ETV Bharat / entertainment

শ্ব’বিজৰ মায়া এৰিব পৰাটো কম কথানে ? কুলকাৰ্ণীয়েই একমাত্ৰ নহয় - ACTRESSES WHO LEFT SHOWBIZ

অভিনেত্ৰী মমতা কুলকাৰ্ণী এতিয়াৰ পৰা সন্ন্যাসী ৰূপে জনাজাত হৈ পৰিব । জানো আহক কিমানগৰাকী সুন্দৰীয়ে এইদৰে সন্ন্যাসীৰ জীৱন আঁকোৱালি লৈছে ৷

Mamta Kulkarni becomes Mahamandleshwar Yamai Mamta Nandgiri, Actresses who dedicated their life for Dharma and Spirituality
শ্ব’বিজ এৰা তাৰকা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 25, 2025 at 6:46 PM IST

3 Min Read

হায়দৰাবাদ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত বলীউডৰ মোহময়ী অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে লাইমলাইটৰ জগত এৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ পথ গ্ৰহণ কৰিছে । শুকুৰবাৰে (২৪ জানুৱাৰী) মমতা কুলকাৰ্ণীক কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ হিচাপে নিযুক্তি দিয়া হয় ৷ তেওঁ নিজৰ জীৱনটো ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি উছৰ্গা কৰা অন্যতম সুন্দৰী ৷ ইয়াৰ পূৰ্বে মহাকুম্ভত মডেল হৰ্ষা ৰিচাৰিয়াই সন্ন্যাসী হৈ শিৰোনাম দখল কৰিছিল ৷

আধ্যাত্মিকতাৰ পথ আঁকোৱালি লোৱা প্ৰথমগৰাকী অভিনেত্ৰী নহয় মমতা কুলকাৰ্ণী । ইয়াৰ আগতেও বহু অভিনেত্ৰীয়ে নিজৰ বিলাসী জীৱন এৰি এই পথত অগ্ৰসৰ হৈছিল ।

মমতা কুলকাৰ্ণী

মমতা কুলকাৰ্ণীৰ বাবে ধৰ্ম আৰু আধ্যাত্মিকতাৰ পথ গ্ৰহণ কৰাটো সহজ নাছিল । ইয়াৰ বাবে তেওঁ ২৩ বছৰ ধৰি তপস্যা কৰিছে । তেওঁ গুৰু দীক্ষা গ্ৰহণ কৰিছে । মহামণ্ডলেশ্বৰ উপাধি লাভ কৰিবলৈ তেওঁ ধাৰাবাহিক পৰীক্ষা দিছিল । সংবাদ মাধ্যমৰ সৈতে কথা পাতি মমতা কুলকাৰ্ণীয়ে কয় যে আখাড়াৰ শীৰ্ষ মহামণ্ডলেশ্বৰসকলে তেওঁৰ পৰীক্ষা লৈছিল, য’ত তেওঁ উত্তীৰ্ণ হৈছিল ।

নূপূৰ অলংকাৰ

৯০ দশকৰ বিখ্যাত শ্ব’ ‘শক্তিমান’ৰ কথা মনত আছেনে ? এই শ্ব’টোত গীতা বিশ্বাসৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰা নূপূৰ অলংকাৰেও শ্ব’বিজৰ জগত এৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ জগতখনক আঁকোৱালি লৈছিল । নূপূৰে প্ৰায় ১৫৭ টা টিভি শ্ব’ত কাম কৰিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি নুপুৰে স্বামীক এৰি দান-বৰঙণি বিচাৰি জীৱন কটাইছে ।

ইশিকা তানেজা

মিছ ইণ্ডিয়া ২০১৭ বিজয়ী আৰু মিছ ৱৰ্ল্ড টুৰিজমত বিজনেছ উইমেন অফ দ্য ৱৰ্ল্ড খিতাপ বিজয়ী ইশিকা তানেজাও এগৰাকী সাধ্বী হৈ পৰিছে । মধুৰ ভাণ্ডাৰকাৰৰ ছবি ইন্দু সৰকাৰত তেওঁক দেখা গৈছিল । ইয়াৰ উপৰিও বিক্ৰম ভাটৰ ‘হাদ’ শ্ব’তো তেওঁক দেখা গৈছে । বিলাসী জীৱন যাপন কৰা ইশিকাই এতিয়া কেশৰৰঙী বস্ত্ৰ পিন্ধি সাধ্বী হৈ পৰিছে ৷ শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতী মহাৰাজৰ পৰা দীক্ষা লৈ ধৰ্মৰ পথত আগবাঢ়ি গৈছে তেওঁ । ইশিকাৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো দুবাৰকৈ লিপিবদ্ধ কৰা হৈছে । প্ৰথমবাৰৰ বাবে ১ ঘণ্টাত ৬০ গৰাকী ছোৱালীৰ মেকআপ কৰি গিনিজ বুকত অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ ৷ দ্বিতীয়বাৰৰ বাবে ‘মন কি বাত’ পঢ়ি অভিলেখ গঢ়ে তানেজাই ।

নীতা মেহতা

৭০-৮০ৰ দশকৰ সুন্দৰী অভিনেত্ৰী নীতা মেহতাই অভিনয় আৰু সৌন্দৰ্যৰে চিনেমা জগতত আলোড়নৰ সৃষ্টি কৰিছিল । সেই যুগৰ সুন্দৰী অভিনেত্ৰীৰ ভিতৰত তেওঁক গণ্য কৰা হৈছিল । পৰিয়ালৰ বিৰুদ্ধে গৈ চিনেমা জগতত প্ৰৱেশ কৰিছিল তেওঁ । কিন্তু পিছত অভিনয় ত্যাগ কৰি সন্ন্যাসী হৈ পৰে । কেৱল এয়াই নহয়, নামো সলনি কৰে তেওঁ । এতিয়া তেওঁ স্বামী নিত্যমন গিৰি নামেৰে পৰিচিত ।

বৰখা মদন

অক্ষয় কুমাৰৰ সৈতে 'খিলাড়ীয়ো কা খিলাড়ী'ত কাম কৰা বৰখা মদনো সন্ন্যাসী হৈ পৰিছে । তেওঁ বহুতো চলচ্চিত্ৰত কাম কৰিছিল । তেওঁ সুস্মিতা সেন আৰু ঐশ্বৰ্য ৰায়ৰ সৈতে মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ শীৰ্ষ প্ৰতিযোগীও আছিল । শ্ব’বিজৰ পৃথিৱী এৰি বৰখা এগৰাকী সন্ন্যাসিনী হৈ পৰিছে । তেওঁ তেওঁৰ নাম সলনি কৰি গ্যালতেন ছামটেন ৰাখিছে ।

লগতে পঢ়ক : আধ্যাত্মিকতাৰ দিশে খোজ দিলে অভিনেত্ৰী-মিছ ৱৰ্ল্ড টুৰিজম ২০১৭ ইশিকা তানেজাই

আত্মপ্ৰকাশ কৰা ছবিখনেই হৈছিল ডাঙৰ হিট, কিন্তু মোহ এৰি আঁকোৱালি ল’লে আধ্যাত্মিকতাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.