ETV Bharat / entertainment

মনোজ কুমাৰৰ মৃত্যু: ৰাজনীতিৰ পৰা বিনোদন জগতলৈ বৈছে শোকৰ বন্যা

মনোজ জীৰ সৃষ্টিৰাজিয়ে জাতীয় গৌৰৱৰ ভাৱ জগাই তুলিছে আৰু ইয়ে প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব । ক'লে প্ৰধানমন্ত্ৰীয়ে ৷

Manoj Kumar Demise PM Modi and bollywood stars express condolence on actor death
মনোজ কুমাৰৰ মৃত্যু (Photo: ANI/ Getty)
author img

By ETV Bharat Entertainment Team

Published : April 4, 2025 at 11:16 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় চিনেমাৰ প্ৰবীণ অভিনেতা তথা দাদাচাহেব ফাল্কে বঁটা বিজয়ী মনোজ কুমাৰৰ ৮৭ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ । উকা হৈ পৰিল এটা পৃষ্ঠা ৷ ৰাজনীতিৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈকে চেলেব্ৰিটীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । Xত মনোজ কুমাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে । ইয়াৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত বলীউডৰ বহু তাৰকাই তেওঁৰ মৃত্যুক হিন্দী চিনেমা জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী মোদীয়ে Xত লিখিছে,"মহান অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰ জীৰ মৃত্যুত গভীৰভাৱে দুখী । তেওঁ ভাৰতীয় চিনেমাৰ আইকন আছিল, বিশেষকৈ তেওঁক দেশপ্ৰেমৰ উৎসাহ যোগোৱাৰ বাবে স্মৰণ কৰা হৈছিল, যিটো তেওঁৰ ছবিত প্ৰতিফলিত হৈছিল । মনোজ জীৰ সৃষ্টিৰাজিয়ে জাতীয় গৌৰৱৰ ভাৱ জগাই তোলে আৰু ইয়ে প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব । দুখৰ এই সময়ছোৱাত মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে । ওম শান্তি "

শিল্পীসকলৰ ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ

গীতিকাৰ মনোজ মুণ্টাশ্বিৰে লিখিছে,"মই গোটেই জীৱন গৌৰৱ কৰি আহিছো আৰু কৰিম যে মোৰ নামটোৰ আপোনাৰ নামৰ সৈতে মিল আছে । আপোনাৰ ছবিবোৰে দেশপ্ৰেমৰ প্ৰথম পাঠ শিকাইছিল । ভাৰত কুমাৰে মোক ভাৰতক ভাল পাবলৈ শিকাইছিল । আপুনি নাথাকিলে মোৰ সহজ কলমেৰে 'তেৰী মিট্টী' লিখিবলৈ বাধ্য কৰাব পৰাকৈ কোনো স্ফুলিংগ নাথাকিলহেঁতেন । বিদায় মোৰ নায়ক ! শান্তি ৷"

শোক প্ৰকাশ কৰি অক্ষয় কুমাৰে লিখিছে,"তেওঁৰ পৰা শিকি ডাঙৰ হৈছো যে আমাৰ দেশৰ প্ৰতি প্ৰেম আৰু গৌৰৱতকৈ ডাঙৰ অনুভৱ নাই আৰু আমি অভিনেতাসকলে যদি এই অনুভৱ দেখুৱাবলৈ আগবাঢ়ি নাহো, তেন্তে কোনে দেখুৱাব ? ইমান মহান মানুহ আৰু আমাৰ ভ্ৰাতৃত্ববোধৰ অন্যতম বৃহৎ সম্পদ । RIP মনোজ ছাৰ, ওম শান্তি ৷"

জেকী শ্ৰফে ভগা হৃদয়ৰ ইম’জীৰ সৈতে প্ৰবীণ অভিনেতাগৰাকীৰ এখন ফটো শ্বেয়াৰ কৰিছে । অভিনেত্ৰী তথা ৰাজনীতিবিদ খুশবু সুন্দৰে মনোজ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়,"দাদাচাহেব ফাল্কে বঁটা বিজয়ী, মহান অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰ চাহাবৰ মৃত্যুত অত্যন্ত দুখী । তেওঁক সদায় মিষ্টাৰ ইণ্ডিয়া হিচাপে স্মৰণ কৰা হ’ব, কাৰণ তেওঁ আমাক সদায় ৰুটি, কাপোৰ আৰু কৃষকৰ কথা সোঁৱৰাই দিছিল । আমাৰ সততা আৰু দেশপ্ৰেম, আমাৰ সংস্কৃতি আৰু আমাৰ শিপা ৷ আপোনাক বহুত মনত পেলোৱা হ’ব ছাৰ । আত্মাই চিৰশান্তি লাভ কৰক "

শনিবাৰে ​​হ'ব অন্ত্যেষ্টিক্ৰিয়া

প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি তেওঁৰ পুত্ৰ কুণাল গোস্বামীয়ে কয়, "তেওঁ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল । শান্তিৰে এই পৃথিৱীৰ পৰা বিদায় লোৱাটো ভগৱানৰ কৃপা । কাইলৈ ​​তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ’ব ৷"

লগতে পঢ়ক : ইনছান ইছ দুনীয়া মে চাৰ দিন কি জিন্দেগী গুজাৰনে আতা হে... ! কিংবদন্তি অভিনেতা মনোজ কুমাৰ আৰু নাই