ETV Bharat / entertainment

মেট গালা ২০২৫: সব্যসাচীৰ সৃষ্টিত শ্বাহৰুখ খানৰ অভিষেক - SHAH RUKH KHAN AT MET GALA 2025

শ্বাহৰুখ খানে ২০২৫ চনত মেট গালাত অভিষেক ঘটাব বুলি জানিব পৰা গৈছে, য’ত তেওঁ বিখ্যাত ফেশ্বন ডিজাইনাৰ সব্যসাচীৰ সৃষ্টিৰ পোচাক পিন্ধিব ।

Shah Rukh Khan is reported to make his Met Gala debut in 2025
শ্বাহৰুখ খান (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : April 28, 2025 at 12:28 PM IST

3 Min Read

হায়দৰাবাদ : ‘অস্কাৰ অফ ফেশ্বন’ বুলি অভিহিত মেট গালা ইয়াৰ ৰেড কাৰ্পেটৰ আকৰ্ষণীয় মুহূৰ্ত আৰু অতিথিৰ তালিকাৰ বাবে জনাজাত । বিগত বছৰবোৰত আলিয়া ভাট, দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰাৰ দৰে বলীউডৰ তাৰকাসকলে সন্মানীয় অনুষ্ঠানটোত নিজৰ উপস্থিতি নিশ্চিত কৰিছে । এতিয়া, বলীউডৰ কিং শ্বাহৰুখ খানৰ নামো উক্ত তালিকাত অন্তৰ্ভুক্ত হ’ব ৷

জনপ্ৰিয় ইনষ্টাগ্ৰাম ফেশ্বন একাউণ্ট ডায়েট ছাবিয়াৰ এক প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খান ২০২৫ চনৰ মে’ মাহত গ্ৰেণ্ড মেট গালাত অভিষেক ঘটাবলৈ সাজু হৈছে । ভাৰতীয় ফেশ্বনৰ বাবে এক যুগান্তকাৰী মুহূৰ্ত হিচাপে চিহ্নিত হ’বলগীয়া এই সময়ছোৱাত সব্যসাচী মুখাৰ্জীৰ ডিজাইনাৰ কাষ্টম আউটফিট পিন্ধিব বুলি আশা কৰা হৈছে বাদশ্বাহে ৷ মুখাৰ্জীয়ে এই বছৰ তেওঁৰ আইকনিক লেবেলৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । ইয়াৰ পূৰ্বে খানে মনীষ মালহোত্ৰাৰ সৃষ্টি পিন্ধিব পাৰে বুলি চৰ্চা চলিছিল ।

ডায়েট ছাবিয়াই পোষ্ট কৰিছে, "আমি ডায়েট ছাবিয়াত নিশ্চিত কৰিব পাৰো: হয়, সেয়া সঁচাকৈয়ে এছ আৰ কে - ভাৰতৰ প্ৰতিটো প্ৰজন্মৰ ছুপাৰষ্টাৰ - যিয়ে ২০২৫ চনৰ মে’ মাহত মেট গালাত অভিষেক ঘটাব, সব্যসাচী (ভাৰতৰ আটাইতকৈ ডাঙৰ বিলাসী ব্ৰেণ্ড) পিন্ধি ।"

শ্বাহৰুখ খানৰ দীৰ্ঘদিনীয়া মেনেজাৰ পূজা দাদলানীয়ে পোষ্টটো লাইক কৰাৰ পিছত এই পোষ্টটোৱে অতিৰিক্ত মনোযোগ আকৰ্ষণ কৰে, যিয়ে অনুৰাগী আৰু ফেশ্বনিষ্টাৰ মাজত উত্তেজনা বঢ়াই তোলে ।

চলিত বৰ্ষৰ গালাত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে প্ৰথম সন্তান আশা কৰা অভিনেত্ৰী কিয়াৰা আদৱানীয়েও অভিষেক ঘটাব বুলি জানিব পৰা গৈছে ।

২০২৫ চনৰ ৫ মে’ত নিউয়ৰ্ক চহৰৰ মেট্ৰ’পলিটান মিউজিয়াম অফ আৰ্টত অনুষ্ঠিত হ’ব মেট গালা ২০২৫ । এইবাৰৰ থিম হৈছে ‘ছুপাৰফাইন: টেইলাৰিং ব্লেক ষ্টাইল’ আৰু ড্ৰেছ কোড ‘টেইলৰড ফৰ ইউ’ । এই অনুষ্ঠানৰ সহ-অধ্যক্ষ হ’ব ফেৰেল উইলিয়ামছ, কলমেন ডমিংগো, লুইছ হেমিল্টন, এ $ এ পি ৰকি আৰু ভগৰ আন্না উইণ্টুৰ, সন্মানীয় সহ-অধ্যক্ষ লেব্ৰন জেমছ ।

২০২৪ চনত আলিয়া ভাটে সব্যসাচীয়ে ডিজাইন কৰা পদিনা ৰঙৰ সেউজীয়া ফুলৰ শাৰীত দ্বিতীয়বাৰৰ বাবে মেট গালাত উপস্থিত হৈ বিশ্ব দৰ্শকক মোহিত কৰিছিল । তেওঁৰ লুকটোৱে সকলোতে দৰ্শকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল ।

ইফালে, শ্বাহৰুখ খানে তেওঁৰ কন্যা সুহানা খান, অভিষেক বচ্চন আৰু অভয় বাৰ্মাৰ সৈতে ‘কিং’ৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে । আগন্তুক একশ্যন থ্ৰিলাৰ ছবিখন সিদ্ধাৰ্থ আনন্দই পৰিচালনা কৰিব ৷ মে’ মাহৰ মাজভাগত মুম্বাইত আৰম্ভ হ’ব কিঙৰ চিত্ৰগ্ৰহণ ৷ ২০২৬ চনৰ শেষৰ ফালে মুক্তি পাব পাৰে ছবিখনে ।

লগতে পঢ়ক : মেট গালা ২০২৫ত অভিষেক ঘটাব শ্বাহৰুখ খানে ! আন্তঃৰাষ্ট্ৰীয় ৰেড কাৰ্পেটত ‘বাদশ্বাহ’ক চাবলৈ উৎফুল্লিত অনুৰাগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.