‘‘ৰৈ ৰৈ বিনালে’’ৰ পৰা আঁতৰোৱা হ'ব সিদ্ধাৰ্থ-শেখৰজ্যোতি-অমৃতপ্ৰভাৰ ক্লিপ
ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি ‘‘ৰৈ ৰৈ বিনালে’’ ৰাজেশ ভূঞাৰ । ছবিখনৰ পৰা আঁতৰোৱা হ'ব শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ নাম আৰু দৃশ্যাংশ ।

Published : October 9, 2025 at 10:34 AM IST
গুৱাহাটী : ৩১ অক্টোবৰত মুক্তি লাভ কৰিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অভিনীত তথা প্ৰযোজিত শেষৰখন ছবি ‘‘ৰৈ ৰৈ বিনালে’’ । ইতিমধ্যে মহানগৰীৰ ৰ'য়েল গ্ল'বেল ইউনিভাৰ্চিটিত সম্পন্ন হয় ছবিখনৰ শেষৰ শ্বুটিং ।
‘‘ৰৈ ৰৈ বিনালে’’ ছবিখনৰ লগত নাম সাঙোৰ খাই আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্ৰভা মহন্তৰ । যাক লৈ অসমৰ ৰাইজে বিভিন্ন মন্তব্য কৰা দেখা গৈছিল ৷ সেয়ে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে জুবিন গাৰ্গ শেষৰখন ছবি ‘‘ৰৈ ৰৈ বিনালে’’ৰ পৰা আঁতৰোৱা হ'ব সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ নাম আৰু দৃশ্যাংশ ।
আনহাতে ছিংগাপুৰ যাত্ৰাৰ পূৰ্বে জুবিন গাৰ্গে এটা টোকা লিখিছিল ‘‘ৰৈ ৰৈ বিনালে’’ ছবিৰ পৰিচালক ৰাজেশ ভূঞালৈ । কি আছে এই টোকাত ? ই টিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত পৰিচালক ৰাজেশ ভূঞাই ক’লে ছবিখনৰ সন্দৰ্ভত বহু কথা ।
- ‘‘ৰৈ ৰৈ বিনালে’’ৰ পৰা আঁতৰোৱা হ'ব শেখৰজ্যোতি, অমৃতপ্ৰভা, সিদ্ধাৰ্থৰ ক্লিপ
মঙলবাৰে মুক্তিলাভ কৰিছিল জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত ‘‘মোৰ মন’’ ৷ এই গীতৰ এটা অংশত দেখা গৈছিল শেখৰজ্যোতি গোস্বামীক । ইয়াৰ পাছতে বহুজনে আহ্বান জনাইছিল ছবিখনৰ পৰা শেখৰজ্যোতি, অমৃতপ্ৰভা, সিদ্ধাৰ্থৰ ক্লিপ আঁতৰাই দিবলৈ । বুধবাৰৰ দিনটোত ‘‘ৰৈ ৰৈ বিনালে’’ৰ পৰা এই তিনিওগৰাকীৰে ক্লিপ আঁতৰোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে ।
এই সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাই কয়, ‘‘জুবিন গাৰ্গে তেওঁৰ ওচৰে-পাজৰে থকা মানুহখিনিক সকলোকে সমান দৃষ্টিৰে চাইছিল । সকলোকে তেওঁ সমান বুলি ভাবিছিল, ঠিক তেনেদৰে সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাকো নিজৰ বুলি ভাবিছিলে । আজি আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছো ।’’
তেওঁ আৰু কয়, ‘‘সেইদিনাৰ সেই ঘটনাটোৰ এতিয়াও প্ৰকৃত কাৰণ পোহৰলৈ নাই অহা । কি হ'ল তাৰ আমি উত্তৰ বিচাৰিছো । সেই উত্তৰ আমাক সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভা কোনেও দিব নাই পৰা । গতিকে আমি প্ৰযোজকগোষ্ঠীৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত আহিছো, যিসকলে তেওঁক আমাৰ মাজৰ পৰা আঁতৰাই পঠিয়ালে, যিসকলে তেওঁক লৈ অৱহেলা কৰিলে তেনেকুৱা কিছুমান দানৱ দেৱতাতুল্য জুবিন গাৰ্গৰ লগত একেশাৰীত থাকিব নোৱাৰে, গতিকে তেওঁলোকৰ যিখিনি ফুটেজ আছিলে, যিখিনি শ্বট আছিলে সেইখিনি আমি ৰিমোভ কৰাৰ সিদ্ধান্ত লৈছো ।’’
- জুবিন গাৰ্গৰ এখন চিঠি আছে ৰাজেশ ভূঞাৰ হাতত
ছিংগাপুৰত যোৱাৰ পূৰ্বে এখন চিঠি দি গৈছিল পৰিচালক ৰাজেশ ভূঞাৰ হাতত । সেই সন্দৰ্ভত ভূঞাই কয়, ‘‘15 ছেপ্টেম্বৰ দিনা আমি ছবিখনৰ সম্পাদনাৰ কাম কৰি আছিলো । জুবিন গাৰ্গও তাত আহিছিল । তাতে ছবিখনৰ প্ৰচাৰৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল । তেতিয়া জুবিন গাৰ্গে এই বাৰৰ প্ৰচাৰটো অকমান বেলেগ ধৰণে কৰিম বুলি উল্লেখ কৰিছিল ।’’
ভূঞাই আৰু কয়, ‘‘তেওঁ কৈছিল সকলোৱে মোৰ ওচৰলৈ আহে অট'গ্ৰাফ বিচাৰি, মোৰ সন্নিধ্য বিচাৰি । সকলোকে যিহেতু একেসময়ে লগ কৰা সম্ভৱ নহয়, গতিকে এনেকুৱা এটা কাম কৰিম যাতে সকলোৱে মোৰ সান্নিধ্যটো পায় । মই এটা অট'গ্ৰাফ দিম আৰু লগতে ৰাইজক ছবিখন চাবলৈ আহ্বান জনাম । সেই আহ্বানটোহে এটা টোকা লিখি থৈ গৈছিল আৰু সেইখিনিয়ে আমাৰ মাজত থকা জুবিন গাৰ্গ শেষ হাতৰ আখৰ ।’’
তেওঁ কয়, ‘‘সেইখিনিৰ লগতে জুবিনৰ এখন ফটো থাকিব, যিখিনি তেওঁ অনুৰাগী সকলৰ মাজত বিলাই দিয়া হ'ব । সেইখিনিয়ে তেওঁ ইচ্ছা কৰিছিল । এনেদৰেই তেওঁ ছবিখনৰ প্ৰচাৰ কৰিব বিচাৰিছিল । আমিও এনেধৰণে ছবিখন মুক্তিৰ পূৰ্বে যিমান পাৰো ৰাইজৰ মাজত বিলাই দিম ।’’
- কেনেদৰে আগবাঢ়িছে ৰৈ ৰৈ বিনালেৰ কাম
এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, ‘‘ছবিখনৰ আমি প্ৰায় অন্তিম পৰ্যায়ত আছো । বৰ্তমান ভিফেক্স, মিক্সিঙৰ লগতে সম্পাদনাৰ কাম চলি আছে । লগতে চাউণ্ড ডিজাইনিঙৰ কাম চলি আছে । বোম্বেই এইয়া দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে কৰি আছে । জুবিন গাৰ্গে 31 অক্টোবৰত ছবিখন মুক্তি দিয়াৰ আশা কৰিছিল আমিও সেইটো হিচাপে আগবাঢ়িছো । 31 অক্টোবৰ তাৰিখে আমি ছবিখন ৰাইজৰ মাজত মুকলি কৰি দিবলৈ সক্ষম হ’ম ।’’
- ৰৈ ৰৈ বিনালেক লৈ বহু সপোন আছিল জুবিনৰ
এই সন্দৰ্ভত ভূঞাই কয়, ‘‘এই ছবিখনক লৈ জুবিন গাৰ্গৰ বহু আশা আছিলে । চকুত লেঞ্চ লগাই বহুত কষ্ট কৰি শ্বুটিং কৰিছিল । মাত্ৰ 5%হে দেখা পাইছিল, চকুত লেঞ্চ লগাই নিজে অন্ধ হৈছে । তিনিমাহ তেনেদৰে কষ্ট কৰিছিল । 8-9 ঘণ্টা চকুত লেঞ্চযোৰ পিন্ধি থাকে । কেতিয়াও কোনো দিন আপত্তি কৰা নাছিলে । অনবৰতে ছবিখনৰ কথা কৈ আছিল । প্ৰথমখন মিউজিকেল ছবি এইখন । কাহিনী জুবিনৰ নিজৰ আছিল । ছবিখনৰ ফাইনেল প্ৰডাকটো জুবিনে চাব নোৱাৰিলে সেইটো দুখ আমাৰ সদায় থাকি যাব ।’’
উল্লেখ্য যে, ছিংগাপুৰৰ পৰা অহা পাছতে ছবিখনৰ ডাবিং কৰাৰ কথা আছিল জুবিনে । প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছতে ছবিখনৰ
ডাবিং কোনে কৰিব বুলি প্রশ্ন উত্থাপন কৰা হৈছিল । আজি ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই জনোৱা অনুসৰি ছবিখনত সম্পূৰ্ণ জুবিন গাৰ্গৰে ভইচ থাকিব । উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নিজৰে মাত স্পষ্ট কৰা হৈছে ।

