ETV Bharat / entertainment

অভিনেতা হিচাপে ফ্লপ হোৱা এজনৰ বাবে ভাগ্য জিলিকি উঠিল মাধুৰী দীক্ষিতৰ

অভিষেক হোৱাৰ পাছত ৫ বছৰলৈকে এখনো হিট ছবি নথকা বলীউডৰ ‘ঢক-ঢক গাৰ্ল’ মাধুৰী দীক্ষিতৰ বাবে গডফাদাৰ হিচাপে প্ৰমাণিত হ’ল এইগৰাকী পৰিচালক ।

MADHURI DIXIT BIRTHDAY
মাধুৰী দীক্ষিত (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : May 15, 2025 at 2:51 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বলীউডৰ মোহিনী বা ঢক-ঢক গাৰ্ল বুলি জনাজাত মাধুৰী দীক্ষিতে নিজৰ সৌন্দৰ্যৰে অনুৰাগীৰ হৃদয়ত বিশেষ ঠাই এডোখৰ দখল কৰি থৈছে । আজি ১৫ মে'ত ৰাম লখনৰ অভিনেত্ৰীগৰাকীয়ে ৫৮ বছৰ সম্পূৰ্ণ কৰিলে । বিশেষ দিনটোত মাধুৰী দীক্ষিতৰ অনুৰাগীসকলে তেওঁক বহুত অভিনন্দন জনাইছে ।

আশীৰ দশকৰ ধুনীয়া অভিনেত্ৰী মাধুৰীয়ে আবোধ ছবিখনেৰে বলীউডত অভিষেক ঘটাইছিল ৷ তাৰ পাছত বহু ছবি কৰে যদিও কোনো এখন ছবিও হিট হোৱা নাছিল । অভিনেতা হ’বলৈ বুলি ওলাই অহা ব্যক্তি এজন ভাগ্যৰ পাকচক্ৰত পৰি পৰিচালক হৈ পৰে, যিয়ে মাধুৰীৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিছিল ।

মাধুৰী দীক্ষিতৰ অভিষেক

১৯৮৪ চনত আবোধ ছবিৰ জৰিয়তে মাধুৰীয়ে বলীউডত আত্মপ্ৰকাশ কৰিছিল । এই ছবিখনত তেওঁক বাংলা অভিনেতা তাপস পলৰ বিপৰীতে দেখা গৈছিল । এইখন আছিল তাপসৰ বলীউডৰ প্ৰথম ছবি । ইয়াৰ পিছত মাধুৰীয়ে আৱৰা বাপ (১৯৮৫), স্বাতী (১৯৮৬), হিফাজত, উত্তৰ দক্ষিণ, মোহৰা (১৯৮৭), খট্ৰো কে খিলাড়ী, দয়াবান, তেজাব (১৯৮৮) আৰু ৱৰ্দী (১৯৮৯) ছবিত অভিনয় কৰিছিল যদিও কোনো স্বীকৃতি লাভ কৰা নাছিল । সেই সময়তে অভিনেতা হিচাপে চিনেমাত ফ্লপ হোৱা সুভাষ ঘাইয়ে চলচ্চিত্ৰ পৰিচালক হোৱাৰ সিদ্ধান্ত লয় ।

পৰিচালকে সলনি কৰিলে ভাগ্য

একেৰাহে ৯ খন হিট ছবি (কালিচৰণ, বিশ্বনাথ, গৌতম গোবিন্দ, কৰ্জ, ক্ৰোধি, বিধাতা, হিৰো, কৰ্ম) পৰিচালনা কৰাৰ পিছত সুভাষ ঘাইয়ে ১৯৮৯ চনৰ ৰাম-লখন ছবিত অনিল কাপুৰৰ বিপৰীতে মাধুৰী দীক্ষিতক কাষ্ট কৰে । ইয়াৰ পিছত মাধুৰীয়ে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নাই হোৱা । ৰাম লখনৰ পিছত মাধুৰীক সুভাষ ঘাই পৰিচালিত আৰু সঞ্জয় দত্ত, জেকী শ্ৰফ অভিনীত ছবি ‘খলনায়ক’ত দেখা গৈছিল, যিখন ছবি এতিয়াও ব্লকবাষ্টাৰ তালিকাত অন্তৰ্ভুক্ত । মাধুৰী দীক্ষিতক শেহতীয়াকৈ মঞ্জুলিকাৰ চৰিত্ৰত দেখা গৈছিল ভুল ভুলইয়া ৩ (২০২৪) ছবিত ।

পৰিচালনাৰ দিশলৈ যোৱাৰ পূৰ্বে সুভাষ ঘাইয়ে আৰাধনা (১৯৬৯), উমংগ (১৯৭০), দো বাচ্চে দশ হাথ (১৯৭২) আৰু ধমকী (১৯৭৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল যদিও ভাগ্যই তেওঁৰ বাবে আন কিবা এটা সাঁচি ৰাখিছিল । তাৰ পিছত তেওঁ প্ৰথমখন ছবি কালিচৰণ (১৯৭৬) পৰিচালনা কৰে, যিখন ছবি ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হয় । ২০০৬ চনৰ ইকবাল ছবিৰ নিৰ্মাতা হিচাপেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে সুভাষ ঘাইয়ে ।

লগতে পঢ়ক : পৱনদীপ ৰাজনৰ স্বাস্থ্যৰ উন্নতি, হেণ্ড ব্ৰেচ লৈ চিকিৎসালয়ৰ বিচনাৰ পৰাই গান গাইছে ‘ইণ্ডিয়ান আইডল ১২’ বিজয়ীয়ে