ETV Bharat / entertainment

ৰাজকীয় সন্মানেৰে ''ভাৰত কুমাৰ''ৰ অন্তিম সংস্কাৰ, বহু তাৰকাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন - MANOJ KUMAR FUNERAL

শনিবাৰ, ৫ এপ্ৰিল তাৰিখে ৰাজকীয় সন্মানেৰে ''ভাৰত কুমাৰ''ৰ নামেৰে পৰিচিত মনোজ কুমাৰৰ অন্তিম সংস্কাৰ কৰা হয় ।

MANOJ KUMAR FUNERAL
'ভাৰত কুমাৰ'ৰ অন্তিম সংস্কাৰ (Photo : Getty/ANI)
author img

By ETV Bharat Entertainment Team

Published : April 5, 2025 at 3:54 PM IST

2 Min Read

হায়দৰাবাদ : ‘‘ভাৰত কুমাৰ’’ নামেৰে জনপ্ৰিয় প্ৰবীণ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা মনোজ কুমাৰৰ মৃতদেহ শনিবাৰে মুম্বাইৰ জুহু শ্মশানলৈ লৈ যোৱা হয়, য’ত তেওঁক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে দাহ কৰা হয় । এই সময়ছোৱাত অমিতাভ বচ্চন আৰু ছেলিম খানৰ দৰে প্ৰবীণ অভিনেতাকে ধৰি বহু বি-টাউন চেলেব্ৰিটীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

মনোজ কুমাৰৰ মৃতদেহ তেওঁৰ মুম্বাই বাসগৃহলৈ অনাৰ পিছত পৰিয়ালৰ সদস্য, বলীউডৰ তাৰকা আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনায় । বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন, অভিষেক বচ্চন, চেলিম খানকে ধৰি আন আন শিল্পীয়ে মনোজ কুমাৰক অশ্ৰপসিক্ত নয়নেৰে বিদায় দিয়ে ।

ভিলে পাৰ্লে শ্মশানত মনোজ কুমাৰৰ শেষকৃত্য সম্পন্ন কৰা হয়, য’ত তেওঁক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হয় । প্ৰট’কল অনুসৰি কুমাৰৰ মৃতদেহ ভাৰতীয় জাতীয় পতাকাত মেৰিয়াই অনা হয় । মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালৰ পৰা প্ৰয়াত অভিনেতাজনৰ মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্সখন ফুলৰ মালাৰে সজাই তোলা হয় । ইফালে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত কুমাৰৰ পত্নী শশী গোস্বামী শোকত ভাগি পৰা পৰিলক্ষিত হয় ।

মনোজ কুমাৰৰ দেশপ্ৰেমমূলক ছবিয়ে তেওঁক হিন্দী চিনেমা জগতৰ এক প্ৰিয় ব্যক্তিত্ব কৰি তুলিছিল । শ্বহীদ (১৯৬৫), উপকাৰ (১৯৬৭), পূৰব ঔৰ পশ্চিম (১৯৭০) আৰু ক্ৰান্তি (১৯৮১) ছবিত কৰা অভিনয়ে তেওঁক জনপ্ৰিয় কৰি তুলিছিল । তেওঁৰ ছবিসমূহে জাতিৰ প্ৰতি প্ৰেম আৰু দেশক লৈ গৌৰৱ কৰিবলৈ শিকাইছিল, যাৰ ফলত তেওঁ "ভাৰত কুমাৰ" উপাধি লাভ কৰিছিল ৷

অভিনয়ৰ উপৰিও কুমাৰে প্ৰায় চাৰি দশক দীঘলীয়া কেৰিয়াৰত পৰিচালক, প্ৰযোজক আৰু লেখক হিচাপেও কাম কৰিছে । উপকাৰ শীৰ্ষক যিখন ছবিৰে তেওঁ পৰিচালক হিচাপে অভিষেক ঘটাইছিল সেই ছবিখনে দ্বিতীয় স্থানৰ বাবে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ।

তেওঁৰ আন আন উল্লেখনীয় ছবি যেনে পূৰব ঔৰ পশ্চিম আৰু ৰোটী কপড়া ঔৰ মকান (১৯৭৪) বহুলভাৱে প্ৰশংসিত হৈছিল আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল ।

অভিনেতাগৰাকীয়ে পদ্মশ্ৰী (১৯৯২) আৰু দাদাচাহেব ফাল্কে বঁটা (২০১৫) লাভ কৰিছিল । তেওঁৰ মৃত্যুৱে হিন্দী চিনেমাৰ জগতত এটা যুগৰ অৱসানে ঘটালে ।

লগতে পঢ়ক : মনোজ কুমাৰ অভিনেতাতকৈ এজন ডাঙৰ লেখক আছিল : আশা পাৰেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.