ETV Bharat / entertainment

লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ ৰাসৰ নাট মেলা পৰ্ব

মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব ৷ সাজু হৈছে মাজুলীবাসী ৷

majuli raas festival rehearsals starts on the day of lakshmi Purnima for stage plays in view of upcoming raas mahotsav
আৰম্ভ ৰাসৰ নাট মেলা পৰ্ব (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 6, 2025 at 1:33 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী: আজি লক্ষ্মী পূৰ্ণিমা । এই লক্ষ্মী পূৰ্ণিমাৰ দিনটোতে মাজুলীত আৰম্ভ হয় ৰাসৰ নাট মেলা পৰ্ব । আজিৰে পৰা যেন গকুল-মথুৰা-বৃন্দাবনলৈ পৰিণত হ’ব মাজুলী ! কৃষ্ণৰ বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত হ’ব মাজুলীৰ আকাশ-বতাহ ৷

আজিৰে পৰা এমাহজোৰা আখৰাৰ অন্তত ৰাস পূৰ্ণিমাৰ দিনাই অনুষ্ঠিত হ’ব মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । ৰাস আৰু মাজুলীৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । ৰাস বুলিলেই পোন প্ৰথমে সত্ৰপীঠ মাজুলীৰ কথাই সকলোৰে মনলৈ আহে ।

আৰম্ভ ৰাসৰ নাট মেলা পৰ্ব (ETV Bharat Assam)

আজি মাজুলীৰ ভিন্ন ঠাইত ৰাসৰ নাট মেলা আৰম্ভ হৈছে । আজিৰে পৰা সকলোতে চলিব ৰাসৰ আখৰা । অক, বক ,কেশী, পুতনা, কংস বধৰ আখৰা চলিব ৷ ব্যতিক্ৰমী মাজুলীত শৰৎ কাল বুলিলেই ৰাসোৎসৱৰ কথাকেই মনলৈ আহে ।

শৰতৰ স্নিগ্ধ জোনাক নিশা পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দূবৰিত শেৱালিৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান ৷ নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈছে ৰাস মহোৎসৱ ।

“শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন... ৷’’ মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ হাঁহি । মাজুলীৰ অৰ্ন্তভাগত লহপহীয়া হোৱা সেউজীয়া পথাৰে সজাল কুঁৱলীৰ ওৰণি টানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কঁহুৱা ফুলৰ নাচোনত মাজুলীৰ সৌন্দৰ্য দুগুণে চৰিছে । অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকক । পূৰ্বৰ দৰে এইবাৰো ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহ ।

majuli raas festival rehearsals starts on the day of lakshmi Purnima for stage plays in view of upcoming raas mahotsav
ৰাস পূৰ্ণিমাৰ দিনাই অনুষ্ঠিত হ’ব মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ (Photo : ETV Bharat Assam)

শাৰদীয় ৰাস উৎসৱৰ আনন্দত বিলীন সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাসগীতৰ মধুৰ ধ্বনিৰে আজিৰে পৰা মুখৰিত হ’ব নদীদ্বীপ মাজুলী । পৰম্পৰা অনুসৰি লক্ষ্মী পূৰ্ণিমাৰ পৰাই মাজুলীত আৰম্ভ হয় শিশু কৃষ্ণৰ জন্মলীলাৰ মহাৰাসৰ আখৰা ৷ আজিৰ পৰা মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু প্ৰায় 12 খনকৈ সত্ৰত ধৰ্মীয় পৰম্পৰা অনুসৰি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট মেলা পৰ্ব আৰম্ভ হৈছে ৷

majuli raas festival rehearsals starts on the day of lakshmi Purnima for stage plays in view of upcoming raas mahotsav
সাজু হৈছে মাজুলীবাসী (Photo : ETV Bharat Assam)

ৰাসৰ লগত জড়িত এগৰাকী লোকে সংবাদ মাধ্যমৰ আগত কয়, “বিগত বৰ্ষসমূহৰ দৰে এইবছৰো তিনিদিনীয়াকৈ এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হৈছে । অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যোৱাৰ পিছত প্ৰতিজন অসমীয়া শোকত ম্ৰিয়মাণ হৈ আছে, তথাপিও পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বিগত বছৰৰ দৰে এইবছৰো তিনিদিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । গতিকে সমগ্র অসমবাসী ৰাইজক এই ৰাস মহোৎসৱ দৰ্শন কৰিবলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছো ।”

লগতে পঢ়ক : ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ কেতিয়া লৈছিল জুবিন গাৰ্গে