়ত্ৰী কোঁৱৰ, উষা ৰাণী বৈশ্য, গোপাল চন্দ্ৰ বৰদলৈ আৰু ড৹ বনানী কলিতা, লোক নৃত্যত লীনা বৰুৱা, লোক সংগীতত দৰঙৰ কিংকৰ নাথ, লোক গীতত গোলাঘাটতৰ অজিত কুমাৰ বৰা, থিয়েটাৰত যোৰহাটৰৰ দীপক কুমাৰ নাথে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ লাভ কৰিছে ।
অন্যান্য শিতানসমূহত নগাঁৱৰ জগিন্দ্ৰ সিং, যোৰহাটৰ প্ৰশান্ত হাজৰিকা, শিৱসাগৰৰ ড৹ অৰুণ চন্দ্ৰ মহন্ত, গুৱাহাটীৰ দ্বীপজ্যোতি হাজৰিকা, গৌতম শৰ্মা, ড৹ মৌচুমী ভট্টাচাৰ্য, মধুসৌধন দাসে ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে ৷ লোক সাহিত্যত গুৱাহাটীৰ বিনোদ ভাগৱতী, প্ৰতিমা দাসে লাভ কৰিছে ফেল’শ্বিপ ।
সমান্তৰালকৈ কথকত ছয়গাঁৱৰ ভাগ্যশ্ৰী পাটগিৰি, লোকসংগীতত গুৱাহাটীৰ জুতিমালা বৰগোঁহাই, লোক সাহিত্যত কোকৰাঝাৰৰ মুনমি গগৈ, থিয়েটাৰৰত লখিমপুৰৰ পল্লৱী ভূঞা, চিত্ৰকলাত কাছাৰৰ অজন্তা দাসে চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে ।
| লগতে পঢ়ক : চিত্ৰকলাৰ সাধনাত ব্ৰতী এটি দম্পতীৰ কাহিনী |

