ETV Bharat / entertainment

আমি নেভাগৰো... আমি নেপাহৰো! ন্যায় আমাক লাগিবই... শিল্পী সমাজে আৰম্ভ কৰিলে ডিজিটেল প্ৰতিবাদ

#JusticeForZubeenGarg: 13 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শিল্পী সমাজৰ আহ্বানত আৰম্ভ ডিজিটেল প্ৰতিবাদ ৷

artists call for a digital protest seeking justice for sudden death of Zubeen Garg
আৰম্ভ হৈছে ডিজিটেল প্ৰটেষ্ট (Photo : Garima Saikia Garg Facebook)
author img

By ETV Bharat Entertainment Team

Published : October 13, 2025 at 12:51 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চাওতে চাওতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা এমাহ হ’বৰ হ’ল ৷ এতিয়াও বহুতৰে এইটো কথাৰ সৈতে মোকাবিলা কৰিব নোৱৰা অৱস্থা ! ভাবিলেই কিবা সাঁথৰ সাঁথৰ যেন লাগে ৷ দিনক দিনে জুবিনৰ মৃত্যু যেন অধিক ৰহস্যঘন হৈ পৰিছে, প্ৰকাশ পোৱা বাতৰিসমূহে সেই কথাই প্ৰমাণ কৰিছে ৷

আজি পৰ্যন্ত মুকলি নহ’ল জুবিনৰ মৰণোত্তৰ প্ৰতিবেদন ৷ নিতৌ কান্দি থকা সাধাৰণ মানুহে জানিবই পৰা নাই প্ৰিয় শিল্পীগৰাকীৰ সৈতে দৰাচলতে হৈছিল কি ? শিশুসুলভ মনৰ মানুহজনকো কোনোবাই নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিব পাৰেনে ?

বহুত কথাৰ উত্তৰ বিচাৰি ৰাইজে সামাজিক মাধ্যমত তোলপাৰ লগাইছে ৷ বহুতে বহুত কথাই লিখিছে কিদৰে জুবিনক তেওঁৰ কাষৰীয়া মানুহে ব্যৱহাৰ কৰিছিল ৷ জুবিনৰ দৰে অসমৰ এটা আপুৰুগীয়া সম্পদ মানুহে কিদৰে চম্ভালি ৰাখিব লাগিছিল আৰু মানুহে তেওঁৰ বিশ্বাসী হৈ কৰিলে কি ?

এতিয়া জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও জানিব বিচাৰিছে প্ৰকৃত ঘটনা ৷ ভগ্নী পামী বৰঠাকুৰেও বিচাৰিছে ভাতৃৰ মৃত্যুৰ উচিত তদন্ত ৷ শিল্পীসমাজৰো বহু সংখ্যকেই নিজৰ মনৰ বতৰা প্ৰকাশ কৰি আছে সামাজিক মাধ্যমযোগে ৷ মৈত্ৰেয়ী পাটৰ, অমৃতা গগৈ, দীক্ষু শৰ্মা, শংকুৰাজ কোঁৱৰ, নীলোৎপল বৰা, যতীন বৰা, ৰবি শৰ্মাকে আদি কৰি সকলোৱে ফেচবুক ইনষ্টাগ্ৰামযোগে জুবিনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ন্যায় আশা কৰিছে ৷

সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মেনেজাৰ হোৱাৰ পূৰ্বে জুবিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বহুতেই এতিয়া সংবাদ মাধ্যম আৰু নিজৰ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বহু নজনা কথা প্ৰকাশ কৰিছে ৷ সকলোৰে মুখে মুখে এটাই কথা-সহজ সৰল মনৰ জুবিন গাৰ্গক টকাৰ বাবেই কেইটামানে যন্ত্ৰ কৰি পেলালে ৷ কাষতে থাকিও কেতিয়াও তেওঁৰ স্বাস্থ্যৰ যত্ন নল’লে ৷ জুবিনৰ মৃত্যুৰ দায়ী প্ৰত্যকেই উচিত শাস্তি পোৱাৰ দাবীৰে এতিয়া আৰম্ভ কৰা হৈছে ডিজিটেল প্ৰটেষ্ট ৷

লগতে পঢ়ক : জুবিনৰ আকস্মিক মৃত্যুৰ ন্যায় কেতিয়া ?