ETV Bharat / entertainment

হাতীগাঁৱৰ 'মেলডী হাউছ'ৰ পৰাই জুবিনে জনাইছিল ছিংগাপুৰলৈ যোৱাৰ খবৰ

ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে হার্টথ্রবে উন্মোচন কৰি গৈছিল তেওঁৰ 38 হাজাৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় ।

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
38 হাজাৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 20, 2025 at 4:57 PM IST

|

Updated : September 21, 2025 at 8:59 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : শুকুৰবাৰৰ দিনটোত কোনেও শুনিব নোখোজা এটা অকল্পনীয় খবৰ আহিছিল ছিংগাপুৰৰ পৰা । যি খবৰে বুকু কঁপাই তুলিলে প্ৰতিগৰাকী অসমীয়াৰ । খবৰটো আছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সন্দৰ্ভত ।

আকাশখন গাত সাৱটি সাগৰৰ তলিত শুব খোজা জুবিন চিৰদিনৰ বাবে হেৰাই গ'ল আমাৰ মাজৰ পৰা । ছিংগাপুৰত চিৰনিদ্ৰাত সংগীতৰ ঈশ্বৰ হার্টথ্রব জুবিন গাৰ্গ । অম্লান প্রতিভাৰে 40 টা ভাষাত 38 হাজাৰৰো অধিক গীত গোৱা জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অৰ্থাৎ 16 ছেপ্টেম্বৰত গৈছিল হাতীগাঁৱলৈ । উদ্দেশ্য আছিল শিল্পীগৰাকীৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় উন্মোচন কৰা ।

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
বিশাল কলিতাৰ সৈতে জুবিন (Photo : ETV Bharat Assam)
a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
সংগ্ৰহালয় উন্মোচন কৰা মুহূৰ্ত (Photo : ETV Bharat Assam)

হাতীগাঁৱৰ নিবাসী শিল্পীগৰাকীৰ অন্যতম অনুৰাগী বিশাল কলিতাই সংৰক্ষণ কৰিছিল শিল্পীগৰাকীৰ অনামিকা, মায়া আদিৰে পৰা আৰম্ভ কৰি 38 হাজাৰ গীতৰ এলবাম । প্ৰায় 25 বছৰ ধৰি বিশালে সংগ্ৰহ কৰি আহিছিল শিল্পীগৰাকীৰ আধুনিক গীত, লোক গীত, বৰগীত, ঘোষা, টোকাৰী গীত, হিন্দী গীতকে ধৰি 38 হাজাৰ গীতৰ এলবাম । এই সংগ্ৰহালয়ৰ নাম দিছিল ‘মেলডী হাউছ’ ।

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
বিশালে সৰুৰে পৰা জুবিন গাৰ্গৰ এলবাম সংগ্ৰহ কৰি আহিছিল (Photo : ETV Bharat Assam)
a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
গুণমুগ্ধৰ সৈতে জুবিন গাৰ্গ (Photo : ETV Bharat Assam)

বিশালৰ মাতৃয়ে আমাৰ সাংবাদিকক জনোৱা অনুসৰি, “বিশালে সৰুৰে পৰা জুবিন গাৰ্গৰ এলবাম সংগ্ৰহ কৰি আহিছিল । অন্য শিশুৰ দৰে বিশালে বিচৰা নাছিল খেলা সামগ্ৰী । তাৰ সলনি তেওঁ সদায় জুবিনৰ এখন এলবাম বিচাৰিছিল । তেতিয়াৰ পৰাই তেওঁ সংগ্ৰহ কৰি আহিছে এলবামসমূহ ।”

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
মেলডী হাউছত কিতাপো আছে (Photo : ETV Bharat Assam)
a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
শিল্পীগৰাকীৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় (Photo : ETV Bharat Assam)

আনহাতে সংগ্ৰহালয়টো উন্মোচনৰ কেইদিনমান পূৰ্বে শিল্পীগৰাকীয়ে বিশালক নিজে ফোন কৰি সংগ্ৰহালয়টোৰ কাম সোনকালে সমাপ্ত কৰিবলৈ কৈছিল । কৈছিল- “মই দীঘলীয়া সময়ৰ বাবে বাহিৰলৈ যাম তাৰ পূৰ্বে সংগ্ৰহালয়টো উন্মোচন কৰি যাম ।” প্রিয় শিল্পীগৰাকীৰ সেই কথা অনুসৰিয়েই দিনে-ৰাতিয়ে লাগি লাগি বিশালে সম্পূৰ্ণ কৰিছিল কাম ।

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
সংগ্ৰহালয় ‘মেলডী হাউছ’ত জুবিন (Photo : ETV Bharat Assam)
a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
মেলডী হাউছত কিতাপো আছে (Photo : ETV Bharat Assam)

সংগ্ৰহালয়টো উন্মোচনৰ বাবে নিজে উপস্থিত হৈছিল শিল্পীগৰাকী । অন্যদিনৰ তুলনাত সেইদিনা সময়ৰ পূৰ্বে 'মেলডী হাউছ' উন্মোচন কৰিবলৈ আহিছিল শিল্পীগৰাকী । উন্মোচনৰ পাছত প্ৰশংসাও কৰিছিল বিশালৰ ।

a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
জুবিনলৈ অনুৰাগীৰ শ্ৰদ্ধা (Photo : ETV Bharat Assam)
a fan bishal hazarika makes a museum keeping zubeen garg's 38,000 songs albums
জুবিনৰ 38 হাজাৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় (Photo : ETV Bharat Assam)

উল্লখ্য যে, সেই সংগ্ৰহালয়টোৰ পৰা এটা ভিডিঅ’ ৰেকৰ্ড কৰি অনুৰাগীক দিছিল ছিংগাপুৰলৈ যোৱাৰ খবৰ । কোনেও ভবা নাছিল যে শিল্পীগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰা এই ভিডিঅ’টোৱে হ'ব তেওঁৰ অন্তিমটো ভিডিঅ’ । এই অবাঞ্চিত খবৰটো অহাৰ পাছৰে পৰা এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে 'মেলডী হাউছ'ত ।

লগতে পঢ়ক : জুবিনৰ গীতেৰেই আৰম্ভ হয় চিন্ময়ৰ প্ৰতিটো দিন

Last Updated : September 21, 2025 at 8:59 AM IST