ETV Bharat / entertainment

ডেটিঙৰ উৰাবাতৰিক লৈ মৌনতা ভংগ মাহিৰা-মহম্মদৰ

মাহিৰা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজে ডেটিঙৰ উৰাবাতৰিক লৈ মৌনতা ভংগ কৰিছে । এই সন্দৰ্ভত দুয়োৱে নিজ নিজ বক্তব্য দাঙি ধৰিছে ।

MAHIRA SHARMA MOHAMMED SIRAJ
মৌনতা ভংগ মাহিৰা-মহম্মদৰ (Photo : IANS)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 11:52 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অভিনেত্ৰী মাহিৰা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ ডেটিঙৰ বাতৰিয়ে বহু সময় ধৰি শিৰোনামা দখল কৰি আছে ৷ মাহিৰা প্ৰায়ে পাপাৰাজ্জীৰ পৰা তেওঁলোকৰ কথিত সম্পৰ্কক লৈ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় । অৱশ্যে এতিয়া দুয়ো তাৰকাই জল্পনা-কল্পনাৰ অন্ত পেলাইছে ।

মাহিৰা আৰু ছিৰাজৰ সম্পৰ্ক সন্দৰ্ভত কেইবামাহো ধৰি জল্পনা-কল্পনা চলি আহিছে । শেহতীয়াকৈ মাহিৰাই এক অনুষ্ঠানত অংশ লৈছিল য’ত তেওঁক আই পি এল ২০২৫ৰ বিষয়ে সোধা হৈছিল । কেৱল সেয়াই নহয়, পাপাৰাজ্জীয়ে তেওঁক ক্ৰিকেটাৰগৰাকীৰ নাম লৈয়ো জোকাইছিল, যিয়ে চলি থকা উৰাবাতৰিবোৰত আৰু অধিক ইন্ধন যোগ কৰিছিল । এটা ভিডিঅ’ত পাপাৰাজ্জীয়ে, “কাইলৈ ​​(২২ মাৰ্চ)ৰ পৰা আৰম্ভ হ’ব আই পি এল’ , মাহিৰা জী, আপুনি কাৰ পক্ষত আছে, আপুনি কোনটো দলক সমৰ্থন কৰিছে, আপোনাৰ প্ৰিয় দল কোনটো” ? বুলি প্ৰশ্ন কৰা শুনা যায় ৷

ডেটিং সন্দৰ্ভত মাহিৰা শৰ্মাৰ বক্তব্য

উৰাবাতৰিবোৰ বাঢ়ি অহা দেখি মাহিৰা আৰু ছিৰাজ দুয়োৱে শেহতীয়াকৈ নিজৰ মৌনতা ভংগ কৰিছে । ইনষ্টাগ্ৰামৰ জৰিয়তে মাহিৰাই নিজৰ ডেটিং লাইফৰ সত্যতা প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই ৷ ২১ মাৰ্চত মাহিৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে, “উৰাবাতৰি বিয়পোৱা বন্ধ কৰক । মই কাকো ডেট কৰি থকা নাই ।”

MAHIRA SHARMA MOHAMMED SIRAJ
মাহিৰা শৰ্মাৰ ইনষ্টা ষ্ট’ৰী (Photo : Instagram)

ডেটিং উৰাবাতৰিত ফুলষ্টপ লগালে ছিৰাজেও

ক্ৰিকেটাৰ মহম্মদ ছিৰাজেও ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰীৰ জৰিয়তে এই চলি থকা বাতৰিবোৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, য’ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰশ্ন কৰা বন্ধ কৰিবলৈ আহ্বান জনায় । অৱশ্যে আলোচনা বন্ধ কৰিবলৈ কোৱাৰ কিছু সময়ৰ পাছতে ছিৰাজে পোষ্টটো ডিলিট কৰি দিয়ে । ছিৰাজে লিখিছিল, “মই পাপাৰাজ্জীক অনুৰোধ কৰিছো যে মোৰ চৌপাশে প্ৰশ্ন কৰা বন্ধ কৰক । এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । আশা কৰো ইয়াৰ অন্ত পৰিব ।”

মাহিৰা শৰ্মা আৰু মহম্মদ ছিৰাজৰ বিষয়ে

মাহিৰা শৰ্মা পূৰ্বতে সম্পৰ্কত আছিল ‘বিগ বছ ১৩’ত চিনাকি হোৱা পৰশ ছাব্ৰাৰ সৈতে । সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছিল যদিও অজ্ঞাত কাৰণত ২০২৩ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে ।

আনহাতে ৭ বছৰ ধৰি আৰ চি বিৰ হৈ খেলা মহম্মদ ছিৰাজে এতিয়া আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ হৈ খেলিব । ৮৭খন মেচত ৮৩টা উইকেট দখল কৰি তেওঁ আৰ চি বিৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় । তেওঁৰ শ্ৰেষ্ঠ ছিজন আছিল ২০২৩, য’ত তেওঁ ১৪খন মেচত ১৯টা উইকেট দখল কৰিছিল ।

লগতে পঢ়ক : এইবাৰ কোন বলীউড সুন্দৰীৰ প্ৰেমত তাৰকা ক্ৰিকেটাৰ ?